চৰাইদেউঃ উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷ তাৰ মাজতে নিৰাপত্তা সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অস্ত্ৰধাৰীয়ে মুকলি বিচৰণ কৰি আহিছে৷ চৰাইদেউ জিলাত শেহতীয়াকৈ অস্ত্ৰধাৰীৰ দলে মুকলি বিচৰণ কৰা খবৰ পোহৰলৈ আহিছে৷ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত বৃহস্পতিবাৰে নিশা অস্ত্ৰধাৰীৰ দল মুকলিবিচৰণ কৰাৰ লগতে ভয়াবহ আক্ৰমণ কৰে৷

বুধবাৰে নিশা প্রায় ৮-৪০ বজাত প্ৰায় পাঁচ জনীয়া সন্দেহ জনক আলফা স্বাধীনৰ দলে বাগিচা খনত প্ৰৱেশ কৰি গুলীচালনা কৰে৷ জানিব পৰা মতে, অস্ত্ৰধাৰীৰ দলটোৱে নিশা বাগিচা খনৰ নৈশ চকীদাৰৰ সৈতে মুখামুখি হয়৷ অস্ত্ৰধাৰীৰ দলটোৱে চকীদাৰজনক এটা মোনা বাগিচাৰ পৰিচালকৰ বঙলাৰ গেটত ৰাখিবলৈ দিয়ে৷ অনিচ্ছা সত্বেও অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দলটোৱে চকীদাৰগৰাকীক ক্ষতি কৰিব বুলি আশংকা কৰি মোনাটো লৈ গেটৰ পৰা ভিতৰত প্ৰৱেশ কৰে৷

তেনে অৱস্থাতে বিপৰীত দিশৰ পৰা এখন গাড়ী আহি থকা প্ৰত্যক্ষ কৰি অস্ত্ৰধাৰী দলটোৱে দৌৰি গৈ এন্ধাৰত লুকুৱাই৷ দলটোৱে পথাৰত নামি যোৱাৰ সুযোগ বুজি নৈশ চকীদাৰ জনক বোমা সদৃশ সামগ্ৰীটো পথাৰত দলিয়াই যুৱকজনে বাগিচাৰ ভিতৰলৈ দৌৰি পলায়ন কৰাৰ লগতে বাগিচাৰ বিপদ সংকেট ধ্বনি বজাই দিয়ে। ইফালে উগ্ৰপন্থীৰ দলটোৱে বাগিচাৰ কাৰ্যালয় আৰু ফেক্টৰী লৈ লক্ষ্য কৰি প্রায় ২৫ জাই গুলী বৰ্ষণ কৰা লগতে এটা বাগিচাৰ কাৰ্যালয়ৰ চৌহদত গ্রেণেড নিক্ষেপ কৰে৷

গ্ৰেনেড বিস্ফোৰণ কৰাত কাৰ্যালয়ৰ যঠেষ্ট ক্ষতি হয়৷ উগ্ৰপন্থীৰ দলটোৱে ঘটনা সংঘটিত কৰি দলটোৱে নাগালেণ্ড সীমান্ত অতিক্ৰম কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ অভিযান চলাই যদিও দলটো সন্দৰ্ভত কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই। বাগিচাত আলফা স্বাধীনে ধন দাবী কৰা বুলিও অভিযোগ উত্থাপন হয়৷

বাগিচখনৰ সমীপত আৰক্ষীৰ কেম্প আৰু সেনাৰ শিবিৰ থকাৰ পিছতো অস্ত্ৰধাৰী দলে তাণ্ডৱ চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি উগ্ৰপন্থীয়ে আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে পথাৰত পেলাই থোৱা বোমাটো নিস্ত্ৰিয় কৰিবলৈ সেনাৰ এটা দল অভিযান আৰম্ভ কৰে।