ডিজিটেল ডেস্কঃ ১৪ মেৰ পৰা প্ৰত্যেক দেওবাৰে ৮ খনকৈ ৰাজ্যত বন্ধ থাকিব পেট্ৰল পাম্পসমূহ। দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেল সংৰক্ষণৰ প্ৰতি সহাঁৰি জনাই পেট্ৰল পাম্পসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে।

ভাৰতীয় পেট্ৰল পাম্পৰ ডিলাৰ সংগঠনৰ কাৰ্যবাহী সুৰেশ কুমাৰ জনায় যে তেওঁলোকে এই সিদ্ধান্ত বিগত বছৰতেই ঘোষণা কৰিছিল। কিন্তু সেই সময়েত তেওঁলোকক অইল মাৰ্কেটিং কোম্পানীয়ে সিদ্বান্ত সলনি কৰাৰ অনুৰোধ জনায়।

ইয়াৰ বিপৰীতে এইবাৰ সিদ্ধান্ত নিশ্চিত কৰি তামিলনাডু, কেৰেলা, পণ্ডিচেৰী, অন্ধপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, হাৰিয়ানাকে আদি কৰি ৮ খনকৈ ৰাজ্যত ২৪ ঘন্টাই বন্ধ থাকিব। কিন্তু এই সিদ্ধান্তত তমিলনাডুৰ ব্যৱসায়ী সকলৰ ১৫০ কোটি টকাৰ ক্ষতি হ’ব বুলি জনায় সুৰেশ কুমাৰে।

উল্লেখ্য যে বিগত কিছুদিন পূৰ্বে প্ৰধানমন্ত্রী  নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত’ অনুষ্ঠানত পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত তেল সংৰক্ষণৰ বাবে আহ্বান জনাইছিল। 

ডিলাৰৰ কমিছন নবঢ়োৱাৰ প্ৰতিবাদত কনছৰ্টিয়াম অফ ইণ্ডিয়ান পেট্ৰ'লিয়াম ডিলাৰছ চমুকৈ চিপআইডিয়ে এক বৈঠকযোগে ১০ মে'ৰ পৰা কেৱল ৮ ঘন্টাহে পেট্ৰল পাম্প খোলা ৰখাৰ প্ৰস্তাৱ লৈছিল।