সোৱণশিৰিৰ পাৰৰ ঘূণাসুঁতিয়ে দশক দশক ধৰি অসমীয়া পাঠকৰ বুকুত তুলি আহিছে শিহৰণ। এই ঘূণাসুঁতিতেই এদিন জংকিৰ প্ৰেমৰ বাবে জীৱন ত্যাগ কৰিছিল সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী’ৰ নায়িকা পানৈয়ে। ঘূণাসুঁতিক লৈ আজিও অলেখ কাহিনী, অলেখ কবিতা আৰু গীত লেখকৰ কলমেৰে নিগৰে।

উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগৰ সোৱণশিৰিৰ পাৰৰ এই গাঁওখনতে ঘৰ এগৰাকী মিছিং নাৰীৰ। নাম তেওঁৰ ৰিঞ্জুমণি টাইড মিলি। পেছাত তেওঁ এগৰাকী অংগনবাড়ী কৰ্মী, কিন্তু পৰিচয় তেওঁৰ সুকীয়া। সেউজীয়া ঘূণাসুঁতিক আৰু অধিক সেউজীয়া কৰি তোলাৰ বাবে এইগৰাকী মহিলাই গ্ৰহণ কৰা পদক্ষেপ আজি চৰ্চাৰ বিষয়। 

অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শ অনুসৰণ কৰি স্বামীৰ সৈতে ঘূণাসুঁতিৰ বুকুত এহেজাৰ জোপাৰো অধিক গছপুলি ৰোপণ কৰি আজি এক সেউজ বিপ্লৱ গঢ়িবলৈ সক্ষম হৈছে ৰিঞ্জুমণি টাইড মিলিয়ে। ঘৰৰ সমীপৰ প্ৰায় ২০ বিঘা নিজা ভূমিত তেওঁ দশক ধৰি ৰোপণ কৰি আহিছে ভিন্ন প্ৰজাতিৰ গছ। চেগুণ, গমাৰি, শিমলু, আম, কঠাল, জামু আদি গছেৰে সেউজীয়াময় হৈ পৰিছে তেওঁৰ ঘৰৰ চৌপাশ।

ঘূণাসুঁতিৰ চলিচুকত ঘৰ ৰিঞ্জুমণি টাইড মিলিৰ। তেওঁৰ স্বামী মানৱ মিলিও পেছাত এগৰাকী শিক্ষক। গাঁৱৰ সমীপৰে এখন প্ৰাথমিক বিদ্যালয়ত তেওঁ পাঠদান কৰে ছাত্ৰ-ছাত্ৰীক। শিক্ষকতা বৃত্তিৰ ব্যস্ততাতে পাৰ হয় তেওঁৰ দিনটোৰ অধিকাংশ সময়। একেদৰে নিজৰ কৰ্মত ব্যস্ত অংগনবাড়ী কৰ্মী ৰিঞ্জুমণি টাইড মিলিও। ৬ হাজাৰ টকীয়া দৰমহাৰ এই চাকৰিত মাজে মাজে নিজৰ বুলিবলৈও তেওঁৰ সময়ৰ অভাৱ ঘটে।

ৰিঞ্জুমণিয়ে আন গছৰ লগতে চেগুণো ৰুইছে

কিন্তু তাৰ মাজতো সময় উলিয়াই ঘৰৰ সমীপত থকা প্ৰায় ২০ বিঘা মাটিত গছপুলি ৰোপণ কৰি সেউজ বিপ্লৱ গঢ়াৰ সপোন দেখিছে এইহাল দম্পতীয়ে। ২০১০ চনৰ জানুৱাৰীত ৰিঞ্জুমণি টাইডে প্ৰথমবাৰৰ বাবে কেইজোপামান গছপুলি ৰোপণ কৰি আৰম্ভণি ঘটাইছিল এই বিপ্লৱৰ। পৰৱৰ্তী সময়ত স্বামীৰ পৰাও সঁহাৰি লাভ কৰি ব্যস্ততাৰ মাজতো সময় উলিয়াই আগুৱাই নিছে গছপুলি ৰোপণৰ যাত্ৰা।

ৰিঞ্জুমণি টাইডে কয়, “মোৰ দেউতাৰো এখন বিশাল গছৰ বাগান আছে। তেওঁৰ পেছা আৰু নিচা সেয়াই। সৰুৰে পৰাই মই গছ আৰু মানুহৰ মাজত ডাঙৰ হৈছো। সেয়ে মই গছবোৰকো মানুহ বুলিয়েই ভাৱো। অৰণ্য মানৱ যাদৱ পায়েঙৰ কথাবোৰো শুনি আহিছিলো। সেই কথাবোৰেও আমাক উৎসাহিত কৰি আহিছে।’’

প্ৰতিজোপা গছ মোৰ সন্তানৰ দৰে..

২০০৪ চনত ৰিঞ্জুমণিয়ে চলিচুকৰ মানৱ মিলিলৈ বিয়া হৈ আহিছিল। বিয়াৰ সময়ত তেওঁ মেট্ৰিক পাছ কৰিছিল। কিন্তু শিক্ষিত স্বামীয়ে বিয়াৰ পিছতো ৰিঞ্জুমণিক পঢ়ুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰাত স্বামীগৃহৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৰিঞ্জুমণিয়ে। ৰিঞ্জুমণিয়ে NNOৰ আগত জানিবলৈ দিয়া মতে, ২০১০ চনত প্ৰথম তেওঁৰ দেউতাকে কেইটামান গমাৰি গছৰ পুলি নিজৰ বাগানৰ পৰা আনি কন্যাক দিছিল। গছৰ প্ৰতি থকা কন্যাৰ আৱেগ বুজিছিল পিতৃয়েও। 

ৰিঞ্জুমণি টাইডে কয়, “দেউতায়েই আনি মোক কেইটামান গমাৰি গছৰ পুলি দিছিল। তাৰ পৰাই মই নিজাকৈ মোৰ বাগানখন আৰম্ভ কৰো। দেউতাৰ পৰা মই গছৰ বিষয়ে বহু শিকিছো। সেয়ে গছপুলি কেনেকৈ ৰুব লাগে মই ভালকৈয়ে জানো। মই গছপুলি পালেই হ’ল, তাক কেতিয়াও মৰিব নিদিয়াকৈ মই ডাঙৰ-দীঘল কৰিম।’’

ৰিঞ্জুমণি টাইডে লগতে কয়, “মোৰ এটা ল’ৰা আছে। মই তাক যিমান মৰম কৰো, মোৰ গছবোৰকো সিমানেই মৰম কৰো। মই ৰোৱা প্ৰতিজোপা গছ মোৰ সন্তানৰ দৰে।’’

২০০৯ চনতে ৰিঞ্জুমণি টাইড মিলিয়ে অংগনবাড়ীৰ চাকৰিটো লাভ কৰিছিল। সেয়া আছিল ডিচেম্বৰৰ মাহ। ৰিঞ্জুমণি টাইডে আক্ষেপেৰে কয় যে অংগনবাড়ীৰ এই চাকৰিটোত দৰমহা কম, কিন্তু কাম বহুত কৰিব লাগে। শিশুৰ পলিঅ’ ডিউটিৰ পৰা ঘৰে ঘৰে গৈ অন্তঃসত্বা মহিলাৰ তদাৰক কৰালৈকে এনে বহু কাম কৰি নিজৰ কাৰণেও সময় নুকুলায়। তাৰ মাজতে এটা পৰিয়ালো আছে তেওঁৰ। উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি থকা একমাত্ৰ পুত্ৰ আৰু শিক্ষক স্বামীৰো সকলোখিনি দায়িত্ব তেঁৱেই অকলে চম্ভালিব লাগে।
 
ৰিঞ্জুমণিয়ে কয়, “মই পুৱা সোনকালে উঠো। ঘৰ-দুৱাৰ চাফা কৰাৰ পিছত ল’ৰা আৰু স্বামীৰ বাবে পুৱা খোৱাৰ ব্যৱস্থা কৰি তেওঁলোকক উলিয়ায় পঠিয়াও। তাৰ পিছত নিজেও ওলাই যাও। এইবোৰ কাম কৰি থাকোতে পুৱা বৰ লৰালৰি হয়।’’

নিজে গঢ়া অৰণ্যত স্বামীৰ সৈতে ৰিঞ্জুমণি

“এক্সট্ৰা কাম নাথাকিলে মই এনেয়ে ১২-১২.৩০ বজাত আহি ঘৰ পাও। চৰকাৰে দিয়া বেলেগ কাম থাকিলে সন্ধিয়াও হয়। কিন্তু সোনকালে ঘৰলৈ উভতি আহিব পাৰিলে মই কিছু সময় বাগানখনত কাম কৰো। গছপুলিবোৰ চোৱাচিতা কৰা, খেৰ গুটিওৱা আদি বাগানত সদায় অনেক কাম থাকে। সেইবোৰ কাম কৰি উঠি মানুহজন আৰু ল’ৰাটোৰ বাবে দুপৰীয়াৰ ভাত-পানীও বনাবলগীয়া হয়।’’–ৰিঞ্জুমণিয়ে কয়।

ৰিঞ্জুমণি টাইড মিলি আৰু স্বামী মানৱ মিলিৰ এই অৰণ্যখনত বৰ্তমান ৫০০ জোপা গমাৰি, ৪০০ জোপা চেগুণ, ২০০ জোপা বাঁহ আৰু ১৫০ জোপা তামোল, প্ৰায় ১০০০ জোপা শিমলু গছকে ধৰি প্ৰায় ১০ হাজাৰ বেলেগ বেলেগ প্ৰজাতিৰ গছ আছে। ইয়াৰ উপৰিও বাগানখনত আছে গোল নেমু, কাজি নেমু, শিলিখা, ৰবাব টেঙা, ঔ, লিচু আদিৰ গছো। 

খেৰ বিক্ৰী কৰি বছৰি ৮০ হাজাৰ উপাৰ্জন!

এই বিশাল গছৰ বাগানখন গঢ়ি তোলাৰ উপৰিও প্ৰায় ১২ বিঘা মাটিত খেৰৰ খেতি কৰিছে এইহাল দম্পতীয়ে। এই খেৰবোৰ চালি ঘৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। জাৰ আৰু জহ দুয়োটাৰ বাবেই অতি অনুকুল হয় এই খেৰেৰে নিৰ্মিত ঘৰৰ চালি। এনে খেৰৰ চালি ৫-৬ বছৰলৈকে চলে। বৰ্তমান সময়ত টিনপাতৰ ব্যৱহাৰ বৃদ্ধি পালেও গ্ৰামাঞ্চলত আজিও আছে এনে খেৰৰ চাহিদা।

ৰিঞ্জুমণি টাইডে এই খেৰবোৰ গুটিয়াই (মুঠি বন্ধা) মুঠি হিচাবত বিক্ৰী কৰে। প্ৰতিটো মুঠিৰ দৰ ৬-৭ টকা পৰ্যন্ত হয়। ৰিঞ্জুমণি টাইড মিলিয়ে জানিবলৈ দিয়া মতে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মায়ো তেওঁলোকৰ পৰা ক্ৰয় কৰিছিল প্ৰায় ১৪০০ মুঠি খেৰ। 

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

এই খেৰ বিক্ৰী কৰিয়েই দম্পতীহালে বছৰি উপাৰ্জন কৰে ৮০ হাজাৰৰ পৰা এক লাখ টকা পৰ্যন্ত। বৰ্তমান তেওঁলোকৰ বাগানখনৰ এয়াই মূল উপাৰ্জন। ইয়াৰোপৰিও বাৰীৰ গোল নেমু, ৰবাব টেঙা, কাজি নেমু বিক্ৰী কৰিও বছৰি কিছু টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় দম্পতীহালে।

ৰিঞ্জুমণি টাইড মিলিয়ে কয়, “যোৱা বছৰ আদা-হালধি বিক্ৰী কৰি আমি প্ৰায় ৪০ হাজাৰ টকা পাইছিলো। কিন্তু এইবাৰ কৰা নাই। বহুত কষ্ট হয় আৰু সময়ো বহু দিব লাগে। সেয়ে এই বছৰ নকৰিলো। কিন্তু পাণ, জালুক আদি এইবাৰো আছে।’’

কিন্তু এই দম্পতীহালৰ বাগানত উত্পাদিত সামগ্ৰী বজাৰত বিক্ৰীৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান হৈছে যাতায়ত ব্যৱস্থা। লখিমপুৰৰ পৰা দুখন নদীৰ বুকু পাৰ হৈ তেওঁলোকৰ ঘৰ। গগৰা নদীখন ফেৰীৰে পাৰ হোৱাৰ পিছত মৰা সোৱণশিৰিৰ ওপৰৰ কাঠৰ দলঙেৰে পাৰ হৈ তেওঁলোকে পায়গৈ উত্তৰ লখিমপুৰ চহৰ। আজিও সুচল হৈ নুঠা যাতায়ত ব্যৱস্থাৰ বাবেই বাৰীৰ তামোল-পাণ, নেমুটেঙা আদি সময়মতে বিক্ৰী কৰিব নোৱাৰে ৰিঞ্জুমণি টাইড মিলি আৰু মানৱ মিলিয়ে।

মানৱ মিলিয়ে কয়, “নেমুটেঙা গছতে পকি পছি গৈছে। পাণবোৰ পকি সৰি নষ্ট হৈ যায়। কিন্তু আমি বিক্ৰী কৰিব নোৱাৰো। দুখনকৈ নদী পাৰ হৈ বেপাৰী আহি এইবোৰ লৈ যোৱাতো সম্ভৱ নহয়। আমিও গৈ বজাৰত বিক্ৰী কৰিব নোৱাৰো। যাতায়ত ব্যৱস্থা ভাল হোৱা হ’লে বিক্ৰী কৰিব পৰা গ’লহেঁতেন।’’

অৱশ্যে আজিকালি কেতিয়াবা হঠাৎ দুই এজন ক্ষুদ্ৰ বেপাৰী আহি তেওঁলোকৰ বাৰীৰ নেমু টেঙা, পাণ আদিবোৰ লৈ যায়। বাকী সময়ছোৱাত অঞ্চলটোৰ নিবাসীসকলেই তেওঁলোকৰ পৰা নিজে ঘৰত খাবলৈ এইবোৰ কম পৰিমাণে কিনি নিয়ে। 

খেৰ বিক্ৰী কৰিও ৰিঞ্জুমণিয়ে বছৰি কৰি আহিছে ভাল উপাৰ্জন

বাগানখনৰ পৰা বস্তু বিক্ৰী কৰি যি টকা বছৰি উপাৰ্জন কৰে, সেই টকাখিনিকেই জেওৰা দিয়া আদি কামৰ নামত খৰছ কৰে ৰিঞ্জুমণিয়ে। তেওঁ কয় যে বাঁহৰ জেওৰা বছৰি বছৰি ভাল কৰিবলগীয়া হয়। তদুপৰি গৰু-ছাগলীয়েও জেওৰাবোৰ ভাগি পেলায়। সেয়ে বছৰি জেওৰাবোৰ ভাল কৰাটো অনিবাৰ্য।

ৰিঞ্জুমণি টাইড মিলিয়ে কয়, “আমাৰ ইয়াত কাম কৰা মানুহৰ বৰ অভাৱ। হাজিৰা মানুহে নকৰেই। জেওৰা ভাল কৰাৰ সময়ত ১২ ফুট জেওৰাৰ কাম কৰিলে ৪০ টকাকৈ আমি দিব লাগে। খেৰ আৰু বাগানৰ অন্য বস্তু বেছি আমি যিখিনি পাও বাগানৰ কামতে খৰছ কৰো।’’

তেওঁ আৰু কয়, “আগতে মই জেওৰাবোৰ নিজেই দিছিলো। কিন্তু এতিয়া সময় একেবাৰে নহয়। চাকৰি, ঘৰ, বাগান সকলো চম্ভালিব লাগ। এতিয়া খেৰবোৰ গুটিওৱা (মুঠি বন্ধা) হৈছে। সেইবোৰ চাফা কৰিব লাগে। সেইবোৰো মই নিজেই কৰি আছো। মানুহজনে সময় পালে অলপ সহায় কৰি দিয়ে। জেওৰা নিদিলে গৰু-ছাগলীয়ে গছপুলিবোৰ নষ্ট কৰে।’’

গছ কটা বন্ধ কৰিবলৈ চৰকাৰক আহ্বান

''গছৰো প্ৰাণ আছে! গছেও কান্দে, গছেও হাঁহে। গছবোৰেও কাটিলে কষ্ট পায়।’’- পথ নিৰ্মাণ তথা অন্য কাৰণত গছ কটাক লৈ ব্যথা ব্যক্ত কৰি এইদৰেই মন্তব্য কৰে ৰিঞ্জুমণি টাইড মিলিয়ে। গছক নিজৰ সন্তানৰ সমানে ভালপোৱা মহিলাগৰাকীয়ে গছ কটা বন্ধ কৰিবলৈকো চৰকাৰক আহ্বান জনায়।

তেওঁ কয়, “গছবোৰ কাটিলে সিঁহতেও কষ্ট পায়। কেৱল আমাৰ দৰে সিঁহতে চিঞৰিব নোৱাৰে। চৰকাৰে গছ কটা বন্ধ কৰা উচিত। মানুহবোৰে নিজৰ ঘৰে ঘৰে এজোপা-দুজোপা যি পাৰে গছ ৰোপণ কৰিব লাগে। গছপুলি এটা ভালকৈ ৰুই থলেই হ’ল, তাকতো সদায় যত্ন কৰাৰ প্ৰয়োজন নাই। মানুহে পুলি এটা ৰুই থোৱাৰ কষ্টখিনিও কৰিব নোৱাৰে বুলি মোৰ মনে নকয়।’’

২০১০ চনত ৰিঞ্জুমণি টাইডে স্বামীৰ সৈতে মিলি আৰম্ভ কৰা গছপুলি ৰোপণৰ যাত্ৰাই আজি ১৩ বছৰ অতিক্ৰম কৰিছে। লাহে লাগে পৰিসৰ বঢ়াই নিছে দম্পতীহালে। দশক পূৰ্বে ৰোপণ কৰা বহু পুলি এতিয়া গছ হৈ উঠিছে, নতুনকৈ ৰোপণ কৰা পুলিবোৰ লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। এয়া সকলো ৰিঞ্জুমণি আৰু তেওঁৰ স্বামী মানৱ মিলিৰ নিজা প্ৰচেষ্টাৰ ফচল। এই মিছিং দম্পতীহালে ঘূণাসুঁতিক নতুন ৰূপ দিবলৈ কৰা এই প্ৰচেষ্টাই আজি আনৰ পৰাও লাভ কৰিছে যথেষ্ট সমাদৰ।


এই প্ৰতিবেদন যুগুতোৱাত বিশেষভাৱে সহায় কৰিছে ঋতুৰাজ মুদৈ আৰু হৰিপ্ৰসাদ চুতীয়াই