ডিব্ৰুগড়ঃ অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচনৰ স্বাৰ্থত সততে সক্ৰিয় হৈ থকা একমাত্ৰ জাতীয়তাবাদী সংগঠনটোৱে হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ জাতিক উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় ৪০ বছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷ ৰাজ্যৰ কেইবাগৰাকী জাতিক ভাল পোৱা লোক একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত সময়ত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷

চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ, হিন্দু বাংলাদেশী সংস্থাপন ৰোধ, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন সংগ্ৰাম কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ ৰাজ্য খনৰ সংকটৰ কালত অসম অাৰু অসমীয়া জাতিৰ সৰ্বাত্মক স্ব-নিয়ন্ত্রণৰ অধিকাৰ সাব্যস্তকৰণৰ দাবীত জন্মলগ্নৰে পৰা অবিৰত গণতান্তিকভাৱে অান্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অাহিছে৷

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ মূল সমস্যা সমাধানত গুৰুত্ব নিদি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ, অসমৰ মাটি বৃহওৰ নাগালিমত অৰ্ন্তভূক্ত কৰিবলৈ ব্লু-প্ৰিন্ট ৰচনা কৰিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সংগঠনটোৱে৷ অানহাতে কেন্দ্ৰীয় চৰকাৰে অসমত বাস কৰা বৃহওৰ জাতি জনগোষ্ঠীৰ মাজত সাতাম পুৰুষীয়া সম্প্ৰীতি ছিন্ন-ভিন্ন কৰিবলৈ চক্ৰান্ত কৰাৰ উপৰিও অসমৰ সম্পদ লুন্ঠণত গুৰুত্ব দি আহিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰি আহিছে৷

এইক্ষেত্রত অসমবাসীৰ প্ৰতি চক্ৰান্ত ওফৰাই পেলাবলৈ সংকল্পবদ্ধ হ’বলৈ ডিব্ৰুগড়ত অহা ২৪ ফেব্ৰুৱাৰীত একত্ৰিত হ’ব সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে আগশাৰীৰ লোক৷ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অসমত পূৰ্ণ-স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী সন্দৰ্ভত অভিৱৰ্তনৰ অায়োজন কৰিছে৷ অভিৱৰ্তনত প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, চিন্তাবিদ অদীপ কুমাৰ ফুকন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি পুতুল দত্ত, কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকিব৷

ইতিমধ্যে ডিব্ৰুগড় চহৰ সজাই পৰাই তুলিছে সংগঠনটোৱে৷ বেনাৰ-পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ আৰম্ভ কৰাৰ লগতে সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সভাপতি গিৰিণ চেতিয়া, উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাধাৰণ সম্পাদক ৰাজীৱ গগৈ, সাংগঠনিক সম্পাদক উদয়ন বৰুৱাই পূৰ্ণ-স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰ আন্দোলন খন ডিব্ৰুগড়ৰ পৰাই ন-ৰূপত আগবঢ়াই নিয়া হ’ব বুলি কৈ সকলো থলুৱাৰ উপস্থিতি কামনা কৰে৷