মহুৰামুখঃ কৈ শেষ কৰিব নোৱাৰি বোকাখাত বিধানসভা সমষ্টিৰ সমস্যাৰ কথা৷ ৰাস্তা-ঘাট, খোৱাপানী, শিক্ষা, স্বাস্থ্য ক্ষেত্ৰত পিছ পৰি থকা বোকাখাত সমষ্টিৰ ৰাইজে প্ৰতিদিনে হাহাকাৰ কৰিব লগা হয়৷ বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে যুঁজ দি অহা সমষ্টিটো যোৱা ২৪টা মাহ ধৰি অগপৰ সভাপতি  অতুল বৰাৰ দখলত আছে৷ সমষ্টিটোৰ লাঞ্চিত, বঞ্চিত জনসাধৰণে বহু আশাৰে যোৱা বিধান সভা নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰিছিল৷

কিন্তু বহু আশাৰে ভোট দি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়ী কৰিছিল যদিও ৰাইজৰ সমস্যা সমস্যা হৈয়ে থাকিল৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে মহুৰামুখৰ অফলা অঞ্চলৰ ৰাইজে আজিও বিভিন্ন ক্ষেত্ৰত যাতনা ভোগ কৰি আহিছে৷ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল পথটোৰ দিচৈ সুঁতিৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ ৰাইজে বছৰ বছৰ ধৰি হাতৰ ধন ভাঙি দলং নিৰ্মাণ কৰি যাতায়াত কৰি আহিছে৷

চৰকাৰী-বেচৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, কণ-কণ ছাত্ৰ-ছাত্ৰী, ৰোগী আদিয়ে বিপজ্জনক দলং খনেৰে আহ-যাহ কৰি থাকিব লগা হৈছে৷ ২০-২৫ খন গাঁৱৰ ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেৰে আহ-যাহ কৰি জীৱন অতিবাহিত কৰিছে৷ উন্নয়নৰ মুখ নেদেখা অফলাবাসী এতিয়া ঘোৰ অন্ধকাৰ দেখিবলৈ আৰম্ভ কৰিছে৷ উপায়বিহীন ৰাইজে আনলৈ ভ্ৰূক্ষেপ নকৰি অত বছৰে গাঁঠিৰ ধন ভাঙি ৪০-৫০ হাজাৰ টকা একগোট কৰি দলংখনৰ মেৰামতি কৰে৷

দলংখন পকী কৰাৰ আকাংক্ষাৰে চৰকাৰৰ ওচৰত আৱেদন কৰে যদিও চৰকাৰ বিধায়ক কোনেও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ বৰ্তমানেও দেশত যাতায়ত ব্যৱস্থাৰ এই পুতৌ লগা অৱস্থা হৈ আছে৷ সকলো জানিও নজনাৰ ভাও ধৰা চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে নিৰ্বাচন পাৰ হোৱাৰ পিছত সকলো পাহৰি যায়৷ কেইবাখনো চৰকাৰ ভঙা-পতা হ’ল যদিও কাৰোৰে আহৰি নহ’ল ৰাইজৰ বাবে দলং খন নিৰ্মাণ কৰিবলৈ৷

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ধূলি-বালি নেওচি ভোট বিচাৰি অহা নেতাসকলে বৰ বৰ কথা কৈ বিধায়ক-মন্ত্ৰী হৈ সকলো পাহৰি যায়৷ স্থানীয় বিধায়ক অতুল বৰাক মহুৰামূখ অঞ্চলৰ ৰাইজে দিচৈ সুঁতিত

পকীক দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও সকলো গুৰুত্ব প্ৰদান কৰা নাই মন্ত্ৰী বৰাই৷ ৰাইজে বাৰিষাৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে স্থানীয় বিধায়ক-মন্ত্ৰীক এসেকা দিম বুলি ক্ষোভ ব্যক্ত কৰে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অতুল বৰাক চুঙা চাই সোপা দিবলৈ ৰাইজে সাজু বুলিও কয়৷