অসমত এতিয়া অলেখ সমস্যা, অলেখ চৰ্চা। মূল্যবৃদ্ধিৰ পৰা নিবনুৱা সমস্যালৈ, মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ পৰা শিলসাঁকোৰ উচ্ছেদলৈ নানান সমস্যা আৰু চৰ্চাই এতিয়া গৰম কৰি ৰাখিছে ৰাজ্যৰ বতাহ। বহুতে অভিযোগ কৰিছে- দেশৰ অন্য প্ৰান্তৰ দৰেই লাহে লাহে বিভেদৰ পোখা মেলিছে অসমীয়াৰ মাজতো। আৰু সেই বিভেদকামী চেতনাক গুৰিতে নিঃশেষ কৰিবলৈ এইবাৰ এক পদযাত্ৰাৰ ঘোষণা কৰিছে অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে।

দিনদিয়েক পূৰ্বে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসম জাতীয় পৰিষদক ফটুৱা দল আখ্যা দিয়াৰ পিছতে ছ'চিয়েল মিডিয়াত অধিকাংশ নেটিজেনেই শিল্পীগৰাকীক মুকলিকৈ সমালোচনা কৰা দেখা গৈছিল। অৰ্থাৎ দলটোৰ সদস্য নহলেও বহুতেই দলটোক জুবিনে ফটুৱা আখ্যা দিয়া কাৰ্যৰ বিৰোধিতা কৰিছিল আৰু এনেকৈ দলটোৱে ব্যাপক চৰ্চা লাভ কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ মাজতে দলটোৱে হাতত লোৱা এই পদক্ষেপে এতিয়া বহন কৰিছে বিশেষ তাৎপৰ্য।

অসম জাতীয় পৰিষদে ঘোষণা কৰা মতে, ক্ৰমান্বয়ে ৰাজ্যত বাঢ়ি অহা বিভিন্ন ভাষা-ধৰ্মৰ মাজত বিভেদ আৰু দিল্লীৰ পৰা দিছপুৰলৈ শিপোৱা ফেচীবাদী মানসিকতাৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়ি তোলাৰ উদ্দেশ্যৰেই ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা হ’ব পদযাত্ৰাৰ। অহা ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাৰ নাম দিয়া হৈছে- 'এক অসম যাত্ৰা’। ৰাজনীতিৰ উৰ্দ্ধত গৈ ক্ৰমান্বয়ে বিভক্ত হ’বলৈ ধৰা অসমখনক একত্ৰিত কৰি একতাৰ বাণী বিলাবলৈ এই যাত্ৰা আৰম্ভ কৰা হ’ব বুলি জনাইছে অসম জাতীয় পৰিষদে।

এক অসম যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কি?

কাষতে জ্বলিছে মণিপুৰ! তাৰ ধোঁৱাই আজি আৱৰিছে অসমৰো আকাশ। গোষ্ঠীগত সংঘাতৰ ভয়ংকৰ পৰিণতিত বিগত প্ৰায় ৪ মাহে জ্বলি থকা মণিপুৰৰ চিৎকাৰ আজি অসমীয়াই শুনিছে। এই সাম্প্ৰদায়িকতাৰ বীজাণু মণিপুৰৰ পৰা অসমলৈ বিয়পিবলৈনো লাগিব কিমান পৰ? তাৰ মাজতে ৰাজ্যত এতিয়া নানান সমস্যাই বিধ্বস্ত কৰিছে স্বাভাৱিক জীৱন ধাৰণ। মূল্যবৃদ্ধিৰ পৰা নিবনুৱা সমস্যালৈকে অলেখ সমস্যাত জৰ্জৰিত হৈ অসমৰ জনতাই হাহাকাৰ কৰিছে। একে সময়তে উত্থাপন হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু চৰকাৰৰ নিযুক্তি বিসংগতিৰ অভিযোগে হাতাশাৰ মাজলৈ ঠেলি দিছে অসমীয়াক।

মানুহৰ মাজত বৃদ্ধি পোৱা সংঘাত আৰু চৰকাৰৰ বিৰুদ্ধে বাঢ়ি অহা অসন্তুষ্টিক প্ৰতিহত কৰি সমগ্ৰ অসমক একলগ কৰি একতাৰ এনাজৰীৰে বন্ধাৰ পৰিকল্পনাৰে অসম জাতীয় পৰিষদে পৰিকল্পনা কৰিছে 'এক অসম যাত্ৰা’ শীৰ্ষক পদযাত্ৰাৰ। ২১ ছেপ্টেম্বৰত ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ পৰা আৰম্ভ হ’বলগীয়া এমাহযোৰা এই পদযাত্ৰাৰ সামৰণি পৰিব শদিয়াত।

অসম জাতীয় পৰিষদে শনিবাৰে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰিবলগীয়া এই পদযাত্ৰা সন্দৰ্ভত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে NNOৰ আগত কয়, ''দিল্লী আৰু দিছপুৰত ক্ষমতা দখল কৰি থকা বিজেপিয়ে আজি অসম আৰু অসমীয়াক নিঃশেষ কৰাত নামি পৰিছে। মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা হৈছে। উজনিৰ পৰা নামনিক, হিন্দুৰ পৰা মুছলমানক পৃথক কৰি বিভেদ সৃষ্টিৰ কাম কৰিছে। অসমৰ লাখ লাখ লোকে আজি এটুকুৰা মাটিৰ বাবে হাহাকাৰ কৰিছে, কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিঘাই বিঘাই অনৈতিক পন্থাৰে ভূমি ক্ৰয় কৰি কৃষকৰ নামৰ ৰাজসাহায্য লাভ কৰিছে। ক্ষমতাৰ বলেৰে আজি শাসকীয় দলে ভাগ ভাগ কৰা অসমখন পুনৰ একলগ কৰাৰ প্ৰয়োজন আহি পৰিছে। আমাৰ পূৰ্বপুৰুষে দেখা এক অসম, ঐক্যবদ্ধ অসমৰ সপোন পূৰণ কৰিবলৈ আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ আমি এই যাত্ৰাৰ আৰম্ভ কৰিব বিচাৰিছো।’’



২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী। এনে সময়ত অসম জাতীয় পৰিষদৰ এই পদযাত্ৰা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অজাপৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে NNOৰ আগত কয়, ''আমাৰ এই যাত্ৰা কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয়। ক্ষমতাৰ প্ৰতি আমাৰ কোনো লালসা নাই। আমাৰ বাবে অসম সদায় প্ৰথম। সাংবিধানিকভাৱে মন্ত্ৰী-বিধায়ক হোৱাৰ প্ৰয়োজন, কিন্তু হ’বই লাগিব বুলি আমাৰ কোনো ইচ্ছা নাই। সেয়ে এই যাত্ৰাত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোকে যোগদান কৰিবলৈ আমি আহ্বান জনাইছো। ৰাজনীতি পাহৰি অসমক একলগ কৰিব বিচৰা সকলো লোককে আমি এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছো। ইচ্ছা কৰিলে বিজেপিয়েও এই যাত্ৰাত অংশ ল’ব পাৰে।’’

অসম জাতীয় পৰিষদে জানিবলৈ দিয়া মতে, ২০ ছেপ্টেম্বৰত কোচবিহাৰস্থিত মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক প্ৰণিপাত জনোৱাৰ পিছত ২১ ছেপ্টেম্বৰত ধুবুৰীৰ নেতাই ধুবুনী ঘাটত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হ’ব এক অসম যাত্ৰাৰ। পিছত পাঁচ পীৰ দৰগাহ শ্বৰীফত দোৱা লৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা আগবাঢ়িব। যাত্ৰাৰ সময়ত ধুবুৰীৰ টেগ বাহাদুৰ গুৰুদ্বাৰত প্ৰাৰ্থনা জনাব যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলে।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা প্ৰভাৱিত নেকি এক অসম যাত্ৰা?

সমগ্ৰ দেশত বৃদ্ধি পোৱা সাম্প্ৰদায়িক সংঘাত, নিবনুৱা-মূল্যবৃদ্ধিৰ সমস্যা আৰু পুঁজিপতিৰ প্ৰতি চৰকাৰৰ নৰম স্থিতিৰ বিৰুদ্ধে ২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ। ১৪৬ দিনত ৪০৮০ কিলমোটাৰ অতিক্ৰম কৰি ২০২৩ৰ জানুৱাৰীৰ ৩০ তাৰিখে এই পদযাত্ৰাৰ অন্ত পৰিছিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত। ঘৃণাৰ বজাৰত প্ৰেম প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই যাত্ৰাই লাভ কৰিছিল সাধাৰণ জনতাৰ বিশাল সমৰ্থন। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাত লাখ লাখ লোকে অবিৰতভাৱে অংশগ্ৰহণ কৰিছিল। এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাইছিল বহু চেলিব্ৰেটি আৰু বিশিষ্ট ব্যক্তিয়েও।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ বৃহৎ সাফল্যক সন্মুখত ৰাখিয়েই অসম জাতীয় পৰিষদে অসমক একত্ৰিত কৰিবলৈ এক অসম যাত্ৰাৰ আৰম্ভণি কৰিবলৈ ওলাইছে নেকি, সেই প্ৰশ্ন NNOৰ তৰফৰ পৰা সোধা হৈছিল সভাপতি লুৰিণজ্যেতি গগৈক।   

লুৰিণজ্যোতি গগৈয়ে এই প্ৰশ্নৰ উত্তৰত কয়, ''ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ আগতেও ভাৰতত বহু যাত্ৰা হৈছে। মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিল, জগনমোহনে যাত্ৰা কৰিছিল, ৰথযাত্ৰা হৈছিল। যাত্ৰা হৈছে ভাৰতীয় ৰাজনীতিৰ এটা অংশ। সামাজিক পৰিৱৰ্তনৰো অংশ এই যাত্ৰাসমূহ। আমি যদি অসমখনকে ঐক্যবদ্ধ কৰিব নোৱাৰো তেন্তে আমি গোটেই ভাৰতক কেনেকৈ ঐক্যবদ্ধ কৰিম? প্ৰথমে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহক আমি ঐক্যবদ্ধ কৰিব লাগিব।’’

এতিয়া চৰকাৰে ভৌগোলিক বিভাজন সৃষ্টি কৰি মনবোৰৰ মাজতো বিভাজন আনিছে বুলি মন্তব্য কৰি গগৈয়ে কয়, ''আজি মণিপুৰ জ্বলিছে। কুকি আৰু মেইটেইসকলৰ মাজত সংঘাত সৃষ্টি কৰা হৈছে। মণিপুৰত আজি গণধৰ্ষণ হৈছে, মানুহক গুলীয়াই হত্যা কৰা হৈছে। এয়া চৰকাৰৰ ক্ষমতাৰ লালসাৰ পৰিণতি। এনেদৰে মানুহৰ মাজত বিভাজন অনা হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে সেইদিনা কৈছে বৰাকে পৃথক ৰাজ্য দাবী কৰিলে তেওঁৰ আপত্তি নাই। মুখ্যমন্ত্ৰীয়ে এনেদৰে ভৌগলিক বিভাজন আনিব বিচাৰিছে। যাৰ বাবে মানুহৰ মনবোৰো বিভাজিত হৈছে।’’

অসমত আঞ্চলিকতাবাদ আৰু প্ৰতাৰিত জনতা

চন ১৯৮৫। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত তেতিয়া জ্বলিছিল সমগ্ৰ অসম। সুদীৰ্ঘ ৬ বছৰ ধৰি চলা এই আন্দোলনত প্ৰাণ আহুতি দিছিল ৮৫৫ গৰাকীকৈ লোকে। অসমৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়নৰ দাবীৰে উত্তাল হৈ থকা তেতিয়াৰ অসমত কেন্দ্ৰীয় আৰু ৰাজ্যত ক্ষমতাত অধিষ্ঠিত কংগ্ৰেছৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল অসমৰ জনতাই। অসমীয়াই তেতিয়া অনুভৱ কৰিছিল এটা আঞ্চলিকতাবাদী দলৰ, যিয়ে অসমক মনে প্ৰাণে ভাল পায়, অসমৰ কথাই চিন্তা কৰে, ৬ বছৰীয়া অসম আন্দোলনে জুৰুলা কৰা জনতাৰ বাবে এটা সম্ভাৱনাৰ বাট মোকলাই দিব পাৰে। 

অসমীয়া জনতাৰ সেই প্ৰয়োজনীয়তাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই ১৯৮৫ চনৰ ১৩-১৪ অক্টোবৰত জন্ম দিয়ে এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ। সেই দলটোৰে নাম অসম গণ পৰিষদ। আছুৰ তেতিয়াৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদৰ নেতৃত্ব বহনৰ দায়িত্ব মূৰ পাতি লয়। নৱ গঠিত আঞ্চলিক দলটোৰ প্ৰতি আস্থা জাগি উঠিছিল অসমীয়াৰ। যাৰ বাবেই ১৯৮৫ চনত অগপই চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ৰাজ্যৰ প্ৰথমগৰাকী কমবয়সীয়া মুখ্যমন্ত্ৰীৰূপে শপত লয় প্ৰফুল্ল কুমাৰ মহন্তই।

অগপই চৰকাৰ গঠন কৰে ঠিকেই, কিন্তু যি আশাৰে অসমৰ জনতাই তেওঁলোকক ক্ষমতা গতাই দিছিল সেই আশা পূৰণ কৰাত বিফল হয় প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰ। কম সময়ৰ ভিতৰতে অসমৰ জনতাই অগপৰ ওপৰত আস্থা হেৰুৱাই পেলায়। পৰিণতিত ৰাজ্যত ১৯৮৯ চনত অগপৰ চৰকাৰৰ পতন ঘটি পুনৰ শাসন লাভ কৰে কংগ্ৰেছে।

প্ৰথমবাৰ প্ৰফুল্ল মহন্তৰ চৰকাৰ জনতাই ওফৰাই পেলালেও যেন মানুহৰ মনত আঞ্চলিকতাবাদী দলটোৰ প্ৰতি এক আৱেগ ৰৈ গৈছিল। লাখ লাখ জনতাৰ প্ৰতিবাদে গঢ়ি তোলা অসম গণ পৰিষদক সহজে নস্যাৎ কৰাটো কাৰোৰে বাবে সম্ভৱ নাছিল। সেয়ে ১৯৯৬ চনত পুনৰ এবাৰ অসম গণ পৰিষদক ক্ষমতালৈ আনে অসমৰ ৰাইজে। কিন্তু এইবাৰো আশাহত হয় অসমীয়া। গুপ্তহত্যাৰ বিভীষিকাময় দিনৰ সাক্ষী হোৱা অসমৰ জনতাই সহজতে বুজিব পাৰিলে যে জাতীয়তাবাদৰ আৱেগে তেওঁলোকক দুবাৰকৈ প্ৰতাৰণা কৰিছে। সেয়ে ২০০১ চনত অগপ চৰকাৰৰ পুনৰ এবাৰ পতন ঘটে। বৰ্তমান অসম গণ পৰিষদ বিজেপি চৰকাৰৰ মিত্ৰদল হিচাপেহে পৰিচিত। আঞ্চলিকতাবাদী এই দলটোৰ অস্তিত্ব আজি প্ৰায় নিঃশেষ হোৱাৰ পথত।

অগপৰ দ্বাৰা প্ৰতাৰিত জনতাই কিদৰে বিশ্বাসত ল’ব অসম জাতীয় পৰিষদক?

এটা আন্দোলনে জন্ম দিছিল অসম গণ পৰিষদক। আন এটা আন্দোলনে জন্ম দিছিল অসম জাতীয় পৰিষদক। মাজত ৩৪ বছৰৰ ব্যৱধান থাকিলেও দুয়োটা দলৰে উৎপত্তিস্থল সদৌ অসম ছাত্ৰ সন্থা। অসম গণ পৰিষদক দুবাৰকৈ ক্ষমতা গতাই দি প্ৰতাৰিত হ’বলগীয়া অসমৰ ৰাইজে কিদৰে বিশ্বাস কৰিব আন্দোলনৰ পৰিণতিতে গঢ় লৈ উঠা অসম জাতীয় পৰিষদক?

এই প্ৰশ্নৰ উত্তৰ দি সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ''আঞ্চলিকতাবাদ অসমীয়াৰ হাড়ে-হিমজুৱে আছে। ইয়াক কোনেও নোহোৱা কৰিব নোৱাৰে। কোনোবা এটা দলে কৰা ভুলৰ বাবে মানুহে বিশ্বাস হেৰুৱাইছে, কিন্তু আকৌ বিশ্বাস কৰিব। আমি মানুহৰ মাজলৈ গৈ কাম কৰিলে নিশ্চয় আমাক বিশ্বাসত ল’ব। এয়া সঁচা দুয়োটা দল আছুৰ পৰাই গঠিত। কিন্তু এজন মাতৃৰ দুই সন্তান দুয়োজনেই বেয়া হ’ব বুলি কি কথা আছে? এজন অপৰাধী হ’লে আনজন সাধু-সন্তও হ’ব পাৰে। ভাৰতীয় সংবিধানে আঞ্চলিকতাবাদক স্বীকৃতি দিছে। গতিকে আঞ্চলিকতাবাদ সদায় থাকিবই।’’

আনফালে বিগত কেইবাটাও নিৰ্বাচনত অসমৰ সাধাৰণ জনতাৰ আঞ্চলিকতাবাদৰ প্ৰতি বিৰাগভাৱ পৰিস্ফুট হোৱা সন্দৰ্ভত NNOৰ তৰফৰ পৰা বহুতকে প্ৰশ্ন কৰা হৈছিল। যাৰ উত্তৰ দি নাথ উপাধিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাবিদে কয়, ''আঞ্চলিকতাবাদ হৈছে এক আৱেগ। এই আৱেগ অসমীয়াৰ মনত সদায় থাকিব। যিদৰে আমাৰ গামোচাখনৰ প্ৰতি, জাপিটোৰ প্ৰতি আৱেগ আছে ঠিক সেইদৰে। কিন্তু আৱেগ আৰু পছন্দ ভিন্ন। মই ব্যক্তিগতভাৱে মুখ মচিবলৈ বুলি কিবা এখন লগত লৈ যাবলগীয়া হ’লে গামোচাখনতকৈ ৰুমাল এখন নিয়াটো বেছি পছন্দ কৰিম। সেইদৰে বৰষুণৰ বতৰত জাপিটো পিন্ধি যোৱাতকৈ ছাটিটো লৈ যোৱাটোকহে বেছি পছন্দ কৰোঁ। মানুহৰ আৱেগ একে থাকিলেও এতিয়া পছন্দ সলনি হৈছে। আঞ্চলিকতাবাদক লৈ শেহতীয়া কেইটামান নিৰ্বাচন তাৰেই প্ৰমাণ।’’

অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তথা সক্ৰিয় সমাজকৰ্মী বৰাই কয়, ''অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদ দুয়োটা ৰাজনৈতিক দলেই আছুৰ পৰা গঠিত দল। অগপক বিশ্বাসত লৈ ইতিমধ্যে অসমৰ জনতাই বিশ্বাসঘাতকতাৰ সোৱাদ পাইছেই। অজাপক বিশ্বাসত ল’লে পুনৰ যে প্ৰতাৰিত নহ’ব সেয়া কোনে জানে? এজোপা আমগছৰ দুটা আমৰ সোৱাদ বেলেগ বেলেগ হোৱাৰ আশা কৰিব নোৱাৰি।’’   

জালুকবাৰীত নিযুক্তি অনিয়ম! তথ্যসহ উদঙালে অজাপই

NNOৰ সৈতে হোৱা বাৰ্তালাপত অজাপৰ সভাপতি লুৰিণজ্যোেতি গগৈয়ে আৰু কয়, ''মানুহৰ বাবে আমি কাম কৰি গ’লে এদিন মানুহে আমাক বিশ্বাসত ল’বই।’’ একেখিনি কথাই দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানেও কয় এইদৰে, ''মানুহৰ আস্থা জয় কৰিবলৈ হ’লে সময় লাগিবই। বিজেপিয়েও ক্ষমতা লাভৰ বাবে সুদীৰ্ঘ ৫০-৫৫ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। ক্ষমতাতকৈ আমাৰ প্ৰথম উদ্দেশ্য অসমৰ উন্নয়ন। বৰ্তমান সময়ত অসমীয়াক মিছা চলাহী কথাৰে লুটিপুতি খোৱা চৰকাৰখনৰ অপকৰ্মবোৰ উদঙাই দি অসমৰ জনতাক সচেতন কৰিবলৈ আমি প্ৰয়াস কৰি যাম। আমাৰ যাত্ৰাৰ এটা উদ্দেশ্য সেইটোও।’’

বিগত সময়ত অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ। ইয়াৰে এটা অন্যতম অভিযোগ হৈছে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিত হোৱা অনিয়ম। বিধানসভাৰ শৰৎকালীন অধিৱেশনত চাকৰিৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী বিধায়কে। বিশেষকৈ বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ গোচৰৰ তদন্তত পোহৰলৈ আহে চৰকাৰী নিযুক্তিত সংঘটিত হৈ অহা বৃহৎ অনিয়ম।

নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে ৰাজ্যৰ দুখীয়া মেধাৱী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা বুলি দাবী কৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শৰৎকালীন অধিৱেশনৰ সদনতো সদম্ভে কৈছিল ক্ৰুটিহীন নিযুক্তিৰ কথা। আনকি অনিয়মৰে নিযুক্তি লাভ কৰা এজন প্ৰাৰ্থীৰো যদি পাৰে বিৰোধীয়ে নাম উল্লেখ কৰক বুলিও প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পিছতে এজন নহয়, খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৫ জনকৈ প্ৰাৰ্থীৰ নামৰ এখন তালিকা প্ৰকাশ কৰি অসম জাতীয় পৰিষদে নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়ম উদঙাই দিয়ে। অসম জাতীয় পৰিষদে এক বিজ্ঞপ্তিযোগে অনিয়মেৰে চাকৰি লাভ কৰা প্ৰাৰ্থীৰ নামৰ তালিকা প্ৰকাশ কৰি দাবী কৰে যে ৫৬ বছৰীয়া ব্যক্তিয়েও লাভ কৰিবলৈ সক্ষম হৈছে চাকৰি। 

অজাপৰ এই তালিকাত নাম আছে ৪৮ বছৰীয়া জোনালী ভৰালী দাসৰ। লখিমপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰা জোণালী ভৰালী দাসে অদৃশ্য শক্তিৰ বলত বদলি হৈ আহি বৰ্তমান কৰ্তব্যৰত হৈ আছে শুৱালকুছিৰ মহাত্মা গান্ধী এফআৰইউত। একদেৰে নিপজ্যোতি বৈশ্য ওৰফে সঞ্জীৱ বৈশ্যই (৪৬) অনিয়মেৰে চাকৰি লাভ কৰি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গাড়ীচালক ৰূপে কৰ্তব্যৰত হৈ থকাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে।

অনিয়মেৰে চাকৰি লাভ কৰা জালুকবাৰী সমষ্টিৰ আন তিনিগৰাকী প্ৰাৰ্থী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা হৰকান্ত বৈশ্য (৫৬), লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত চৈতেন্দ্ৰ দাস (৫১) আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা অজিত দাস (৫৬)।

অজাপই নিযুক্তি অনিয়মৰ এই বিস্ফোৰক তালিকা প্ৰকাশ কৰাৰ পিছতে শুৱালকুছিৰ বোৱাৰী জোনালী ভৰালী দাসে সংবাদ মাধ্যমৰ সন্মুখত নিযুক্তিক লৈ প্ৰদান কৰে স্পষ্টীকৰণ। ৪৮ বৰ্ষীয় প্ৰাৰ্থীগৰাকীয়ে কোনো অনিয়মেৰে নহয়, বৰং মেধাৰ বলত চাকৰি লাভ কৰা বুলি দাবী কৰি বয়স বৃদ্ধিৰো দেখুৱালে অজুহাত। পুৰণি নথিপত্ৰ হেৰুওৱাৰ পিছত নতুনকৈ ভোটাৰ কাৰ্ড বনোৱাৰ বাবেহে তেওঁৰ বয়স বৃদ্ধি পাইছে বুলি যুক্তি দৰ্শায় মহিলা প্ৰাৰ্থীগৰাকীয়ে। 


চাকৰি কেলেংকাৰী সন্দৰ্ভত অজাপৰ প্ৰেছ বিবৃতিৰ দ্বিতীয় পৃষ্ঠা

অন্যহাতে লখিমপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰা জোনালী ভৰালী দাসক তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে স্বামীয়ে শুৱালকুছিলৈ বদলি কৰাই অনা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে জোনালী দাসে। লক্ষণীয় কথাটো হ’ল, তেওঁৰ স্বামী দ্বিজেন দাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপেহে বেছি পৰিচিত। তেওঁৰ ঘনিষ্ঠতা আছে মুখ্যমন্ত্ৰীৰ অ’এছডিৰ সৈতেও। এনে পৰিপ্ৰেক্ষিতত জোনালী ভৰালী দাসৰ নিযুক্তিৰ এবছৰ নৌহওঁতেই কি যাদুকৰী শক্তিৰে লখিমপুৰৰ পৰা শুৱালকুছিলৈ বদলি হৈ আহিব পাৰিলে সেয়া স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰিছে বহুতে। সমান্তৰালভাৱে অসম জাতীয় পৰিষদে উদঙাই দিয়া নিযুক্তি অনিয়মৰ ছবিখনো এতিয়া প্ৰকট হৈ উঠিছে।

এই সন্দৰ্ভত NNOৰ আগত জিয়াউৰ ৰহমানে কয়, ''মুখ্যমন্ত্ৰীয়ে এজনৰ নাম বিচাৰিছিল, আমি অনিয়মেৰে চাকৰি লোৱা ৫ জনৰ নাম দিছো। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৰে কৰক। আমি ইয়াৰ তদন্ত বিচাৰিছো। স্বচ্ছ আৰু নিকা নিযুক্তি দিয়া বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অসমৰ ৰাইজে নিশ্চয় জানিব বিচাৰিব।’’

এতিয়াও বাট বহুদূৰ...

ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে যে অসম জাতীয় পৰিষদে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ যিমান অনিয়ম-কেলেংকাৰী উদঙাই দিলেও শাসকীয় দলটোৰ বিৰুদ্ধে বিশাল জনমত গঢ়ি তোলা বৰ্তমান সময়ত সম্ভৱ নহয়। হিতাধিকাৰী সৃষ্টি আৰু প্ৰতিশ্ৰুতিৰ বন্যাৰে জনতাক নিজৰফলীয়া কৰি ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে বুলিও মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। অৱশ্যে অসমৰ ৰাজনীতিত অসমৰ হকে চিন্তা কৰিব পৰা এটা আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাকো তেওঁলোকে শলাগে। 

বহু ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰা মতে, অসম জাতীয় পৰিষদে ২১ ছেপ্টেম্বৰৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰম্ভ কৰিবলৈ ওলোৱা 'এক অসম যাত্ৰা’ই দলটোৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হ’ব, দলটোক অসমৰ হকে মাতিবলৈ আৰু অধিক উদ্বুব্ধ কৰিব।

অজাপৰ এই যাত্ৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ তথা প্ৰাক্তন জ্যোষ্ঠ সাংবাদিক বেদব্ৰত বৰাই কয়, ''শাসকীয় দল বিজেপিৰ জনবিৰোধী কামসমূহৰ কথা ৰাইজৰ ওচৰলৈ লৈ যোৱাতো বিৰোধী পক্ষৰ দায়িত্ব। শেহতীয়াকৈ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত জাতীয় পৰিষদে এক অসম যাত্ৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আদৰণীয়। কংগ্ৰেছেও ইতিমধ্যে ভূপেন কুমাৰ বৰা আৰু গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ বাগানে বাগানে যাত্ৰা কৰি বিজেপিৰ হঠকাৰী কাৰ্যৰ বিৰুদ্ধে জনসচেতনতা আৰম্ভ কৰিছে। সকো বিৰোধীয়ে এনেদৰে নিজৰ নিজৰ মঞ্চৰ পৰা বিজেপিৰ অপশাসন দূৰ কৰিবৰ বাবে প্ৰচেষ্টা লোৱাতো আজিৰ তাৰিখত সময়ৰ আহ্বান বুলি আমি ক’ব পাৰো।’’ 

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰাজনৈতিক বিশ্লেষকে কয়, ''মোৰ বোধেৰে 'এক অসম যাত্ৰা’ অজাপৰ বাবে এক সফল পদক্ষেপ প্ৰমাণিত হ’ব পাৰে। কিন্তু দলটোৱে কেৱল এই যাত্ৰাতেই দায়িত্ব সামৰিলে নহ’ব। আঞ্চলিকতাবাদৰ বাট এতিয়া সহজ হৈ থকা নাই। অজাপই মানুহৰ বিশ্বাস জয় কৰিবলৈ হ’লে মানুহৰ মাজলৈ গৈ কাম কৰি থাকিব লাগিব। আৰু এটা কথা... ২০২৪ৰ নিৰ্বাচনত অজাপৰ বিশেষ ৰাজনৈতিক উত্তৰণ ঘটিব বুলি মই নাভাৱো। দলটোৰ বাবে ক্ষমতা লাভৰ বাট এতিয়াও বহুদূৰ...।’’