newsnextone.com | মোৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হোজাই জিলাৰ মোৰাঝাৰৰ দিব্যাংগ ছাত্ৰী জেবিন কৌছৰক ৰাজ্যৰ কেইবাটাও অনুষ্ঠানে সহায় কৰাৰ লগতে হিন্দী ছবি জগতৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে লগ ধৰিলে জেবিনক। যোৱা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছৰে পৰা জেবিনৰ ঘৰলৈ সমাজ সচেতন লোকৰ সোঁত বৈছিল। তাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰস্কৃত কৰিছিল জেবিন কৌছাৰক৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়েও যোগাযোগ কৰিছিল জেবিনৰ সৈতে। তাৰ মাজতে বলিউড চুপাৰষ্টাৰ অক্ষয় কুমাৰেও সাক্ষাত কৰিব খুজিছিল জেবিন কৌছাৰক ৷ জেবিনক পত্ৰযোগে নিমন্ত্ৰনো জনাইছিল অক্ষয় কুমাৰে৷ অৱশেষত জেবিন গৈ উপস্থিত হয় মুম্বাইত। জেবিনৰ সৈতে সাক্ষাত কৰাৰ সময়ত অক্ষয় কুমাৰে চেলফি লয় জেবিন আৰু অসমৰ পৰা যোৱা দলটোৰ সৈতে।

পৰিয়ালৰ সৈতে দেওবাৰে জেবিন ৰাওনা হৈছিল মুম্বাইলৈত। তাৰ পিছতে উপস্থিত হয় অক্ষয় কুমাৰৰ বাসগৃহত ৷ জেবিনক ওচৰত পাই অক্ষয় কুমাৰ সুখী বুলি কয় ৷ জেবিনৰ সৈতে অক্ষয় কুমাৰে দীৰ্ঘ সময় কথাপাতি ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভতো জানিব বিচাৰে। অক্ষয় কুমাৰে জেবিনৰ সৈতে ফটোও তোলা পৰিলক্ষিত হয়। অক্ষয় কুমাৰৰ সৈতে জেবিনৰ চেলফিয়ে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। জেবিনক লৈ গৌৰৱ অনুভৱ কৰিছে হোজাই জিলাৰ ৰাইজে।

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰাঝাৰৰ অতিশয় দৰিদ্ৰ পৰিয়ালৰ সন্তান জেবিন কৌছৰে ভৰিৰ আঙুলীৰে লিখি ৬৪ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

পিতৃ পেচাত এজন গাড়ী চালক৷ সামন্য উপাৰ্জনেৰে পৰিয়াল পোহপাল দি তাইৰ পঢ়া খৰছ, চিকিৎসা খৰছ, কাপোৰ কানি আদি দিব নোৱাৰা হেতুকে তাই  আনৰ সহায়ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা পঢ়ি সুখ্যাতি অৰ্জন কৰে৷ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা হেতুকে ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত পৰিমানে সুবিধা লাভ কৰা নাছিল৷

কৃতি ছাত্ৰী জেবিনক মোৰাঝাৰৰ সাংবাদিক ছাদিকুজ জামানে ফলাফল ঘোষণা দিনটোতে পঢ়াৰ দায়িত্ব বহন কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজমল ফাউণ্ডেছনে জেবিনৰ শিক্ষাৰ খৰছ বহন কৰিব।