newsnextone.com | ডিব্ৰুগড়ঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে অসমৰ থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা নহয় বুলি মত পোষণ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সোমবাৰে এক বিবৃতি যোগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সম্পাদক পলাশ চাংমায়ে এক বিবৃতি যোগে অসমত শীঘ্ৰে  আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।

বিবৃতি যোগে সংগঠনটোৱে কয় যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা নহয় ৷ দীৰ্ঘ আন্দোলনৰ পিছতো অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি যাৰ বাবে অসমীয়া জাতি আজি অস্তিত্বৰ সংকটত বুলি কয়।

স্বাধীনোত্তৰ কালৰে পৰা অসমলৈ হোৱা বহিঃৰাষ্ট আৰু বহিঃৰাজ্যৰ প্ৰব্ৰজনে অসমীয়া জাতিক অসমত এঘৰীয়া কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা বিগত চাৰিটা দশক ধৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ পৰিষদৰ এই নায্য দাবী কেন্দ্ৰীয় চৰকাৰে যথা সময়ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হেঁতেন আজি অসমতে অসমীয়া জাতি ভগনীয়া স্বৰূপ নহল হেতেঁন বুলি কয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সম্পাদক পলাশ চাংমায়ে।

বিদেশী আৰু বহিৰাগৰ অগ্ৰাসনত অসমীয়া জাতীৰ অস্তিত্ব ৰক্ষাৰ অন্তিম পথ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ। ইয়াক শীঘ্ৰে প্ৰৱৰ্তন কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই। সেয়েহে পৰিষদে অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰিছে ৷ কাৰ্যসূচী অনুসৰি অহা ১৭ আগষ্টত সমগ্ৰ অসমতে পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে জিলা সদৰত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব ৷ পুনৰ জিলা সমিতি সমূহে জিলাৰ সদৰত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন সন্দৰ্ভত জিলা সমূহৰ বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ তথা বিশিষ্ট নাগৰিককলৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব ৷ কাৰ্যসূচী সমূহত পৰিষদে সমগ্ৰ অসমবাসীৰ সহযোগিতা কামনা কৰিছে ৷