জোনাইঃ অৰুণাচলৰ পাচিঘাটত অহা ২৩ ফেব্ৰৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীয়ে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ পৰম্পৰাগত ভাৱে জনগোষ্ঠীৰটোৰ লোকসকলে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰিব৷ আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷

বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে ব্যাপক উলাহ মালহেৰে পালন কৰিব আলি-আয়েঃ-লৃগাং উৎসৱ৷ অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাট মেবৰ বাক্কুলত চিয়াং নদীৰ পাৰত মনোমোহা পৰিৱেশৰ মিলিত হ’ব অৰুণাচলৰ আদী আৰু অসমৰ মিচিংসকল৷ অৰুণাচল প্ৰশাসনৰ পৃষ্ঠপোষতাত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে আলি-আয়েঃ-লৃগাং উৎসৱ৷

আলি-আয়েঃ-লৃগাং অনুষ্ঠানত অসম-অৰুণাচলৰ প্ৰায় ৩০টা সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব বুলি জানিব দিছে আলি-আয়েঃ-লৃগাঙৰ মুখ্য পৃষ্ঠপোষক তথা মেব সমষ্টিৰ বিধায়ক লম্বু টায়েঙে৷ তিনিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানত মিচিঙসকলৰ পৰম্পৰা খাদ্য আৰু বস্ত্ৰ মেলাও আয়োজন কৰিব৷

অৰুণাচল প্ৰশাসনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া আলি-আয়েঃ-লৃগাং অনুষ্ঠানৰ বাবে অৰুণাচলৰ মেবত ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ দিনে ৰাতি একাকাৰ কৰি সাংস্কৃতিক অনুশীলনত ব্যস্ত অৰুণাচল আদী যুৱক-যুৱতীসকল৷ অৰুণাচল আদী আৰু অসমৰ মিচিংসকলৰ মাজত সাংস্কৃতিক বিনিময় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই আলি-আয়েঃ-লৃগাং অনুষ্ঠানত অংশ গ্ৰহণ কৰিব অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷