‘আপুনি ৰাঘৱ চালে নে ?’ – অনলাইন বুকিং এপৰ খালী হৈ থকা চিনেমা হ’লৰ ছীটৰ স্ক্ৰীণশ্বট দি সামাজিক মাধ্যমত এতিয়া ইজনে সিজনক এইদৰে প্ৰশ্ন কৰিছে। অধিকাংশৰে উত্তৰ, ‘নাই চোৱা, নাচাও।’ তাৰ মাজতে কেইজমানে উত্তৰ দি কৈছে- ‘চালোঁ, ভাল হৈছে। বৰ সুন্দৰ অভিনয়।’  চিনেমাখন নোচোৱা সকলে কিয় নাচায় তাৰো কাৰণ দাঙি ধৰিছে। মুঠতে এইকেইদিন সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু গাঁৱৰ তিনিআলিবোৰত ‘ৰাঘৱ’ক লৈ খুব চৰ্চা চলিছে।

যোৱা ২৭ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি পাইছে জেবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত আৰু অসমীয়া বোলছবিৰ দুৰ্দান্ত অভিনেতাৰূপে পৰিচিত যতীন বৰা অভিনীত ৰাঘৱ চিনেমাখন। কিন্তু চিনেমাখনক লৈ মুক্তিৰ পূৰ্বৰে পৰাই অব্যাহত আছে বিতৰ্ক। অসমীয়া ছবিজগতৰ ইতিহাসত সম্ভৱতঃ প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এক বয়কট প্ৰথা। এই বয়কট ৰাঘৱৰ বিৰুদ্ধে, এই বয়কট যতীন বৰাৰ বিৰুদ্ধে। বহুতে যতীন বৰা জনতাৰ ৰোষত পৰা বুলি উল্লেখ কৰি এইক্ষেত্ৰত বয়কটৰ পৰিৱৰ্তে গণ আক্ৰোশ বা জনৰোষৰ দৰে শব্দহে খাপ খাব বুলিও মন্তব্য কৰিছে।

যতীন বৰাৰ এই নৱতম চিনেমাখনৰ মুক্তিৰ পূৰ্বে প্ৰচাৰৰ সময়তো এক বিতৰ্কৰ সূচনা হৈছিল। অসমৰ বিদ্যালয়-মহাবিদ্যালয়ত যতীন বৰা আৰু ছবিখনৰ অন্য কলা-কুশলীয়ে প্ৰচাৰ চলোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল অনেকে। ছবিখনক লৈ আৰম্ভ হোৱা সেই বিতৰ্ক মুক্তিৰ পিছতো শাম নাকাটিল। অভিনয়ৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দি ‘অসমীয়াৰ আৱেগক উপলুঙা কৰা’ যতীন বৰাৰ বিৰুদ্ধে মুকলিকৈ অভিমান জাহিৰ কৰাত নামি পৰে আৱেগিক অসমীয়া। একে সময়তে সামাজিক মাধ্যমতো পূৰ্ণগতিত চলে ‘ৰাঘৱ’ৰ বয়কট ট্ৰেণ্ড।

শেহতীয়াকৈ অসমীয়াৰ অভিমানে যতীন বৰা আৰু টীম ৰাঘৱক বাৰুকৈয়ে বিধ্বস্ত কৰা বুলি দাবী কৰিছে অনেকে। সামাজিক মাধ্যমৰ বয়কট ট্ৰেণ্ডৰ পিছত খালী ছবিগৃহৰ অলেখ ফটো আৰু ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। অৱশ্যে টীম ৰাঘৱে এনে ভাইৰেল ফটো-ভিডিঅ’ই চিত্ৰায়িত কৰা দাবীক নস্যাৎ কৰিছে। 

একাংশ সংবাদ মাধ্যমৰ মতে, মুক্তিৰ প্ৰথম দিনটোতে ৩০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাঘৱে। এই বাতৰিৰ পিছতে চিনেমাহলৰ বুকিং নোহোৱাকৈ থকা ছীটৰ অনলাইন বুকিং এপৰ স্ক্ৰীণশ্বট আৰু খালী চিনেমাহলৰ ফটো-ভিডিঅ’ দি ভিন্নজনে সংবাদ মাধ্যমৰ তেনে বাতৰিৰ সত্যাসত্যক লৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

এতিয়া প্ৰশ্ন উঠিছে- কোন সঁচা, কোন মিছা? কিয় আজি অসমীয়াৰ ৰোষত পৰিবলগীয়া হৈছে একালৰ একছত্ৰী সম্ৰাট যতীন বৰা? কিয় আজি ৰাঘৱৰ এনে দুৰাৱস্থা? এনে প্ৰশ্নসমূহৰ উত্তৰ বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰদান কৰিছে। সমান্তৰালভাৱে বহুতে এগৰাকী শিল্পীৰ থাকিবলগীয়া দায়বদ্ধতাখিনিও সোঁৱৰাই দিছে।

শিল্পী আৰু দায়ৱদ্ধতা

ৰাজনীতিত শিল্পীৰ প্ৰৱেশ নতুন কথা নহয়। সময়ে সময়ে ৰাজনৈতিক আদৰ্শ গ্ৰহণ কৰি অভিনেতা, সংগীত শিল্পী, লেখক, ক্ৰীড়াবিদে ৰাজনীতিত নিজৰ ভাগ্য নিৰ্ণয়ৰ চেষ্টা চলাই আহিছে। জয়াললিতাৰ পৰা শক্ৰুঘ্ন সিনহালৈ, হেমা মালিনীৰ পৰা গৌতম গম্ভীৰলৈ বহু তাৰকাই যোগ দিছে ৰাজনীতিত। কিন্তু ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ২০১৪ চনৰ পিছৰ সময়ছোৱাত শিল্পী, সাহিত্যিক, খেলুৱৈৰ ৰাজনীতিত প্ৰৱেশৰ হাৰ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে। তথ্য অনুসৰি, ২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ গঠন হোৱাৰ পিছত কমেও ২০ গৰাকী সুপৰিচিত তাৰকা শিল্পীৰ প্ৰৱেশ ঘটিছে ৰাজনীতিত। বিভিন্ন ৰাজ্যৰ স্থানীয় শিল্পীসকলৰ ৰাজনীতিত প্ৰৱেশৰ কথা নকলেও ৰাজনীতিত শিল্পীৰ প্ৰৱেশৰ এই হাৰো কম নহয়।

অন্যহাতে বৰ্তমান সময়ত এনে বহু তাৰকা শিল্পী, পৰিচালক, অভিনেতা, খেলুৱৈও আছে, যিয়ে ৰাজনীতিত প্ৰত্যক্ষ প্ৰৱেশ নকৰিলেও এটা নিৰ্দিষ্ট দলৰ হৈ মাত মতাৰ, কাম কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিশেষকৈ শাসকীয় দলৰ হৈ কথা কোৱাসকলে পৰোক্ষভাৱেও হ’লেও চৰকাৰৰ পৰা সমৰ্থনো পাই আহিছে। বলিউডৰ সুপৰিচিত ছবি পৰিচালক বিবেক অগ্নিহোত্ৰী, অভিনেত্ৰী কংগনা ৰাণাৱট, অভিনেতা পৰেশ ৰাৱাল আদিয়ে এনেদৰেই চৰকাৰৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সমৰ্থন লাভ কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে।

কিন্তু বিশেষজ্ঞসকলৰ মতে, ৰাজনীতিৰ পৰিৱৰ্তেও সমাজৰ হৈ কাম কৰাৰ বাবে শিল্পীৰ হাতত অনেক বাট থাকে। সমগ্ৰ বিশ্বৰ ইতিহাস ভৰি আছে শিল্পীয়ে ৰাজনীতিৰ পৰিৱৰ্তে গ্ৰহণ কৰা অন্য বাটৰ নজিৰেৰে। পল ৰবছন, হেৰী বেলাফণ্ট, বব মাৰলী, মিৰিয়াম মেকেবা, জন লেননেই হওক বা ভাৰতৰ অতুল প্ৰসাদ সেন, দ্বিজেন্দ্ৰ লাল ৰয়, কবি প্ৰদীপ নাইবা অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকা... এই সকলো শিল্পীয়ে নিজ নিজৰ শিল্পৰ জৰিয়তে দেখুৱাই থৈ গৈছে পৰিৱৰ্তনৰ বাট। সৃষ্টিৰ জৰিয়তে সমাজক সজাগ কৰি বিভিন্ন বিষয়ৰ বিৰুদ্ধে মাত মাতি যোৱা এনে শিল্পীক আজিও মূৰ দোৱাই স্মৰণ কৰে বিশ্ববাসীয়ে। 

এই সন্দৰ্ভত অসমীয়া ছবিৰ অভিনেতা ৰবি শৰ্মাই কৈছে, “মই ৰাজনীতি কৰাৰ প্ৰয়োজন নাই। সমাজৰ হকে কাম কৰিবলৈ, অনীতিৰ বিৰুদ্ধে মাত মাতিবলৈ ঈশ্বৰে মোক এখন তাতকৈও ডাঙৰ মঞ্চ দিছে, যি মঞ্চত থিয় হৈ মই সকলো কৰিব পাৰো। এজন ৰাজনীতিকতকৈ মোৰ হাতত বেছি ক্ষমতা আছে।’’ উল্লেখ্য যে, ২০১৯ৰ পূৰ্বে ৰাজনীতিত ভৰি দিছিল ৰবি শৰ্মায়ো। কিন্তু ‘কা’ আন্দোলনৰ সময়ত তেওঁ ৰাজনীতি ত্যাগ কৰি পুনৰ অভিনয় জগতখনলৈ ঘূৰি আহিছিল।

চিনেমা আৰু বয়কট গেং

বহুতে অভিযোগ কৰে- ২০১৪ চনৰ পিছৰ পৰাই দেশত পূৰ্বতকৈয়ো অধিক ক্ষিপ্ৰ গতিত আৰম্ভ হৈছে বিভিন্ন বিষয়ত বয়কটৰ ধাৰা। লাগিলে সেয়া চিনেমাই হওক বা নিউজ চেনেলৰ নামী-দামী এংকৰৰে বয়কট হওক, মুঠতে বয়কট শব্দটো ক্ৰমান্বয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে এক পৰিচিত শব্দ হৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বলীউডৰ কেইবাখনো ছবিৰ বিৰুদ্ধে সামাজিক মাধ্যমত বয়কটৰ দাবী উত্থাপন হৈছিল। হেছটেগ ব্যৱহাৰ কৰি আহ্বান জনোৱা হৈছিল বয়কটৰ বাবে। আনকি দক্ষিণৰ চিনেমাক লৈয়ো উঠিছিল বয়কটৰ দাবী। 

কিন্তু জলীউডত এয়াই হৈছে প্ৰথম সামূহিক বয়কটৰ জোৱাৰ। ৰাঘৱৰ মুক্তিৰ পূৰ্বৰে পৰাই উঠিবলৈ আৰম্ভ কৰা এই জোৱাৰত ইতিমধ্যে যতীন বৰা আৰু তেওঁৰ নৱতম ছবিখন আধা ডুব যোৱা বুলিও বিভিন্নজনে সামাজিক মাধ্যমত মন্তব্য কৰিছে। অন্যহাতে ছবিখনৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে সামাজিক মাধ্যমত এটা বয়কট গেং সক্ৰিয় হৈ পৰা বুলি প্ৰত্যাভিযোগ উত্থাপন কৰিছে যতীন বৰা আৰু টীম ৰাঘৱে। 

উল্লেখ্য যে, ৰাঘৱৰ প্ৰচাৰৰ বাবে কোনো ধৰণৰ ক্ৰটি ৰখা নাছিল যতীন বৰাই। দিনে-নিশাই এই বিগ বাজেটৰ অসমীয়া ছবিখনৰ হৈ প্ৰচাৰ চলাই গৈছিল যতীন বৰা আৰু টীম ৰাঘৱে। বিদ্যালয়- মহাবিদ্যালয়সমূহলৈ গৈ ছবিখনৰ প্ৰচাৰ চলোৱাৰ লগতে সৰু-বৰ ভ্লগাৰ-ইউটিউবাৰকো সাক্ষাত্কাৰ প্ৰদান কৰি ছবিখনৰ প্ৰচাৰ কৰিছিল যতীন বৰাই। আনকি প্ৰথমবাৰৰ বাবে এখন অসমীয়া চিনেমাৰ প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অসমৰ সংবাদ মাধ্যমসমূহেও।

ইমানৰ পিছতো ৰাঘৱ চাবলৈ ছবিগৃহলৈ দৰ্শকৰ আশানুৰূপ সমাগম ঘটা নাই বুলি ইতিমধ্যে স্পষ্ট কৰিছে ছবিগৃহৰ খালী হৈ থকা আসনৰ ফটো আৰু ভিডিঅ’বোৰে। ইয়াৰ পিছতে ৰাঘৱৰ মুখ্য অভিনেতা যতীন বৰাই আক্ষেপেৰে কৈছে- তেওঁৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে বয়কট গেং! অৱশ্যে অধিকাংশ লোকে চিনেমাখনৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট বয়কট গেঙে পৰিকল্পিতভাৱে বয়কট কৰা বুলি যতীন বৰাই ব্যক্ত কৰা ধাৰণাক অস্বীকাৰ কৰা দেখা গৈছে।

আনহাতে সংবাদ মাধ্যমৰ আগত যতীন বৰাৰ পত্নী নৱনীতা শৰ্মাই কয়, ''৩০ লাখ টকাও এদিনত ছেল হ’ব পাৰে। কোনোবা দিনা ৩ লাখ টকাও ছেল হ’ব পাৰে। চিনেমা এখন বনাইছো দৰ্শকৰ বাবে। ৫০০ মানুহে চালেও মনোৰঞ্জনেই পাব। ৫০০০ মানুহে চালেও মনোৰঞ্জনেই পাব। জেবি প্ৰডাকশ্যনে কোনোদিনে টকা ঘটিম বুলি চিনেমা কৰা নাই। সেই কথা আমি আগৰে পৰা কৈ আহিছো। বাণিজ্যিক ধাৰাৰ চিনেমা বনাইছো। মনোৰঞ্জন দিবৰ বাবে চিনেমা বনাইছো। আমাৰ মেইন বিষয়বস্তু হৈছে, চিনেমাখনৰ পৰা মানুহ ছেটিছফাইড হৈছে নে নাই?’’

যতীন বৰাৰ পত্নীৰ এনে মন্তব্যৰ পিছতে চিনেমাখনৰ বিৰোধিতা কৰা লোকসকল অধিক ক্ষুব্ধ হৈ পৰে। বহুতে যতীন বৰাৰ পত্নীয়ে কৰা এনে মন্তব্যক অহংকাৰী আখ্যা দিয়া দেখা গৈছে। যদিহে টকা ঘটিম বুলি চিনেমা কৰাই নাই তেন্তে দৰ্শকে চিনেমাখন নোচোৱা বাবে কিয় খং কৰিছে বুলিও ভিন্নজনে যতীন বৰা আৰু তেওঁৰ পত্নীক ফেচবুকযোগে প্ৰশ্ন কৰিছে। আনহাতে, চিনেমাখন চাবলৈ ৰাইজক একপ্ৰকাৰ বলপূৰ্বক ধৰণে আহ্বান জনোৱাক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো ভিন্নজনৰ সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

কিয় ইমান অভিমান যতীন বৰালৈ?

১৯৭০ চনৰ ২৫ এপ্ৰিলত নগাঁৱত জন্মগ্ৰহণ কৰা যতীন বৰাৰ অভিনয় জীৱন আৰম্ভ হৈছিল ১৯৮৯ চনত মুক্তিলাভ কৰা উত্তৰকাল ছবিখনৰ জৰিয়তে। কিন্তু ২০০০ চনত মুক্তি পোৱা হিয়া দিয়া নিয়া ছবিখনৰ জৰিয়তে অসমীয়া ছবিপ্ৰেমীৰ হিয়াৰ আমঠু হৈ পৰে যতীন বৰা। পৰৱৰ্তী সময়ত বাৰুদ, ৰামধেনু, নায়ক আদি ছবিৰ জৰিয়তে অসমীয়া আধুনিক বোলছবিৰ একচত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয় যতীন বৰা। একে সময়তে অসমৰ ভ্ৰাম্যমান জগতৰো এগৰাকী বলিষ্ঠ তাৰকা অভিনেতা হিচাপে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁ।

অভিনয়ৰ এই অপ্ৰতিৰোধ্য যাত্ৰাৰ মাজতে ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে যতীন বৰাই। কিন্তু ২০১৯ চনত সমগ্ৰ ৰাজ্যজুৰি উত্তাল হৈ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত বিজেপিৰ পৰা পদত্যাগ কৰি প্ৰতিবাদত চামিল হয় যতীন বৰাও। কিন্তু ৰাজনীতিৰ পৰা আঁতৰি তেওঁ বেছিদিন থাকিব নোৱাৰিলে। ২০২০ চনত তেওঁ 'কা’ আন্দোলনত যোগ দিয়াতো ভুল হৈছে বুলি আওপকীয়াকৈ কৈ পুনৰ বিজেপিত যোগদান কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক লৈ আৰম্ভ কৰে টুলুঙা মন্তব্য কৰিবলৈ।

‘কা’ আন্দোলনৰ সময়ত শ্বহীদ হোৱা ৫ অসমীয়াক লৈও অশোভনীয় মন্তব্য কৰি জনতাৰ ৰোষত পৰে যতীন বৰা। বিজেপিত পুনৰ যোগদানৰ পিছৰে পৰাই তীব্ৰভাৱে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে তেওঁ। শেহতীয়াকৈ অসমৰ ছবিপ্ৰেমীয়ে ‘ৰাঘৱ’ বয়কট কৰাৰ একমাত্ৰ কাৰণটোৱেই যতীন বৰাৰ দুমুখীয়া স্থিতি বুলি মন্তব্য কৰে বহুতে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে NNOৰ আগত কয়, “ৰাজনীতি কৰাটো প্ৰতিজন ব্যক্তিৰে অধিকাৰ। যতীন বৰা আৰু তেওঁৰ চিনেমাখন মানুহে এই কাৰণে বৰ্জন কৰা নাই। জনতাই যতীন বৰাক বৰ্জন কৰাৰ কাৰণ হৈছে তেওঁৰ জাতিবিৰোধী স্থিতি। কা আন্দোলনৰ সময়ত সমগ্ৰ অসমবাসী এই আন্দোলনত জঁপিয়াই পৰিছিল। যতীন বৰাই নিজেও ৰাজনীতি ত্যাগ কৰি আন্দোলনলৈ সমৰ্থন জনাইছিল। কিন্তু পিছত পুনৰ বিজেপিলৈ ওভতি গৈ তেওঁ আন্দোলন আৰু শ্বহীদক লৈ যি মন্তব্য কৰিলে, সেয়া অসমৰ জনগণই কেতিয়াও মানি নলয়। আৰু সেইবাবেই আজি তেওঁৰ ছবিখনক লৈ ইমান চৰ্চা হৈছে।’’

ইফালে, বিভিন্ন কৌশল প্ৰয়োগ কৰিও ৰাঘৱ ছবিখনে ৰাইজৰ পৰা আশাব্যঞ্জক সহাৰি লাভ নকৰাত যতীন বৰাই সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয়, ''মই অভিনেতা। অভিনেতা হৈয়েই থাকিম। কেৱল মৃত্যুৰ সময়ত এটা নিউজ দিলে ভাল লাগিব যে অভিনেতা যতীন বৰাৰ মৃত্যু। অভিনেতাটোৱেই মোৰ পৰিচয়।’’ অভিনেতা বৰাই আৰু কয় যে অসমীয়া মানুহে তেওঁক বহুত বেছি ভাল পাই বাবে তেওঁক লৈ অভিমানো বেছি।

মেগা বয়কটৰ সন্মুখীন হৈয়ো সফল যিসকল!

সামাজিক মাধ্যমত বয়কট প্ৰথা আৰম্ভ হোৱাৰ পিছৰে পৰা ভাৰতত বহু চিনেমা, ছবি পৰিচালক, অভিনেতাৰ বয়কটৰ বাবে প্ৰচাৰ চলোৱা হৈছে। সৰুকৈ নহয়, হেচটেগ ব্যৱাহৰ কৰি ব্যাপকভাৱে চলোৱা হৈছিল এই বয়কটৰ বাবে প্ৰচাৰ। কিন্তু তেনে মেগা বয়কটৰ সন্মুখীন হৈও অৱশেষত বক্স অফিচ আৰু চিনেমা হলত দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে তেনে ছবিয়ে। 

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ছবিখনৰ এটা গীতত অভিনত্ৰী দিপীকা পাডুকনে গেৰুৱা বস্ত্ৰ পৰিধান কৰি নৃত্য কৰাৰ বাবেই ছবিখন বয়কট কৰাৰ দাবীৰে সজোৰে প্ৰচাৰ চলিছিল সামাজিক মাধ্যমত। কিন্তু তত্সত্বেও অৱশেষত সমগ্ৰ বিশ্বত ৮৭৭ কোটি টকা উপাৰ্জন কৰি ছুপাৰ ডুপাৰ হিট ছবি হিচাপে পৰিগণিত হৈছিল পাঠান। একেদৰে শ্বাহৰুখ খানৰ আন এখন ছবি ‘জোৱান’ক লৈও চলিছিল বয়কট ট্ৰেণ্ড। এই ছবিখনেও অৱশেষত মেগা বয়কটৰ বাধা নেওচি সাফল্যৰ শিখৰত উপনীত হয়।

একেদৰে অভিনেত্ৰী স্বৰা ভাস্কৰ, অভিনেতা আমিৰ খান, পৰিচালক ৰাম গোপাল বাৰ্মা আদিসকলেও সামাজিক মাধ্যমত সক্ৰিয় বয়কট গেঙৰ মেগা বয়কটৰ প্ৰত্যাহ্বান নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অন্যহাতে চৰকাৰৰ সমৰ্থন লাভ কৰিও বলীউডত বাৰে বাৰে মুখথেকেচা খাবলগীয়া হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটে। এসময়ত বলিউডৰ আটাইতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰী আছিল কংগনা। কিন্তু বিজেপিৰ পক্ষত তেওঁ মন্তব্য কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা ছবিগৃহত ফ্লপ হৈছে তেওঁৰ ইখনৰ পিছত সিখন ছবি। কিছুবছৰ পূৰ্বে কংগনাই বিজেপি আৰু মোদী চৰকাৰক সমৰ্থন কৰিবলৈ গৈ বলীউডৰ ছবি প্ৰকৃত ভাৰতীয়সকলে চাবলৈ বাদ দিব লাগে বুলিও মন্তব্য কৰিছিল।

বলীউডক বয়কট কৰিবলৈ আহ্বান জনোৱা কংগনা ৰাণাৱটেই এতিয়া সন্মুখীন হৈছে চিনেমাপ্ৰেমীসকলৰ স্বতঃস্ফূৰ্ত বয়কটৰ। উল্লেখ্য যে শেহতীয়াকৈ মুক্তি লাভ কৰা কংগনা ৰাণাৱটৰ ২০২৩ চনত মুক্তি লাভ কৰা ‘তেজছ’ ছবিখনৰ প্ৰথম দিনটোৰ উপাৰ্জন আছিল মাত্ৰ ৫০ লাখ টকা। দেশৰ ২২০০ ছবিগৃহত মুক্তি লাভ কৰা ছবিখনৰ এই উপাৰ্জনেই হৈছে বৰ্তমানৰ বলিউডৰ আটাইতকৈ সৰ্বনিম্ন উপাৰ্জন। 

‘ৰাঘৱ’ক লৈ ছবিপ্ৰেমীৰ অনীহা, কাৰ কি প্ৰতিক্ৰিয়া?

‘ৰাঘৱ’ক লৈ ছবিপ্ৰেমীৰ মাজত প্ৰকাশ পোৱা অনীহা আৰু সামাজিক মাধ্যমত ছবিখনক লৈ চলি থকা চৰ্চা সন্দৰ্ভত NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা কেইবাগৰাকীও সুপৰিচিত ব্যক্তিৰ সৈতে। সংগীত শিল্পী বিকাশ বৰুৱাই কয়, “যতীন বৰাক লৈ মানুহৰ আক্ষেপ বা অভিমান থাকিব পাৰে। তেওঁ যদি অসমীয়াৰ আৱেগত আঘাত দিয়া কথা কৈছে, তেন্তে তাৰ বাবে তেওঁ জনতাৰ খঙৰ সন্মুখীন হ’বই লাগিব। কিন্তু ‘ৰাঘৱ’ৰ সৈতে কেৱল যতীন বৰাই জড়িত হৈ থকা নাই। সহঃশিল্পীৰ পৰা মেকআপ আৰ্টিষ্টলৈকে বহু লোক এখন ছবিৰ সৈতে জড়িত হৈ থাকে। তেওঁলোকৰ বাবে সেয়াই জীৱিকা। সেয়ে এখন ছবি বৰ্জন কৰা মানে সেইসকল সৰু সৰু শিল্পীৰ পেটতো লাঠ মৰাৰ দৰে হয়। গতিকে মই ভাৱো মানুহে ৰাঘৱ চাওক।’’

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক কৃপাল কলিতাই কয়, “ৰাজনীতি কৰা নকৰাটো এজন শিল্পীৰ ব্যক্তিগত কথা। কিন্তু শিল্প আৰু ৰাজনীতি দুয়োটাৰে বাবে সাধনাৰ প্ৰয়োজন। কিন্তু আমি প্ৰায়ে দেখা পাও যে শিল্পীসকলে যেতিয়া ৰাজনীতিত যোগদান কৰে, তেতিয়া তেওঁলোকক যেন শিল্পকৰ্মৰ পৰা অৱসৰ প্ৰদান কৰা হয়। ৰাঘৱক লৈ যি বিতৰ্ক চলি আছে, সেয়া ভাল কথা হোৱা নাই। আজি ৰাঘৱক লৈ হৈছে, কাইলৈ আন চিনেমাৰ সৈতে হ’ব। শিল্পী হিচাপে যতীন বৰাই অসমীয়া চলচ্ছিত্ৰ জগতত ৩০ বছৰতকৈও অধিক সময় পাৰ কৰিলে। তেওঁ ভাল দিন দেখিছে, বেয়া দিনো পাৰ কৰি আহিছে। কিন্তু শিল্পী হিচাপে তেওঁ সন্মান লাভ কৰাৰ যোগ্য।’’

গায়ক ভৃগু কাশ্যপেও সংবাদ মাধ্যমৰ সন্মুখত কয়, “যতীন বৰাক অভিনেতা হিচাপে সকলোৱে ভাল পায়। তেওঁ ছবিপ্ৰেমীক বহু ভাল ভাল ছবি উপহাৰ দি এই ছবি জগতত কেইবা দশক পাৰ কৰিছে। কিন্তু কিবা কাৰণত মানুহৰ মনত এতিয়া তেওঁৰ প্ৰতি অভিমান জাগিছে। এই অভিমান দূৰ কৰি মানুহে যতীন বৰাক ঘৰৰ ল’ৰা বুলি পুনৰ আঁকোৱালি লৈ ৰাঘৱ চিনেমাখন চাব লাগে।’’

'কা’ আন্দোলনক লৈ পাভলুটি মৰাৰ ফল পালে নেকি যতীন বৰাই?

২০১৯ চনৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যতে আৰম্ভ হোৱা 'কা’ আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছিল শিল্পী, কলা-কুশলীসকলে। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি একাধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে আৰম্ভ কৰা এই আন্দোলনে পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লতাশিল খেলপথাৰ আৰু চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত ব্যাপক ৰূপ লৈছিল। ৰাজ্যৰ আন শিল্পী তথা অভিনেতাসকলৰ লগতে তেতিয়া অভিনেতা যতীন বৰায়ো এই আন্দোলনত যোগ দিছিল।

'জাতি, মাটি, ভেটিৰ কথা যেতিয়া কোৱা হৈছে, জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত কেব, যিটো ৰাইজে বিচৰা নাই, যতীন বৰায়ো কেব সমৰ্থন নকৰো। সেইটো মই স্পষ্ট কৰি দিছো। মই কোনো চাকৰি কৰা নাই দেই। বিজেপিত সোমাই মই চাকৰি কৰি থকা নাই। এইটো এটা অনাৰেৰি দিয়া পোষ্ট। মই এই জেগাত থাকি অসমীয়া চিনেমাৰ বাবে কিমান কৰিব পাৰো, শিল্পী, কলা-কুশলীসকলৰ যথেষ্ট বেমাৰ-আজাৰ হয়। মই অন্তত তেওঁলোকক সহায় কৰিব পাৰিছো।’-২০১৯ চনত কা আন্দোলনৰ সময়ত এই মন্তব্য কৰিছিল তেতিয়া অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা বৰাই।

তেওঁ আৰু কৈছিল, ’'অভিনেতা যতীন বৰা হোৱাৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ অৰিহণা যথেষ্ট আছে। অসমৰ ৰাইজে কেব বিচৰা নাই। ময়ো স্পষ্ট কৰি দিব খোজো যে কেব ময়ো বিচৰা নাই। অসমৰ ৰাইজৰ লগত মই সদায় আছো আৰু থাকিম। প্ৰয়োজন সাপেক্ষে মই ৰাজপথত নামিবলৈ সাজু আছো।’’ অভিনেতাগৰাকীয়ে এনেদৰে কা আন্দোলনলৈ সমৰ্থন আগবঢ়াই ২০১৯ বৰ্ষৰ ১২ ডিচেম্বৰত বিজেপিৰ সদস্য পদ ত্যাগ কৰাৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ পদ ত্যাগ কৰিব বুলিও ঘোষণা কৰিছিল। 

কিন্তু বিজেপি ত্যাগ কৰাৰ প্ৰায় এবছৰ পিছতে কথাৰ সুৰ সলনি হৈছিল যতীন বৰাৰ। কা সমৰ্থন নকৰে বুলি ২০১৯ চনত স্পষ্ট কৰি দিয়া যতীন বৰাই ২০২০ চনৰ ছেপ্টেম্বৰ মাহত 'ঈশান নিউজ' নামৰ ৰাজ্যখনৰ এটা কেবল চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে প্ৰাণৰ ভয়তহে তেওঁ 'কা' আন্দোলনত যোগ দিছিল। 

ফেক একাউন্ট খুলি তেওঁক ট্ৰ'ল কৰা হৈছিল বুলি উল্লেখ কৰি বৰাই কয়, ''ফেচবুক মই ইমান নাচাও। মই কামত ব্যস্ত থাকো। ইণ্টাৰেষ্টিং কথা যে এটা গ্ৰুপ ওলাইছে। মোৰ বহুকেইজন টেকনিকেলি ষ্ট্ৰং বন্ধুৱে কৈছে। তেওঁলোক কম্পিউটাৰ ইঞ্জিনীয়াৰ। তেওঁলোকে কৈছে যে কিছুমান লোকে ফেক একাউণ্ট খুলি কমেণ্ট দিছে। পোষ্ট কৰাৰ কেই ছেকেণ্ডমান পিছতে কমেণ্ট আহি যায়। এইটো এটা চক্ৰান্ত। এই গ্ৰুপটোৱে যতীন বৰাই যি পোষ্ট নিদিয়ক কিয় তাতেই আক্ৰমণ কৰিছে। মানে মোক এনেকৈ অত্যাচাৰ চলাইছে। কিন্তু মোৰ কোনোধৰণৰ গাত নালাগে এইবিলাক কথা। মোৰ কাৰণে ভালেই হৈছে। ভালেই হওক, বেয়াই হওক চৰ্চা চলি থাকিলে ভালেই।’’

উক্ত সাক্ষাৎকাৰটোত কা আন্দোলন সন্দৰ্ভতো তেওঁ কৈছে, ''সেই সময়ত বহু মানুহক আন্দোলনত জড়িত হ’বলৈ বাধ্য কৰোৱা হ’ল। মই বুলিয়েই নহয়, বহু মানুহক বাধ্য কৰাই আন্দোলনলৈ উলিয়াই নিয়া হ’ল। আন্দোলনৰ সময়ত নিজেই দেখিছো, লাখ লাখ মানুহ ওলাই আহিছে। অসমখন এনেকুৱা হ’ব। এটা ভুল পিকচাৰ দিয়া হ’ল কিছুমান মানুহক। তৃতীয় পক্ষৰ একাংশ লোকে এনেকৈ মানুহৰ মনত ভয় সোমাই দিছিল। কিছুমান মানুহৰতো ঘৰ জ্বলাই দিছিল। বিজেপি নেতাৰ ঘৰতো আক্ৰমণ চলাইছিল। তেনেকৈ আন্দোলন হয় জানো? এনেকৈ স্বাধীন দেশ এখনত বাধ্য কৰাই লৈ যোৱাতো আন্দোলন হ’ল নেকি? তাৰ পিছত মই দুদিন গৈছিলো। দুদিন গৈ মই নোযোৱা হ’লো।’’ 

এনেকৈ 'কা’ আন্দোলনৰ সময়ত অসমৰ ৰাইজৰ লগত আছো বুলি কৈ এবছৰ পিছতে উক্ত আন্দোলনটোক নস্যাৎ কৰাৰ লগতে প্ৰাণৰ ভয়তহে 'কা’ আন্দোলন কৰিছিল বুলি মন্তব্য কৰি পুনৰ বিজেপি দললৈ প্ৰত্যাৱৰ্তন ঘটাইছিল অভিনেতা যতীন বৰাই। হঠাৎ এনেকৈ পাভলুটি মৰা কাৰ্যৰ পিছতে যতীন বৰা ছ’চিয়েল মিডিয়াত পুনৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়াত পৰে। 

২০২১ চনত বিধানসভা নিৰ্বাচনত পুনৰ দ্বিতীয়বাৰৰ বাবে বিজেপি শাসনলৈ অহাত এই কথাবোৰৰ চৰ্চা কমিবলৈ ধৰে যদিও 'ৰাঘৱ’ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পিছতে যতীন বৰাক লৈ আকৌ চৰ্চা আৰম্ভ হয়। ২০১৯ চনত 'ৰত্নাকৰ’ ছবিখনক লৈ ফেচবুকত ব্যাপক উৎসাহ ব্যক্ত কৰা অসমৰ চলচিত্ৰপ্ৰেমী ৰাইজে এইবাৰ কিন্তু 'ৰাঘৱ’ক লৈ নেতিবাচক মন্তব্যহে কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বিপৰীতে দিনদিয়েক পূৰ্বে মুক্তিলাভ কৰা ৰবি শৰ্মাৰ 'শ্ৰীৰঘুপতি’ ছবিখনক লৈ সেই একেইখিনি লোকে ছ’চিয়েল মিডিয়াত স্বতঃস্ফূৰ্তভাৱে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল। 

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


সঁচাকৈয়ে বয়কট গেঙৰ বলি হৈছে নেকি যতীন বৰা?

'কা’ আন্দোলনক লৈ চলা ট্ৰ’ল সন্দৰ্ভত যতীন বৰাই যিদৰে পৰিকল্পিত ট্ৰ’লৰ ব্যাখ্যা দাঙি ধৰিছিল ঠিক একেদৰে এইবাৰো তেনেধৰণৰ ব্যাখ্যা আগবঢ়াইছে ভিন্নজনে। একাংশ লোকে যতীন বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ৰাঘৱক লৈ ছ’চিয়েল মিডিয়াত অব্যাহত থকা বিতৰ্ক আৰু গণ আক্ৰোশ সন্দৰ্ভত মন্তব্য দিবলৈ গৈ এয়া ছবিখনৰ বিৰুদ্ধে কোনো স্বাৰ্থান্বেষী চক্ৰৰ পৰিকল্পিত বয়কট আখ্যা দিয়া দেখা গৈছে। বিজেপিৰ বিধায়ক দিগন্ত কলিতাকে ধৰি আন কেবাজনো বিজেপি নেতা তথা বিধায়কে এইধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। কিন্তু প্ৰকৃততে ৰাঘৱ পৰিকল্পিত বয়কটৰ বা বয়কট গেঙৰ কবলত পৰিছে নেকি?

ছ’চিয়েল মিডিয়াত সক্ৰিয় অধিকাংশ লোকেই বয়কট গেঙৰ ধাৰণাটোক অস্বীকাৰ কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত সমাজ বিষয়ক বিভিন্ন পোষ্ট দি অহা দেৱব্ৰত গগৈয়ে এই সন্দৰ্ভত লিখিছে, 'একাংশ অসমীয়াই এসময়ত যেনেকৈ স্বতঃৰ্ফুতকৈ অসম আন্দোলন কৰিছিল ঠিক তেনেকৈ স্বতঃৰ্ফুতভাবে CAA  আন্দোলনো কৰিছিল কিন্ত CAA আন্দোলনৰ ফলাফল আৰু ইয়াৰ পৰৰ্ৱতী পৰিস্থিতিক লৈ এইসকল অসমীয়া হতাশ। কাৰণ তেওঁলোকৰ ভোটবোৰক মুল্যহীন কৰি হিতাধীকাৰীৰ ভোটেৰে সেই একেটা দলেই চৰকাৰ গঠন কৰিলে সেয়ে এইসকল অসমীয়াই কা-আন্দোলন আৰু তাৰ পৰৰ্ৱতী সময়ত নিজৰ স্থিতি সলোৱা যতীন বৰাৰ ৰাঘৱক প্ৰত্যাখান কৰি এক প্ৰতিকী প্ৰতিবাদ কৰিছে।’’

তেওঁ আৰু লিখিছে, ''আপুনি যদি ভাবিছে যে এনে আচৰণ কেৱল যতীন বৰা আৰু তেওঁৰ চিনেমাক লৈহে কৰিছে তেনেহলে সেয়া ভুল ভাবিছে। নিজৰ নিজৰ উপাৰ্জনৰ লগত সদাব্যস্ত এইসকল লোকৰ ৰাজপথলৈ যাবলৈ আহৰি নাই। সেয়ে তেওঁলোকে যতেই সুযোগ পাইছে তাতেই  নিজৰ ক্ষোভ উজাৰিবলৈ লৈছে। অলপতে বঙালী আৰু অসমীয়া গামোচা দুফাল কৰি এখন কৰাক লৈ যি বিৰ্তকৰ সুচনা হৈছিল তাত আটাইতকৈ বেছি সমালোচনাৰ সন্মুখীন হৈছিল বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পুজাৰী। সেই ঘটনাটোক অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি আন বহুজনলোকে সৰ্মথন জনাইছিল। কিন্ত সেইসকলক কোনেও গুৰুত্ব দিয়া নাছিল কাৰণ তেওঁলোকৰ স্থিতি কি মানুহে আগতেই জানে। কিন্ত হৃদয় এক বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি চাহেবপুৰাৰ বৰষুণলৈকে পঢ়ি পঢ়ি হেজাৰ হেজাৰ মধ্যবিত্ত অসমীয়াই বুকুৰ আপোন কৰি লোৱা লেখিকাগৰাকীৰ এই স্থিতি দেখি সেইসকল লোক ক্ষোভিত হৈছিল। আজি যতীন বৰাৰ ক্ষেত্ৰতো একেটা কথাই হৈছে। দৰ্শকৰ আপোন এই অভিনেতাজনৰ প্ৰতি এয়া কোনো বেয়া পোৱা নহয়। এয়া একাংশ অসমীয়া মধ্যবিত্তৰ স্বতঃৰ্ফুত অভিমান আৰু ক্ষোভ প্ৰকাশৰ উপায়হে।’’

এই সন্দৰ্ভত যুৱ সাংবাদিক তথা ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট ধ্ৰুৱজ্যোতি ধনন্তৰিয়ে কয়, '’অসমত বয়কট গেং বুলি কোনো গেং নাই। বলীউডৰ চিনেমাবোৰৰ প্ৰচাৰত দুইধৰণৰ বয়কট গেং থাকে। ইয়াৰে কিছুমান দল-সংগঠনে ধনৰ বিনিময়ত নেতিবাচক প্ৰচাৰেৰে ছবিখন জনপ্ৰিয় কৰি তুলিবলৈ বয়কট কৰাৰ কথা ঘোষণা কৰে। আনহাতে আন একাংশ দল-সংগঠনে আকৌ নিজৰ দল-সংগঠনৰ প্ৰচাৰৰ বাবে বিভিন্ন ধৰ্মীয় কাৰণ আদিত কিছুমান চিনেমাক টাৰ্গেট কৰি লয়। যিসমূহ চিনেমাই প্ৰচলিত ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাই তেনে ছবিসমূহৰ বিৰুদ্ধে ৰক্ষণশীল দল-সংগঠনবোৰে বয়কটৰ আহ্বান জনায়। কিন্তু অসমত সেইধৰণৰ কথা খুব কমেইহে দেখিবলৈ পোৱা যায়। হিন্দুত্ববাদী সত্যৰঞ্জন বৰাকে ধৰি দুই এজন তেনে নেতা অসমত আছে যদিও অসমত বলীউডৰ দৰেকৈ বয়কট গেঙ আছে বুলিব নোৱাৰি। এয়া মানুহৰ ক্ষোভৰ স্বতঃস্ফূৰ্ত বৰ্হিঃপ্ৰকাশ।’’ 

ধনন্তৰিয়ে আৰু কয়, ''বয়কট গেং বুলি ক’লে প্ৰফেশ্যনেল বয়কট গেঙো থাকে। ধৰি ল’লো অসমত প্ৰফেশ্যনেল বয়কট গেং আছে। কিন্তু সেই গেংটোক ৰাঘৱ ছবিখন ফ্লপ কৰিবলৈ কোনে টকা দিব? ৰাঘৱ ছবিখন ফ্লপ হ’লে অসমৰ কাৰ কি লাভ হ’ব যে কোটি টকা খৰছ কৰি ফেচবুকৰ জৰিয়তে লাখ লাখ মানুহক এংগেজ কৰাই এনেকৈ পৰিকল্পিতভাৱে নেতিবাচক প্ৰচাৰ চলাব? এই সময়ত ৰাঘৱক প্ৰত্যাহ্বান জনাবলৈ হলত আন ছবিও চলি থকা নাই। গতিকে বয়কট গেঙৰ কথাটো হাঁহি উঠা কথা। মূল কথাটো হ’ল অসমৰ অধিকাংশ মানুহে কাৰ বিৰোধিতা কৰে। ২০২১ৰ নিৰ্বাচনত বিজেপিৰ ভোট শ্বেয়াৰ আছিল প্ৰায় ৩৩ শতাংশ। অগপ আৰু ইউপিপিএলৰ সৈতে মিলালে সেয়া প্ৰায় ৪৩ শতাংশ হয়গৈ। অৰ্থাৎ অসমৰ আধাতকৈয়ো বেছি মানুহে বিজেপিক ভোট দিয়া নাছিল বা আওপকীয়াকৈ ক’বলৈ হ’লে CAAৰ বিৰোধিতা কৰিছিল। অৱশ্যে বিৰোধীৰ ভোট বিভাজনৰ বাবে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছিল। গতিকে এয়া হৈছে অসমীয়া মানুহৰ স্বতঃস্ফূৰ্ত ক্ষোভ। CAAক লৈ দেখদেখকৈ পাভলুটি মৰা বাবেই যতীন বৰাক লৈ মানুহৰ ক্ষোভ বেছি হৈছে। ক'বলৈ গলে এয়া হৈছে অভিনেতাগৰাকীৰ সুবিধাবাদৰ বিৰুদ্ধে মানুহৰ এক প্ৰতিবাদ।’’

বিতৰ্কত ৰাগ ঐনিতম!

'ৰাঘৱ’ চাব লাগে নে নালাগে তাক লৈ বিতৰ্ক চলি থকাৰ মাজতে এক বিশেষ মন্তব্য কৰি এইবাৰ ছ’চিয়েল মিডিয়াত নেটিজেনসকলৰ ৰোষত পৰিছে অভিনেতা ৰাগ ঐনিতম। ৰাঘৱ চাবলৈ ছবিপ্ৰেমীক আহ্বান জনাই তেওঁ ৰাঘৱৰ বিৰোধিতা কৰা সকলক মূৰ্খ আৰু সাংস্কৃতিকদ্ৰোহী আখ্যা দিয়ে। 

ৰাঘৱক লৈ চলা চৰ্চা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, “চিনেমাক চিনেমা হৈ থাকিবলৈ দিব লাগে। তাক লৈ ৰাজনীতি কৰিব নালাগে। ৰাঘৱৰ যিসকলে বিৰোধিতা কৰি আছে, তেওঁলোকক মই মূৰ্খ বুলিয়েই কম। তেওঁলোক আচলতে সাংস্কৃতিকদ্ৰোহী।’’

ইয়াৰ পিছতে বিভিন্নজনে ছ’চিয়েল মিডিয়াত অভিনেতা ৰাগ ঐনিতমক সমালোচনা কৰা দেখা গৈছে। একাংশ লোকে এনেধৰণৰ মন্তব্য কৰিলে ৰাগ ঐনিতমৰ আহিবলগীয়া ছবিখনৰ অৱস্থাও ৰাঘৱৰ দৰে হৈ পৰিব বুলিও মন্তব্য কৰিছে। আন একাংশই আকৌ অসমীয়াসকলক মূৰ্খ বুলি ক’বলৈ তেওঁক কোনে অধিকাৰ দিলে বুলিও প্ৰশ্ন কৰিছে।

‘ৰাঘৱ’ক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়া

‘ৰাঘৱ’ যতীন বৰাৰ চিনেমা। আৰু যতীন বৰা হৈছে বিজেপিৰ নেতা। সেয়ে স্বাভাৱিকতে ‘ৰাঘৱ’ৰ সমৰ্থনত এতিয়া নামি পৰিছে বিজেপিৰ নেতা-মন্ত্ৰী। ৰাঘৱক লৈ সামাজিক মাধ্যমত ৰণ চলিছে বিজেপি বিধায়ক দিগন্ত কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজতো। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যতীন বৰাই বিজেপি ত্যাগ কৰিলে মানুহে আকৌ চিনেমাখন চাব বুলি মন্তব্য কৰে।

‘‘বিজেপিৰ লগত থকাৰ কাৰণে অসমৰ ছুপাৰষ্টাৰৰ চিনেমা ফ্লপ হৈ গৈছে। কেৱল অসমৰে নহয়, বলিউডৰো কংগনা ৰানাৱট, অক্ষয় কুমাৰৰ চিনেমা বিজেপিৰ দলৰ লগত থকাৰ বাবে ফ্লপ হৈছে। যতীন বৰাক কোনেও ৰিজেক্ট কৰা নাই, মানুহে প্ৰতিবাদ কৰিছে বিজেপিৰ লগত থকা বাবে।’’-ভূপেন বৰাই কয়। তেওঁ আৰু কয়, ''যতীন বৰাই বিজেপি ত্যাগ কৰিলে ৰাঘৱ হিট হ'ব৷ ১৫ টা বিৰোধী ৰাজনৈতিক দলে একেলগে চিনেমা চাবলৈ যাম৷ যদিহে যতীন বৰাই বিজেপি ত্যাগ কৰে৷ সংগদোষত পৰি যতীন বৰাৰ এই অৱস্থা হোৱাৰ বাবে মোৰ বেয়া লাগিছে৷ মুখ্যমন্ত্ৰীয়ে সকলো শক্তি লগালেও ১০ লাখ মানুহে চাব মাত্ৰ ৰাঘৱ। কিন্তু যতীন বৰাই বিজেপি দল ত্যাগ কৰিলে ১ কোটি মানুহে ৰাঘৱ চাব।’’

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে বৰাক ওভতি ধৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। তেওঁ কয়, ''ৰাঘৱ চিনেমাখন যদিহে লোকচানৰ সন্মুখীন হয় তেন্তে কলা-কুশলীসকলৰ অৱস্থাও বেয়া হ’ব। মানুহৰ বেয়া কৰাতো হৈছে পাপ। ৰাঘৱ হিট নহ’লে সেই পাপৰ বোজা ভূপেন বৰাই ল’ব লাগিব।’’

খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই কয়, “নিকৃষ্ট মানসিকতাৰ লোক সকলেহে চিনেমাক লৈ ৰাজনীতি কৰে। যতীন বৰা এগৰাকী বলিষ্ঠ অভিনেতা। এইখন চিনেমাতো তেওঁ দুৰ্দান্ত অভিনয় কৰিছে। চিনেমা চিনেমাই। তাৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই।’’ গোলাঘাটৰ ছবিগৃহত চিনেমাখন উপভোগ কৰি ওলাই অহাৰ পিছত এই মন্তব্য কৰে বিধায়কজনে।

অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাঘৱক লৈ চলা বয়কট ট্ৰেণ্ডক লৈ কয়, “এখন চিনেমা হিট হৈছে নে ফ্লপ হৈছে সেয়া ছ’চিয়েল মিডিয়াই নিৰ্ধাৰণ কৰিব নেকি? ছবি এখন হিট নে ফ্লপ সেয়া নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া থাকে। সেই প্ৰক্ৰিয়াৰ মাজেৰে দেখা পোৱা যাব ৰাঘৱ হিট হৈছে নে ফ্লপ।’’