newsnextone.com | ডিজিটেল ডেস্কঃ এছিয়া জুনিয়ৰ বেডমিণ্টনত সোণ জয়ী কৰিলে লক্ষ্য সেনে৷ এছিয়ান জুনিয়ৰ বেডমিণ্টনত চেম্পিয়ন হয় লক্ষ্য সেন৷ দেওবাৰে ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত চূড়ান্ত খেলত থাইলেণ্ডৰ কনলাভুট ৱিটিছচাৰ্নক ২১-১৯, ২১-১৮ পৰাজিত কৰে ভাৰতৰ লক্ষ্যই৷ পুৰুষৰ একক প্ৰতিযোগিতাত ৫৩ বছৰৰ মূৰকত প্ৰথমবাৰ কোনো ভাৰতীয় চেম্পিয়ন হয়৷

এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়ন ষষ্ঠ স্থানত আছিল লক্ষ্য৷ কিন্তু দুৰ্দান্ত ফৰ্ম থকা লক্ষ্যই কেইবাগৰাকী তৰকাক ধৰাশয়ী কৰে৷ কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় স্থানৰ বাচাই-লি চিফিণ্ডক হৰুওৱাৰ লগতে চেমিফাইনেলত ইকহান ৰুম্বেক হৰুৱাই চূড়ান্ত খেলত উপনীত হয়৷ এছিয়া জুনিয়ৰ বেডমিণ্টনত পুৰুষৰ একক প্ৰতিযোগিতাত ১৯৬৫ চনত গৌতম ঠাক্কাৰে সোণ জয়ী হৈছিল আৰু ৫৩ বছৰৰ মূৰকত পুনৰ সোণ লাভ কৰিলে লক্ষ্যই৷