ডিফুঃ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানে মানুহক সভ্যতাৰ উচ্চ শিখৰলৈ নিয়া বুলি চৰ্চা হোৱাৰ সময়তে একাংশ লোকৰ কৰ্মকাণ্ডই মানুহ যে ক্ৰমান্বয়ে মানৱতাহীন হৈ পৰিছে তাকেই প্ৰমাণ কৰে৷ ঐকৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সচাকৈয়ে মানুহৰ মানৱতাৰ স্খলন হ’ল নেকি৷ মৰম, ভালপোৱা, স্নেহ হেৰাই গ’ল নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক শিয়াল-কুকুৰৰ মুখলৈ দলিযাই দিব পৰা হ’ল নেকি মানৱে৷

বিগত সময়ত কামৰূপৰ আজাৰাত, ঢেকীয়াজুলি, বালিপৰা আদি ঠাইত সদ্যোজাত কেচুৱাক শিয়াল কুকুৰৰ মুখত পেলাই থৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই এনেবোৰ প্ৰশ্নই মানুহৰ মনত উক দিছে৷ যিটো সময়ত এটি সন্তানৰ বাবে সন্তাহীনা দম্পত্তীয়ে এটি সন্তানৰ বাবে হাহাকাৰ কৰি ডাক্তৰ, কবিৰাজৰ ওচৰত ঘুৰি লাখ লাখ টকা খৰছ কৰে সেই সময়তে সমাজৰ গ্লানিৰ ভয়ত নিজ গৰ্ভত থিতাপি লোৱা সন্তানক জংঘলত দলিয়াই দিয়া প্ৰথা আৰম্ভ হৈছে ৰাজ্যত৷

অবৈধ সম্পৰ্ক নতুবা যিয়ে নহওক নিজকে সমাজৰ চকুৰ পৰা বচাবলৈ এনে কাণ্ড সংঘটিত কৰে একাংশ লোকে৷ তাৰ মাজতে কাৰ্বি ভূমিক জোকাৰি গ’ল আন এক ঘটনাই৷ কাৰ্বি ভূমিত তিনি কেচুৱাক পথৰ দাঁতিৰ ডাষ্টবিনত পেলাই থৈ যোৱাৰ ফলত পুৰি ছাঁই হয়৷ সভ্য সমাজক লজ্জানত কৰি কোনো লোকে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত জাঁৱৰৰ দ’মত তিনিটাকৈ পানী কেচুৱাক শিয়াল কুকুৰৰ মূখত এৰি থৈ যায়৷

ডাষ্টবিনত পেলাই থৈ যোৱাৰ পিছত কোনো লোকে জাঁৱৰ পুৰিবলৈ ডাষ্টবিনত অগ্নি সংযোগ কৰাত পুৰি ছাঁই হয় পানী কেচুৱা তিনিটা৷ পানী কেচুৱা পুৰি ছাঁই হোৱাৰ ঘটনাই কাৰ্বি ভূমিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফু চহৰৰ সমীপৰ ধৰমচিং ৰংহাঙ গাঁৱৰ চৰচৰিৰত তথা ডিফু-ধনশিৰি পথৰ দাতিত ডিফু নগৰ সমিতিয়ে স্থাপন কৰে জাঁৱৰৰ দ'মত উদ্ধাৰ হয় কেচুৱাৰ মৃতদেহ তিনিটা৷

বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জাঁৱৰৰ দমৰ পৰা সামগ্ৰীৰ সন্ধান কৰা কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ সন্তানে পানী কেচুৱা কেইটা প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক অৱগত কৰে৷ গাঁওৰক্ষী বাহিনীৰ ধৰমচিঙ ৰংহাঙ গাঁৱৰ সভাপতি আবুল কালামে জাঁৱৰৰ দমৰ লগতে থকা হাস্পাতালৰ পেলনীয়া সামগ্ৰীত পুৰি ছাঁই হোৱা পানী কেচুৱা কেইটা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ নোৱাৰাত বৃহস্পতিবাৰে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে৷

ডিফু থানাত ০৫/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰি ডিফু নগৰ আৰক্ষী চকীৰ সহ উপ পৰিদৰ্শক আবুল ফাৰুকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ডিফু থানাৰ অচি দিপেন দাসে নৱজাতক কেইটা জন্মৰ প্ৰায় দুদিন পূৰ্বে হোৱা বুলি অনুমান কৰে৷ ৰাজ্যৰ চৌদিশে পৰিত্যক্ত অৱস্থাত নৱজাতকৰ মৃতদেহ পোৱাটো এতিয়া সুলভ হৈ পৰিছে যদিও পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত তিনিটাকৈ পানী কেচুৱাৰ মৃতদেহ জাঁৱৰৰ দ'মত উদ্ধাৰ হোৱাৰ ঘটনাই মানৱতাৰ পৰিভাষাক লৈয়ো প্ৰশ্ন উদয় হৈছে৷ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে বুলি সচেতন মহলত চৰ্চা লাভ কৰিছে৷