দাম বহুত, কিন্তু গ্ৰাহকৰ প্ৰথম পছন্দৰ মোবাইল ব্ৰেণ্ড হৈছে আইফোন। হাতত সৰু হ’লেও আইফোন এটা থাকিলে অনুভৱটোৱেই যেন বেলেগ হৈ পৰে। আইফোনৰ সুন্দৰ ডিজাইন, সৰ্বোত্তম ফিচাৰছে বিগত প্ৰায় ডেৰ দশক ধৰি আকৰ্ষণ কৰি আহিছে গ্ৰাহকক। ২০০৭ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে বজাৰত এপল কোম্পানীয়ে মুকলি কৰিছিল আইফোন স্মাৰ্টফোন। তাৰ পিছৰে পৰা আৰু উভতি চাবলগীয়া হোৱা নাই কোম্পানীটোৱে। আভিজাত আৰু শ্ৰেষ্ঠ স্মাৰ্টফোনৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এপলে পৰৱৰ্তী সময়ত ঘড়ী,লেপটপ, আইপেড আদিও গ্ৰাহকৰ বাবে মুকলি কৰি দি টেকনলজিৰ দিশত সমগ্ৰ বিশ্বজুৰি গ্ৰাহকৰ পৰা লাভ কৰে অভূতপূৰ্ব জনপ্ৰিয়তা।

সময়ৰ লগে লগে  অত্যাধুনিক প্ৰযুক্তি আৰু ফিচাৰ সংলগ্ন কৰি ব্যৱহাৰকাৰীৰ বাবে অধিক সুবিধাজনক কৰি তুলিবলৈ সক্ষম হৈছে এপলে। এই কোম্পানীটোৱে দাবী কৰা মতে, তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিটো সামগ্ৰীয়ে ব্যৱহাৰকাৰীৰ গোপনীয়তা নিশ্চিত কৰে, হেকাৰৰ পৰা ৰক্ষা কৰে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য। এপলৰ সামগ্ৰী ব্যৱহাৰৰ বাবে গ্ৰাহকে বাচনি কৰাৰ এয়াও এটা অন্যতম কাৰণ।

কিন্তু এতিয়া এই এপলকে লৈ ভাৰতত উত্থাপন হৈছে অলেখ প্ৰশ্নৰ। এক ৰাজনৈতিক বিতৰ্কৰ কাণ্ডাৰী হৈ পৰিছে ষ্টিভ জবছৰ এই জনপ্ৰিয় কোম্পানীটো। প্ৰশ্ন উঠিছে- সঁচাকৈয়ে কিমান সুৰক্ষিত এপলৰ সামগ্ৰী? প্ৰশ্ন এয়াও উত্থাপন হৈছে- সম্ভৱ নে এপলে নিৰ্মাণ কৰা আইফোনৰ ভিতৰত প্ৰৱেশ কৰি ব্যৱহাৰকাৰীৰ গোপন তথ্য সংগ্ৰহ কৰা?

দৰাচলতে এনে অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে শেহতীয়াকৈ এপলে কেইবাগৰাকীও ভাৰতীয়লৈ প্ৰেৰণ কৰা এটা সতৰ্কবাণীৰ পিছত। ভাৰতত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰা এপলৰ সেই সতৰ্কবাণীটো ই-মেইল আৰু মেছেজযোগে লাভ কৰিছিল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টীৰ বিৰোধী নেতাৰ লগতে সাংবাদিক আৰু অন্য সুপৰিচিত ব্যক্তিয়েও। 

এপলৰ সেই সতৰ্কবাণী আছিল এনে ধৰণৰ- "এপলৰ ধাৰণা মতে, আপোনাৰ এপল আইডিৰ সৈতে আইফোনটো দূৰৈৰ পৰা ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীয়ে হেক কৰিবলৈ চেষ্টা চলাই আপোনাক লক্ষ্য কৰি লৈছে। আপুনি কোন বা আপুনি কি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি সম্ভৱতঃ এই আক্ৰমণকাৰীয়ে আপোনাক ব্যক্তিগতভাৱে লক্ষ্য কৰি  লৈছে।  যদি আপোনাৰ ডিভাইচটো কোনো ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হেক কৰা হয়, তেন্তে আক্ৰমণকাৰীয়ে আপোনাৰ স্পৰ্শকাতৰ তথ্য, যোগাযোগ, বা আনকি কেমেৰা আৰু মাইক্ৰ'ফোনসমূহ দূৰৈৰ পৰাই প্ৰভাৱিত কৰিব পাৰিব। অৱশ্যে এয়া ভুল এলাৰ্ম হ’ব পাৰে, অনুগ্ৰহ কৰি এই সতৰ্কবাণীক গম্ভীৰতাৰে ল’ব।’’

একাধিক বিৰোধী নেতাই এপলৰ পৰা এই সতৰ্কবাণী লাভ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে ফোন হেক কৰাৰ অভিযোগ। সমান্তৰালভাৱে বিৰোধীৰ গোপনীয়তা হস্তগত কৰিবলৈ চেষ্টা কৰাৰ বিস্ফোৰক অভিযোগে সচেতন মহলৰ মাজতো বৃদ্ধি কৰিছে উদ্বেগ। উল্লেখ্যে যে, ২ বছৰ পূৰ্বেও এনেদৰে বিদেশী স্পাইৱেৰ পেগাছাছ ব্যৱহাৰ কৰি চৰকাৰে বিৰোধীৰ ফোন হেক কৰা বুলি অভিযোগত সৰৱ হৈ পৰিছিল বিৰোধী।

এইবাৰ এতিয়ালৈকে প্ৰায় এক ডজন বিৰোধী ৰাজনীতিবিদে এপলৰ পৰা এই সতৰ্কবাণী লাভ কৰাৰ কথা নিশ্চিত কৰিছে। এই তালিকাত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰ আৰু কে চি বেনুগোপাল, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, চি পি এমৰ সীতাৰাম য়েচুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰা, শিৱসেনা (ইউ বি টি)ৰ প্ৰিয়ংকা চতুৰ্বেদী আৰু আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দা।

সংবাদ ৱেবছাইট ‘দ্য ৱায়াৰ’ৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ বৰাদৰাজনকে ধৰি একাংশ সাংবাদিকেও এই বাৰ্তা লাভ কৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কয় যে তেওঁৰ কাৰ্যালয়ত কৰ্মৰত বহু লোকে এপলৰ পৰা এই সতৰ্কবাণী লাভ কৰিছে।

এপলে প্ৰায়ে দাবী কৰে যে তেওঁলোকৰ সামগ্ৰীসমূহ ব্যৱহাৰকাৰীৰ গোপনীয়তা নিশ্চিত কৰিব পৰাকৈ ডিজাইন কৰা হয়। যাৰ বাবে কোম্পানীটোৰ পৰা লাভ কৰা এই সতৰ্কবাণীয়ে স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈ পৰিছে। অন্যহাতে এপলৰ পৰা লাভ কৰা এই সতৰ্কবাণীক লৈ বিৰোধী চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱাৰ পিছতে এপলকে শ’লঠেকত পেলাবলৈ প্ৰয়াস কৰা দেখা গৈছে কেন্দ্ৰীয় চৰকাৰক। এই বিষয়টো লাইমলাইটলৈ অহাৰ লগে লগে চৰকাৰে এপলক লক্ষ্য কৰি কয় যে এপলৰ সামগ্ৰীসমূহ গোপনীয়তা বজাই ৰাখিবলৈ ডিজাইন কৰা হৈছে নে নাই সেই বিষয়েও তদন্ত কৰা হ’ব।

কিমান সুৰক্ষিত এপ'লৰ সামগ্ৰী?

নিজে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ সুৰক্ষা ব্যৱস্থাক লৈ এপলে বাৰাম্বাৰ দাবী কৰি আহিলেও আমোদজনকভাৱে ২৭ অক্টোবৰত এপলৰ সামগ্ৰীৰ সুৰক্ষাৰ দুৰ্বলতাৰ বিষয়ে তথ্য প্ৰদান কৰিছিল এটা চৰকাৰী সংস্থাই।

উল্লেখ্য যে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ এটা সংস্থা ভাৰতৰ কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিমে (CERT-IN) ভাৰতৰ চাইবাৰ সমাজৰ মাজত সুৰক্ষা সজাগতা বৃদ্ধি, কম্পিউটাৰ সুৰক্ষাৰ কাণ্ডৰ পৰা আৰোগ্য লাভ কৰাত সহায়ক হোৱাকৈ কাৰিকৰী সহায় আৰু পৰামৰ্শ প্ৰদানৰ দায়িত্ব পালন কৰি আহিছে। CERT-IN এ চাইবাৰ সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো সময়ে সময়ে পৰামৰ্শ প্ৰদান কৰে।

এই সংস্থাটোৱেই ২৭ অক্টোবৰত  এপলৰ সামগ্ৰীৰ কেইবাটাও দুৰ্বলতা প্ৰকাশ কৰি এক পৰামৰ্শ জাৰি কৰিছিল আৰু দাবী কৰিছিল যে এপলৰ সামগ্ৰীৰ এই দুৰ্বলতাসমূহৰ সুবিধা গ্ৰহণ কৰি আক্ৰমণকাৰীয়ে ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ তথ্য লাভ কৰিব পাৰে।

এই পৰামৰ্শত এনে ৯ টা এপল চফ্টৱেৰৰ নাম দিয়া হৈছিল য’ত বিসংগতি পোৱা বুলি দাবী কৰা হৈছিল। এই পৰামৰ্শৰ গুৰুত্ব ৰেটিংক CERT-IN দ্বাৰা "উচ্চ" হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল।

ফোন হেকিংঃ উত্তপ্ত ৰাজনীতি

অন্যহাতে এপলৰ পৰা কেইবাগৰাকীও বিৰোধী নেতা তথা অন্য পৰিচিত ব্যক্তিয়ে সতৰ্কবাণী লাভ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে দেশৰ ৰাজনীতি। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয়, "যিমান বিচাৰে টেপিং কৰক, মই একো গুৰুত্ব নিদিওঁ। যদি আপুনি মোৰ ফোনটো বিচাৰে তেন্তে মই আপোনাক দি দিম, আপুনি লৈ লওক।"

ইফালে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, "শুনিবলৈ পাইছো শাসকীয় দলে এতিয়া বিৰোধীৰ ফোনত চোৰাংচোৱা কৰি আছে। বিৰোধীৰ মনৰ কথা শুনাতকৈ 'জনতাৰ মনৰ কথা’ শুনা ভাল। অন্ততঃ তেওঁলোকক শাসন কৰাৰ সুযোগ প্ৰদান কৰাৰ পিছত মুদ্ৰাস্ফীতি, দুৰ্নীতি, নিবনুৱা, ধ্বংস হোৱা আইন আৰু স্বাস্থ্য ব্যৱস্থা, মহিলাৰ বিৰুদ্ধে অপৰাধ, যুৱক-যুৱতীৰ ক্ষোভ, দৰিদ্ৰ, দলিত, বঞ্চিত, কৃষক আৰু শ্ৰমিকৰ শোষণ, জাতিগত লোকপিয়ল আৰু সামাজিক ন্যায়ৰ দৰে জ্বলন্ত বিষয়ত কিছু ইতিবাচক কাম কৰিব পাৰিব। মই নাজানো কিয়, কিন্তু মই শুনিছোঁ যে তেওঁৰ নিজৰ কৰ্মচাৰীসকলে এই চোৰাংচোৱাগিৰিৰ বাবে অধিক ভয় কৰে। শাসনৰ কাম কৰক, লুকাই চুৰকৈ শুনিব নালাগে!"

বুধবাৰে লোকসভাৰ সাংসদ মহুৱা মৈত্ৰাই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি কয় যে এই অবৈধ চোৰাংচোৱাগিৰি সংবিধানে দিয়া মৌলিক অধিকাৰৰ ওপৰত “আটাইতকৈ ভয়াবহ আক্ৰমণ”।

মৈত্ৰাই লিখিছে যে কেৱল চৰকাৰক বিক্ৰী কৰা আৰু ২০১৯-২১ চনৰ ভিতৰত বিৰোধী দলৰ বিভিন্ন নেতা, সাংবাদিক আৰু নাগৰিক সমাজৰ সদস্যসকলৰ মোবাইল আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা পেগাচাছ ছফ্টৱেৰৰ পৰিপ্ৰেক্ষিতত এই ভাবুকি দুগুণ উদ্বেগজনক।

মহুৱা মৈত্ৰাই লগতে লিখিছে যে ২০২৩ চনৰ মাৰ্চ মাহত ফাইনেন্সিয়েল টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত চৰকাৰে ইণ্টেলেক্সা এলায়েন্সৰ দৰে কোম্পানী জড়িত স্পাইৱেৰ চুক্তিৰ বাবে সম্ভাৱনাময়ভাৱে বাজেট ১২ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিছে।

কি কয় এপ'লে?

ৰাজনীতিবিদৰ ফোনত ভাবুকিৰ অধিসূচনাৰ বিষয়ত এক বিবৃতিত এপলে সংবাদ সংস্থা বিবিচিক জনায় যে কোম্পানীয়ে এই সতৰ্কবাণীক কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হেকিঙৰ প্ৰয়াস কৰা হৈছে বুলি দাবী নকৰে।

কোম্পানীটোৱে কয় যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হেকাৰে ধন লাভ কৰে আৰু খুব গুৰুত্ব সহকাৰে হেকিঙৰ চেষ্টা চলায়। সময়ৰ লগে লগে হেকাৰৰ হেকিঙ দক্ষতাও বৃদ্ধি পায় বুলি মন্তব্য কৰে কোম্পানীটোৱে। এপলৰ মতে, এনে আক্ৰমণ ধৰা পেলোৱাটো নিৰ্ভৰ কৰে চোৰাংচোৱাৰ সংকেতৰ ওপৰত যিবোৰ প্ৰায়ে অনিশ্চিত বা অসম্পূৰ্ণ হয়।

বিবৃতিটোত কোম্পানীটোৱে কয় যে, "এপলৰ কিছুমান সতৰ্কবাণী ফেক এলাৰ্ম হ'ব পাৰে বা কিছুমান আক্ৰমণ ধৰা নপৰাটোও সম্ভৱ। পৃষ্ঠপোষকতা কৰা আক্ৰমণকাৰীয়ে ভৱিষ্যতে এনে কাৰ্য্যত ধৰা পৰাৰ পৰা হাত সাৰিবলৈ উপায় বিচাৰি লয়।"

কোম্পানীটোৱে ১৫০খন দেশলৈ এনে হেকিঙৰ সতৰ্কবাণী প্ৰেৰণ কৰা বুলিও স্পষ্ট কৰি দিয়ে যদিও যোৱা ২৪ ঘন্টাত এই আটাইকেইখন দেশলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হোৱা নাই বুলিও স্পষ্ট কৰে।

পুনৰ চৰ্চা পেগাছাছক লৈ

শেহতীয়া এই পৰিঘটনাই ইজৰাইলী চাইবাৰ নিৰাপত্তা কোম্পানী এন এছ অ’ গ্ৰুপে নিৰ্মাণ কৰা সামৰিক গ্ৰেডৰ স্পাইৱেৰ পেগাছাছক পুনৰ এবাৰ চৰ্চা বৃদ্ধি কৰিছে ভাৰতত। এন এছ অ’ই পেগাছাছক কেৱল সন্ত্ৰাসবাদী আৰু সংগঠিত অপৰাধ গোটক লক্ষ্য কৰি ল’বলৈ ব্যৱহাৰ কৰা বুলি দাবী কৰিলেও ২০১৭ চনৰ পৰাই মানৱ অধিকাৰ ৰক্ষাকাৰী, ৰাজনীতিবিদ আৰু সাংবাদিকৰ বিৰুদ্ধে ইয়াৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।

২০২১ চনত ১৭টা সংবাদ মাধ্যমৰ যৌথ তদন্তত যিসকলক আক্ৰমণ কৰা হৈছিল বা পেগাছাছ স্পাইৱেৰৰ লক্ষ্য হিচাপে চিনাক্ত কৰা হৈছিল তেওঁলোকৰ নাম প্ৰকাশ পাইছিল। বহু ভাৰতীয়ৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

এই খবৰ সংবাদ মাধ্যমত অহাৰ পিছত উচ্চতম ন্যায়ালয়ে পেগাছাছ স্পাইৱেৰ গোচৰৰ অভিযোগৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি নিযুক্তি দিছিল। এই কমিটীয়ে পৰীক্ষা কৰা ২৯টা ফোনত এই স্পাইৱেৰৰ ব্যৱহাৰৰ কোনো নিৰ্ণায়ক প্ৰমাণ লাভ কৰা হোৱা নাছিল। কিন্তু কমিটীয়ে কেন্দ্ৰীয় চৰকাৰে কমিটীৰ সৈতে “সহযোগ কৰা নাই” বুলিও স্পষ্ট কৰিছিল।

এই বিষয়ৰ তদন্তৰ দাবীত দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পেগাছাছ ছফ্টৱেৰৰ অকৰ্তৃত্বশীল ব্যৱহাৰৰ লগত জড়িত বুলি উত্থাপিত অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰে।

কি কয় চৰকাৰে?

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে টুইটযোগে লিখিছে যে সাংসদ আৰু জিঅ’-পলিটিক্সৰ সৈতে জড়িত লোককে ধৰি বহু লোকে এই সতৰ্কবাণী লাভ কৰাৰ পিছত এপলৰ ডিভাইচসমূহ কিমান সুৰক্ষিত সেয়া কোম্পানীয়ে স্পষ্ট কৰিব লাগে।  লগতে যদি এপলৰ সামগ্ৰী তেওঁলোকে দাবী কৰা ধৰণে ইমানেই সুৰক্ষিত, তেন্তে কিয়  ১৫০ খন দেশৰ লোকলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ৰাজীৱ চন্দ্ৰশেখৰে লগতে কয় যে তেওঁৰ চৰকাৰ নাগৰিকৰ গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ আৰু চৰকাৰে এই দায়িত্ব অতি গুৰুত্বসহকাৰে পালন কৰি আহিছে। তেওঁ কয় যে চৰকাৰে এই সতৰ্কবাণীৰ প্ৰতিবেদনসমূহৰ তদন্ত কৰিব আৰু এপলৰ সামগ্ৰী নিৰাপদ আৰু গোপনীয়তা অনুসৰি হয় নে নহয় সেয়াও তদন্ত কৰিব।

বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "ভাৰত চৰকাৰে সকলো নাগৰিকৰ গোপনীয়তা আৰু সুৰক্ষা ৰক্ষাৰ ভূমিকাক অতি গুৰুত্বসহকাৰে লয় আৰু এই অধিসূচনাসমূহৰ পুংখানুপুংখ তদন্ত কৰা হ’ব। এনে তথ্য আৰু ব্যাপক জল্পনা-কল্পনাৰ মাজত আমি এপলক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা কথিত আক্ৰমণৰ প্ৰকৃত, সঠিক তথ্যৰে তদন্তত সহযোগ কৰিবলৈও আহ্বান জনাইছো।'

বৈষ্ণৱে লগতে কয় "বিষয়টোৰ ওপৰত এপলৰ বেছিভাগ তথ্য অস্পষ্ট আৰু অ-নিৰ্দিষ্ট প্ৰকৃতিৰ যেন লাগে। এপলে লগতে দাবী কৰিছে যে এপল আইডিবোৰ ডিভাইচসমূহত সুৰক্ষিতভাৱে এনক্ৰিপ্ট কৰা হয়, যাৰ ফলত ব্যৱহাৰকাৰীৰ স্পষ্ট অনুমতি অবিহনে সেইবোৰত প্ৰৱেশ কৰা বা চিনাক্ত কৰাটো অত্যন্ত কঠিন হৈ পৰে। এই এনক্ৰিপশ্বনে ব্যৱহাৰকাৰীৰ এপল আইডি সুৰক্ষিত কৰে আৰু নিশ্চিত কৰে যে ই ব্যক্তিগত আৰু সুৰক্ষিত হৈ থাকে।''