ডিজিটেল ডেস্কঃ অদম্য ইচ্ছাশক্তিয়ে মানুহক সফলতাৰ বাট দেখুৱাব পাৰে। তাৰেই এক নিদৰ্শন দাঙি ধৰিছে ৩৭ বৰ্ষীয় আংশু জেমচেনপা নামৰ অৰুণাচলী মহিলাগৰাকীয়ে।

দুই সন্তানৰ মাতৃ আংশুই যোৱা মঙলবাৰে ৮৮৪৮ মিটাৰ উচ্চতাৰ এভাৰেষ্ট শৃংগৰ শিখৰত উপনীত হৈছিল। পুৱা ৮ বজাত আংশুই এই সফলতা লাভ কৰিছিল। কিন্তু তাতেই সন্তুষ্ট নহৈ আজি পুনৰাই এভাৰেষ্ট জয় কৰি নিজৰ অদম্য ইচ্ছাশক্তি আৰু অধ্যবসায়ৰ উদাহৰণ হৈ পৰিছে আংশু জেমচেনপা। 

পৰ্বতাৰোহণৰ আগেয়ে আধ্যাত্মিক গুৰু দালাই লামাৰ পৰা আশীৰ্বাদ লৈ গৈছিল আংশুয়ে। একেটা চেছনতে দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰি নেপালৰ চুৰিয়াম চেৰপাই মহিলাৰ অভিলেখ ২০০২ চনতে গঢ়ি থৈছে যদিও একেটা সপ্তাহতে এনেদৰে দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰি জয়লাভ কৰা মহিলা আংশুৱে প্ৰথম।

 

আংশুৱে ইতিমধ্যে ৫ বাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে। ২০১৪ বৰ্ষতে এই পৰিকল্পনা সফল কৰাৰ মন পাঙিছিল যদিও হিমস্খলনত ১৬ জনকৈ নেপালী গাইডৰ মৃত্যু হোৱাত সেই পৰিকল্পনা আধাতে সামৰি থ’বলগীয় হয় আংশুৱে।  

২০১৬ বৰ্ষতে পুনৰাই ন উদ্যমেৰে যাত্ৰা আৰম্ভ কৰে যদিও ভূমিকম্পৰ ফলত বেছ কেম্পতে ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাবলগা হোৱাত আংশুৰ আশাত পুনৰ চেচাপানী পৰে।