newsnextone.com | হোজাইঃ দুজন লোকে ধৰ্ষণ আৰু হত্যা কৰি কপিলী নৈত উটুৱাই দিয়া শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ দোষী সাব্যস্ত হোৱা দুই দোষীৰ এজনক ফাঁচীৰ ৰায় দিয়াৰ লগতে এজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। 

কেন্দ্ৰীয় চৰকাৰে নতুন ৰূপয়ন কৰা আইনৰ অধিনত আদালতে এই ৰায় দিয়া বুলি জানিব পৰা গৈছে। বুধবাৰে এইৰায় প্ৰদান কৰে হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। গোচৰৰ দোষী মইনুল হকক ফাঁচীৰ ৰায় দিয়াৰ লগতে আনজন দোষী চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে আদালতে।

আৰক্ষীয়ে দীৰ্ঘ তদন্ত আৰু আদালতত চলা দীৰ্ঘ শুনানিৰ অন্তত বুধবাৰে বিচাৰৰ শাস্তিৰ ৰায় প্ৰদান কৰে। শাস্তিৰ ৰায় প্ৰদান কৰাৰ লগতে যোৱা ২৪ জুলাইত  হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দুয়োতে দোষী ঘোষণা কৰি ৰায় দিছিল।

এক বৰ্বৰ, পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডই কঁপাইছিল সমগ্ৰ অসমক। হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰে আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল ২০১৭ চনৰ মে' মাহত৷

এই ঘটনাই হোজাই জিলাতে নহয় সমগ্ৰ অসমক উত্তাল কৰিছিল। অসমৰ ৰাইজে এই ঘটনাৰ সৈতে জড়িত লোকক শীঘ্ৰে আটক কৰি উচিত শাস্তি দিয়াৰ দাবী কৰিছিল। সমগ্ৰ অসমত মম হাতত লৈ নাৰী সমাজ ৰাজপথলৈ ওলাই আহিছিল।

তাৰ পিছতে সষ্টম হৈ পৰিছিল যমুনামুখ আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল প্ৰথমে মইনুল হক নামৰ এজন লোকক। তাৰ পিছতে আন এজন মইনুলৰ সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে দীৰ্ঘ তদন্ত আৰু আদালতত চলা দীৰ্ঘ শুনানিৰ অন্তত যোৱা ২৪ জুলাইত বিচাৰৰ অন্তিম শুনানিৰ অন্তত দুয়ো অভিযুক্তক দোষী সাব্যস্ত ঘোষণা কৰি ৰায় প্ৰদান কৰে। শাস্তিৰ ৰায় বুধবাৰে হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে।

উল্লেখ্য যে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাওঁ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা (৫৫)ৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ হৈছিল৷ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধিং গাঁৱৰ বিমল বৰাৰ শিক্ষয়িত্ৰী পত্নী অৰ্ণমাই বৰাই আনদিনাৰ দৰে  ২০১৭ চনৰ ৩১ মে'ত বিয়লি অনুমান তিনি মান বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত যমুনামুখ কামপুৰ পথৰ উৰিয়াম নামৰ এক নিৰ্জন ঠাইত দুৰ্বৃত্তৰ দলটোৱে  অসৎ কাৰ্য চৰিতাৰ্থ কৰি শিক্ষয়িত্ৰী গৰাকীক হত্যা কৰিছিল৷

তাৰ পিছতে প্ৰমাণ নাইকিয়া কৰাৰ বাবে শিক্ষয়িত্ৰীগৰাকীক কাষৰ কপিলী নৈত পেলাই দিয়ে৷ স্থানীয় ৰাইজে কপিলী নৈৰ বৰচুংঘাটত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী আৰু স্থানীয়ে ৰাইজে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্তও কৰে৷

মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ দাগ স্পষ্ট হৈ থকাৰ লগতে দুৰ্বৃত্তই শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত চাদেৰৰে ফাঁচী লগাই অতি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছিল। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি নগাওঁ অসামৰিক চিকিৎসালয়ত  মৰণোত্তৰ পৰীক্ষাৰ অন্তত ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছিল। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল আৰু মইনুল হক আৰু মইনুলৰ সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল।