ৰঙিয়াঃ দীৰ্ঘদীন ধৰি মহানগৰীকে ধৰি নামনি অসমৰ কেইবাঠাইতো বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা এজন গভাইত চোৰক আজি ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বিভিন্ন নাম লৈ বাইক চুৰি কাণ্ড সংঘটিত কৰা দীপজ্যোতি ডেকা নামৰ ধৃত চোৰটোৰ নামত ইতিমধ্যে নলবাৰী থানাত কেইবাটাও বাইক চুৰিৰ গোচৰ ৰুজু হৈ আছে৷

নামনি অনমৰ কেইবাখনো জিলা আৰজ্ক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা নলবাৰী জিলাৰ এই গভাইত চোৰজনক আজি ৰঙিয়া আৰক্ষীয়ে তুলসীবাৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ৰঙিয়াৰ জলজলীৰ পৰা আটক কৰে৷ আৰক্ষীয়ে ধৃত চোৰজনৰ পৰা এখন নম্বৰপ্লেট বিহীন চুৰি গ্লেমাৰ বাইকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

সম্প্ৰতি দীপজ্যোতি ওৰফে দিবাকৰ ওৰফে দীপেন নামৰ ধৃত বাইক চোৰজনক ৰঙিয়া আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে অুই গভাইত চোৰ জনৰ সহযোগত বাইক চুৰিৰ সতে জড়িত আন আন সদস্য সকলকো আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে৷