ফিল’বাৰী/ডিব্ৰুগড়ঃ তিনিচুকীয়া জিলাৰ বৰডুমচাত বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিবেশন৷ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সমীপৰ ৰিতুপথাৰৰ বডৌচা সমন্বয় ক্ষেত্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চিংফৌ হেৰিটেজ চেন্টাৰত পাঁচ দিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন৷ ৩১ জানুৱাৰী অৰ্থাৎ বুধবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ লোক গোট খাইছে অধিবেশন থলীত৷

৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ সীমান্তৱৰ্তী জনসাধাৰণৰ মাজত সৃষ্টি হৈছে পাৰ ভগা উছাহ৷ দৈনিক প্ৰায় দুই লক্ষাধিক সাহিত্যপ্ৰেমীৰ সমাগম ঘটিব বুলি আশা কৰিছে স্থানীয় ৰাইজে৷ বহু চৰ্চাৰ অসম সাহিত্য সভাৰ ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমছা অধিৱেশনক সৰ্বতো প্ৰকাৰে সফল কৰিবলৈ উঠি পৰি লাগিছে তিনিচুকীয়া জিলাৰ ৰিতুপথাৰবাসীয়ে৷ প্ৰায় আঢ়ৈ কোটি টকাৰ বিশাল বাজেটেৰে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ ধাৰ্য কৰা হৈছিল যদিও আৰ্থিক সংকটক নপৰাও নহয়৷

সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ অধিবেশন খন কোনো কাৰণতে যাতে বিফলতাৰ মুখ দেখিব লগা হয় তাৰ বাবে স্থানীয় ৰাইজ যথেষ্ট সচেতন হৈ আগবাঢ়িছে৷ উজনি অসমৰ অন্যতম ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত বৰডুমচা প্ৰায় নেতিবাচক খবৰৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰি আছিল৷ সম্প্ৰতি ইতিবাচক খবৰে পৃষ্ঠা দখল কৰাৰ লগতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ স্বৰ্ণিল ইতিহাস ৰচিবৰ বাবে লাখ লাখ সাহিত্য প্ৰেমীক আদৰিবলৈ সাজু বৰডুমচাবাসী৷

ইয়াৰ মাজতে, স্থানীয় ৰাইজৰ লগতে অসমৰ সকলো শ্ৰেণীৰ লোককে অধিৱেশনলৈ আহি অধিবেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ এক বিবৃতি যোগে আহ্বান জনায় আদৰণি সমিতিয়ে৷ আনহাতে অধিবেশনলৈ অহা অতিথিক অপ্যায়ন কৰিব মটক জনগোষ্ঠীৰ জলপানেৰে৷ সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলাৰ সমিতি অাৰু বুঢ়ীদিহিং অাঞ্চলিক সমিতিয়ে মটক জনগোষ্ঠীৰ জলপানেৰে অতিথিক আপ্যায়ান কৰিব৷

অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমছা অধিবেশনলৈ অহা সাহিত্য সভাৰ সমূহ প্ৰতিনিধি, অতিথিক মটক জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ জলপানেৰে আপ্যায়ন কৰিব বুলি জানিব পৰা গৈছে। অহা ২ ফেব্ৰুৱাৰীত সাহিত্য সভাৰ প্ৰতিনিধি, অতিথিক মটক জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত জলপানেৰে আপ্যায়ণ কৰিবলৈ বিভিন্ন পিঠা-পনা, জা-জলপান, গাখীৰৰ বিভিন্ন খাদ্য সামগ্ৰীকে আদি কৰি জনগোষ্ঠীয় খাদ্য সম্ভাৰ সাজু কৰিছে৷

মটক নেতা, অধিবক্তা অমলেন্দু ফুকনে নেতৃত্ব লোৱা মটক জনগোষ্ঠী জীয়ৰি-বোৱাৰীয়ে জাতীয় অনুষ্ঠান সাহিত্য সভাৰ অধিবেশনলৈ অহা প্ৰতিনিধিসকলক আপ্যায়ন কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদে আদৰণি জনাইছে সমূহ সাহিত্য প্ৰেমীক।