ডনাল্ড ট্ৰাম্পৰ শেহতীয়া শৰণাৰ্থী সম্পৰ্কীয় পদক্ষেপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে৷ ফেচবুকৰ চি ই অ' মাৰ্ক জুকাৰবাৰ্গেও ট্ৰাম্পৰ এই সিদ্ধান্তক সমালোচনা কৰে৷ " এইটো আমাৰ বাবে গৌৰৱৰ কথা যে আমেৰিকা সদায় এখন শৰণাৰ্থিৰ ৰাষ্ট্ৰ ৷ আমি সদায় আমাৰ দেশখনক সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে কিন্তু সেইটো কৰিবলৈ আমি বিপ্দজনক লোকসকলৰ ওপৰত ধ্যান দিয়াটো প্ৰয়োজনীয়"৷ জুকাৰবাৰ্গে কয় যে আমি সদায় আৰ্ত শৰণাৰ্থী সকলৰ বাবে আমেৰিকাৰ দুৱাৰখন খুলি থোৱাতো প্ৰয়োজনীয়৷ শান্তিৰ নোবেলজয়ী মালালায়ো এই সন্দৰ্ভত আচাৰ্য্য প্ৰকাশ কৰে৷ মালালাই কয়ে এই সিদ্ধান্ত যুদ্ধপিড়ী ত মহিলা আৰু শিশুসকলৰ বাবে দুখজনক পদক্ষেপ।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।