গুৱাহাটীঃ পৰেশ বৰুৱা এতিয়া চীনৰ পৰামৰ্শদাতা। পৰেশ বৰুৱাৰ পৰামৰ্শতে ভাৰত ভ্ৰমণলৈ আহিব চীনৰ এটি বৃহ९ কুটনীতিবিদৰ দল। এই অভিযোগ উত্থাপন কৰিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই।

গুৱাহাটী প্ৰেছ ক্লাৱত আজি  আয়োজিত এখনত সংবাদ মেলত শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰ খননৰ দৰে ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাত শংকিত হৈ পৰা চীনে আশ্ৰয় লৈছে পৰেশ বৰুৱাৰ। উল্লেখ্য যে নমামি মহো९সৱৰ অন্তিম দিনা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত স্বাক্ষৰিত হয় ব্ৰক্ষপুত্ৰ খননৰ ঐতিহাসিক চুক্তি।

এই চুক্তি অনুসৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ১৩০০ কি. মি. এক্সপেছ হাইৱে নিৰ্মাণ কৰা হ'ব। অসমৰ পটভূমিত ইমান ডাঙৰ চুক্তি স্বাক্ষৰিত হোৱাটো চীনৰ কেতিয়াও কাম্য নহয়। পৰেশ বৰুৱায়ো সঠিক তথ্য এতিয়ালৈ চীনৰ হাতত দিব পৰা নাই।

অসমৰ সামগ্ৰিক পৰিৱেশ আৰু ভৱিষ্যতে আহিব পৰা পৰিৱৰ্তন সম্পৰ্কে তথ্যহীন চীনে শেষত পৰেশ বৰুৱাৰ পৰামৰ্শতে ততাতয়াকৈ চীনৰ ৰাষ্ট্ৰদূত লও যাও হুইৰ নেতৃত্বত এটি বৃহ९ কূটনীতিবিদৰ দল অসমলৈ পঠিয়াই সমগ্ৰ অসমৰ ওপৰত চৰকাৰী আতিথ্যত এক চৰজমিন অধ্যয়ন কৰাৰ ভয়ানক পৰিকল্পনা কৰিছে বুলিও সংবাদ মেলত অভিযোগ উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতিজনে।

তেওঁ আৰু কয় যে আলফা (স্বাধীন)ৰ ঘাটি তিনিচুকীয়াৰ চাইনিজ ৱাৰ চিমেন্ট্ৰী ভ্ৰমণৰ অজুহাত দেখুৱাই চীন চৰকাৰে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰিছে। যি সময়ত ৰাজ্যৰ আৰক্ষী প্ৰশাসন বিহুৰ নামত ব্যস্ত থাকিব সেই সময়তে ৰঙা চীনৰ কূটনীতিবিদৰ দলে অসমৰ চৰজমিন অধ্যায়ন কৰি তথ্য সংগ্ৰহ কৰাৰ এক ভয়ানক পৰিকল্পনা  কৰিছে বুলি দাবী কৰে এ পি ডব্লিউৰ সভাপতি শৰ্মাই।

সংবাদ মেলত চীনৰ ৰাষ্ট্ৰদূত সহিতে বৃহ९ কূটনীতিবিদৰ এই চোৰাংচোৱাগিৰিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম পাব্লিক ৱৰ্কছে। চীনৰ এই ভ্ৰমণ বাতিল কৰিবলৈকো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে সংগঠনটোৱে।

সভাপতি শৰ্মাই ৰঙা চীনৰ লালিত-পালিত পৰেশ বৰুৱাৰ এনে কাৰ্যক দেশদ্ৰোহী আখ্যা দি পৰৱৰ্তী সময়ত এনেধৰণৰ কু-কাৰ্য সংঘটিত নকৰিবলৈকো সকীয়াই দিয়ে।