নতুন দিল্লীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন অধ্যক্ষ কানহায়া কুমাৰৰ বিৰুদ্ধে আকৌ চলিব দেশদ্ৰোহৰ গোচৰ। শুকুৰবাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমোদন জনায় দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেৃতৃত্বাধীন আপ চৰকাৰে। দিল্লী চৰকাৰৰ উধৃতিৰে এই কথা সদৰী কৰিছে সংবাদ প্ৰতিষ্ঠান পিটিআই-এ।

দিল্লী চৰকাৰক ধন্যবাদ কানহায়াৰ

এই বাতৰি পোৱাৰ লগে লগে সত্যমেৱ জয়তে বুলি উল্লেখ কৰি এক টুইটযোগে দিল্লী চৰকাৰক ধন্যবাদ জনাইছে ছাত্ৰ নেতাগৰাকীয়ে। টুইটত তেওঁ লিখিছে, 'দিল্লী আৰক্ষী আৰু চৰকাৰী অধিবক্তাসকলক অনুৰোধ জনাইছো এই গোচৰটোক গম্ভীৰভাৱে লোৱা হওক, ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে বিচাৰ হওক আৰু টিভি চেনেলৰ নিজা আদালতৰ পৰিৱৰ্তে আইনৰ আদালতত ন্যায় সুনশ্চিত কৰা হওক। সত্যমেৱ জয়তে।’

কানহায়া কুমাৰে আৰু কয় যে এই গোচৰ ফাষ্টট্ৰেক আদালতত বিচাৰ কৰা উচিত যাতে কিদৰে আইনৰ দুৰ্ব্যৱহাৰ কৰি ৰাজনৈতিক লাভালাভৰ বাবে প্ৰাথমিক আৰু মূল সমস্যাবোৰৰ পৰা দৃষ্টি আতৰাবলৈ চেষ্টা চলোৱা হয় সেয়া দেশবাসীয়ে জানিব পাৰে। দিল্লী চৰকাৰৰ উক্ত সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পৰা বিৰত থাকি তেওঁ কয়, 'সময়টোলৈ চাওক। চাৰ্জশ্বিট দাখিল কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত। এতিয়া মই বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছো। সেয়ে আকৌ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে। দেশবাসীয়ে বুজি উঠিছে কিদৰে দেশদ্ৰোহিতাৰ আইনক লৈ ৰাজনীতি কৰা হৈছে। ইফালে চাওক, সন্ত্ৰাসবাদীক সহায় কৰা দেৱেন্দ্ৰ সিঙৰ বিৰুদ্ধে একো নকৰি চৰকাৰে মনে মনে বহি আছে আৰু হাস্যকৰভাৱে মোৰ বিৰুদ্ধে আকৌ গোচৰ চলাব খুজিছে।'

উল্লেখ্য যে ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰীত জেএনইউত তথাকথিত ভাৰত বিৰোধী শ্লগান দিয়াৰ ঘটনা পোহৰলৈ আহিছিল। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কানহায়া কুমাৰ, ওমৰ খালিদ আৰু অনিৰ্বাণসহ আন ৭জনক অভিযুক্ত বুলি দাবী কৰি ৰুজু কৰিছিল দেশদ্ৰোহৰ গোচৰ। আৰক্ষীয়ে অভিযোগনামাও দাখিল কৰিছে যদিও আইন অনুযায়ী উক্ত গোচৰ চলাবৰ বাবে দিল্লী চৰকাৰৰ অনুমতিৰ প্ৰয়োজন আছিল। কিন্তু এতিয়ালৈকে সেই সন্দৰ্ভত অনুমতি প্ৰদান কৰা নাছিল দিল্লী চৰকাৰে।

কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত গোচৰটো চলোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন জনাবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিবলৈ আহ্বান জনাই আবেদনো দাখিল কৰা হৈছিল। পিছে সৰ্বোচ্চ ন্যায়ালয়ে পোনছাটেই খাৰিজ কৰিছিল উক্ত আবেদন। অৱশেষত শুকুৰবাৰে কেজৰিৱাল চৰকাৰে এই ক্ষেত্ৰত অনুমোদন জনোৱাৰ লগে লগে কানহায়া, ওমৰ খালিদ, অনিৰ্বাণসহ বাকীসকলৰ বিৰুদ্ধে পুনৰ দেশদ্ৰোহৰ গোচৰ আৰম্ভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে।

কেজৰিৱালৰ সিদ্ধান্তক আদৰণি বিজেপিৰ নেতা-মন্ত্ৰীৰ

যোৱা ১৯ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীয়ে গোচৰটো চলোৱাৰ অনুমতি বিচাৰি প্ৰেৰণ কৰা এখন পত্ৰৰ পিছত আজি এই সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী চৰকাৰে। বিবিচিত প্ৰকাশিত বাতৰি অনুযায়ী ২০১৯ চনৰ ১৪ জানুৱাৰীতেই অনুমতি বিচাৰি দিল্লী চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল দিল্লী আৰক্ষীয়ে। সেই পত্ৰৰ কোনো উত্তৰ নোপোৱাত পুনৰ কিছুদিন পূৰ্বে আন এখন পত্ৰ প্ৰেৰণ কৰে দিল্লী আৰক্ষীয়ে।

ইফালে কেজৰিৱাল চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে দিল্লী বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীয়ে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰেও কেজৰিৱাল চৰকাৰৰ সিদ্ধান্তই দেশলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এক টুইটত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়, 'অৱশেষত কেজৰিৱাল চৰকাৰে জেএনইউ গোচৰত অনুমতি দিবলৈ বাধ্য হ’ল। দেশবাসীৰ দাবীৰ বাবেই এয়া কৰিবলগীয়াত পৰিছে দিল্লী চৰকাৰে।’

চাৰ্জশ্বিটত কি আছে?

দিল্লী আৰক্ষীয়ে বিগত বৰ্ষৰ ১৪ জানুৱাৰীত জেএনইউৰ ভাৰত বিৰোধী শ্ল’গানৰ গোচৰ সন্দৰ্ভত সুদীৰ্ঘ ৩ বছৰৰ অন্তত পাটিয়ালা হাউছ ক’ৰ্টত দাখিল কৰিছিল চাৰ্জশ্বিট। এই চাৰ্জশ্বিটত দিল্লী আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল কানহায়া কুমাৰ, ওমৰ খালিদ আৰু অনিৰ্বাণ ভট্টাচাৰ্টৰ নাম। চাৰ্জশ্বিটত নাম উল্লেখ থকা বাকীসকল হৈছে আকিব হুছেইন, মুনিব হুছেইন, ওমৰ গুল, ৰইছগুল, বছিৰ ভাট আৰু বছাৰত।

দিল্লী আৰক্ষীয়ে চাৰ্জশ্বিটত কানহায়া কুমাৰসহ ১০ জনৰ বিৰুদ্ধে গোচৰ চলোৱাৰ কথা উল্লেখ কৰিছে। অৱশ্যে অভিযুক্তৰ তালিকাত মুঠ ৩৬জনৰ নাম সন্নিবিষ্ট কৰিছে যদিও বাকীসকলৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নাই বুলি কোৱা হৈছে। আদালতে বিচাৰিলে সেইসকলকো বিচাৰ প্ৰক্ৰিয়া চামিল কৰিব পাৰে বুলিও চাৰ্জশ্বিটত কৈছে আৰক্ষীয়ে।

অভিযুক্তৰ তালিকাৰ লগতে চাৰ্জশ্বিটৰ সৈতে দিল্লী আৰক্ষীয়ে আদালতত প্ৰমাণ হিচাপে চিচিটিভি ফুটেজ, মোবাইলত ৰেকৰ্ডি কৰা ভিডিঅ’ আৰু আন কিছুমান তথ্য দাখিল কৰে। এই চাৰ্জশ্বিটত চিপিআই নেতা ডি ৰাজাৰ কন্য অপৰাজিতা আৰু জেএনইউৰ ছাত্ৰ একতা সভাৰ আন এগৰাকী নেত্ৰী শ্বিলা ৰছিদৰ নামো উল্লেখ কৰিছিল আৰক্ষীয়ে। ১২০০ পৃষ্ঠাজোৰা উক্ত চাৰ্জশ্বিট দিল্লী আৰক্ষীয়ে দাখিল কৰে যদিও দিল্লী চৰকাৰৰ অনুমোদন নথকা বাবে সেয়া মানি ল'বলৈ অস্বীকাৰ কৰে আদালতে। 

ঘটনাটো কি আছিল?

২০১৬ চনৰ ৯ ফেব্ৰুৱাৰীত জৱাহৰলাল বিশ্ববিদ্যালয়ত একাংশ অজ্ঞাত যুৱকে সংসদ ভৱনত আক্ৰমণ সংঘটিত কৰা দোষী আফজল গুৰুক মৃত্যুদণ্ড প্ৰদান কৰাৰ বিৰুদ্ধে আয়োজিত কৰিছিল এক প্ৰতিবাদী অনুষ্ঠানৰ। ২০১৩ চনৰ উক্ত দিনটোতে ফাচীকাঠত ওলমোৱা হৈছিল সন্ত্ৰাসবাদী আফজলক। উক্ত অনুষ্ঠানতে একাংশ শিক্ষাৰ্থীয়ে ভাৰত বিৰোধী শ্ল’গান দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

ঘটনা সন্দৰ্ভত দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। বিতৰ্ক চলি থকাৰ মাজতে কানহায়াই তেওঁৰ লগতে জেএনইউৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে বুলিও অভিযোগ উত্থাপন কৰি ঘটনাৰ কিছুদিন পিছতে বিশ্ববিদ্যালয় চৌহদত প্ৰদান কৰিছিল এক আকৰ্ষণীয় ভাষণ। তাৎপৰ্যপূৰ্ণ যে ২০১৬ৰ ৩ মাৰ্চত উক্ত ভাষণটো টুইট কৰি কানহায়া কুমাৰক প্ৰশংসাৰে উপচাই দিছিল অৰবিন্দ কেজৰিৱালে। ইয়াৰ কিছুদিন পিছতে আন কেবাজনো ছাত্ৰৰ লগতে গ্ৰেপ্তাৰ কৰি তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল জেএনইউৰ তেতিয়াৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ কানহায়া কুমাৰক। অৱশ্যে পিছত জামিনত মুক্তি লাভ কৰিবলৈ সমৰ্থ হয় কানহায়া।