নগাঁওঃ খোৰোঙৰ বাদুলি চাবলৈ এইবেলিও আহিছে হাজাৰ হাজাৰ লোক৷ বাদুলি বুলি কলে হয়তো ঠাই টুকুৰাৰ বৰ্ণনা দিয়াৰ প্ৰয়োজন নাই৷ হয়, কন্দলী পাহাৰৰ কথাকে কৈঠো৷ নগাঁও জিলাৰ দক্ষিণ-পূৱ প্ৰান্তৰ ইতিহাসপ্ৰসিদ্ধ কন্দলী পাহাৰত সম্পূৰ্ণ উদুলি-মুদুলি পৰিবেশৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বাদুলি খোৰোং মেলাৰ৷ প্ৰতিবছৰে শিৱৰাত্ৰীৰ এদিন পিছৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক উলহ-মালহেৰে পৰম্পৰাগতভাবে উদযাপন কৰি বাদুলি মেলাত ৰাইজৰ লানি নিছিগা সোঁত বয়৷

পৰীক্ষাৰ বতৰ চলি থকা সত্বেও সৰ্বত্ৰে উৎসাহ-উদ্দীপনা বিয়পি পৰাৰ লগতে ৰাইজৰ বিপুল সমাগমেৰে কন্দলী পাহাৰ উজ্বলি উঠিছে৷ বিভিন্ন জনবিশ্বাস আৰু কিংবদন্তিৰে ভৰা কন্দলী পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ বছৰ ধৰি বসবাস কৰি আহিছে হাজাৰ হাজাৰ ৰং-বিৰঙৰ বাদুলী৷ প্ৰকাশ যে, এই শিলৰ গুহাটোক কেন্দ্ৰ কৰি বিগত ১৭টা বছৰে অনুষ্ঠিত কৰি অহা বাদুলী খোৰোং মেলালৈ প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক ঢাপলি মেলে ৰং-বিৰঙৰ শত-সহস্ৰ বাদুলী তথা ঐতিহ্যমণ্ডিত আশ্চৰ্যকৰ গুহাটো চাবলৈ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উৎসুক জনতাৰ উপস্থিতিৰে মেলাস্থলীত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে কন্দলী পাহাৰ একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত হয়৷ প্ৰবাদ মতে, প্ৰাক বৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই আশ্চৰ্যকৰ শিলৰ গুহাটো আছিল৷ সেই ৰাজ্যত কেৱল নাৰীয়েহে বাস কৰিছিল আৰু সেয়েহে ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল৷ যদিহে কোনো পুৰুষে গোপনে প্ৰৱেশৰ চেষ্টা কৰে তেন্তে ৰাজ্যৰ নিয়ম অনুসৰি তাক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয় আৰু সেই পুৰুষক কঠোৰ শাস্তি প্ৰদানৰ নিয়ম আছিল৷

এবাৰ এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি পুৰুষ অবিহনে নাৰীসকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে তাক চাবৰ বাবে গুহাত মনে মনে সোমাওঁতে ৰাজ্যৰ গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণী প্ৰমিলাই দোষী সাব্যস্ত কৰি ঋষিজনক শিলত ওলোমাই কঠোৰতম শাস্তি প্ৰদান কৰে৷ তেতিয়া ৰাণী প্ৰমিলা আৰু নাৰীসকলৰ এনে কাৰ্যত লাজে-অপমানে জৰ্জৰিত ঋষিজনে খঙত অগ্নিশৰ্মা হৈ ৰাজ্যৰ সকলো নাৰীকে গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ অভিশাপ দিয়াত সকলো নাৰী লগে লগে বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় আৰু গুহাত আজিও আবদ্ধ হৈ থকা হাজাৰ-বিজাৰ সৰু-বৰ মনোৰমী বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি অতীজৰে পৰা মানুহে বিশ্বাস কৰি আহিছে৷

আনকি বাদুলীবোৰ হেনো ঋষিৰ শাপৰ কাৰণেই গুহাৰ নিৰ্দিষ্ট পৰিধি অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নোলায় বা অন্য ঠাইলৈ গুছি নাযায়৷ প্ৰবাদ সচা নে মিছা সেই কথা আমি ব্যাখ্যা কৰিব নাযাও কিন্তু কন্দলী পাহাৰৰ বাদুলী খোৰোঙত আজিও হাজাৰ হাজাৰ বাদুলী আছে সেই কথা সচা৷ আনহাতে বছৰ বছৰ বাদুলীক কেন্দ্ৰ কৰি অতীজৰে পৰা কন্দলী পাহাৰত এখন মেলা অনুষ্ঠিত হৈ আছে সেই কথাওঁ সচা৷ ইমানে নহয় জনশ্ৰুতি মতে, গহ্বৰৰ অভ্যন্তৰত বামুণী গোঁসাই থান আছে৷ পূৰ্বতে হেনো মানুহে বামুণী গোঁসাই থানৰ পথেৰে কন্দলীলৈ অহা-যোৱা কৰিছিল৷

উল্লেখ্য, ক্ৰমান্বয়ে জনতাৰ আকৰ্ষণৰ অন্যতম স্থলীলৈ ৰূপান্তৰিত হৈ পৰা এই বাদুলী খোৰোং মেলালৈ আজি ৰাজ্যৰ বহু দূৰ-দূৰণিৰ পৰা অহা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে এগছিকৈ বন্তি জ্বলাবলৈ হেতা-ওপৰা লগোৱাৰ উপৰি গুহাত থকা বাদুলীবোৰ স্বচক্ষে চাবৰ বাবে প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰে৷

ইফালে, স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত ২০০১ চনৰে পৰা নিৰৱচ্ছিন্নভাবে প্ৰতিবছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত কৰি অহা এই মেলা উৎসৱৰ পুৱাই পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ ঘটোৱাৰ পিছতেই পৰ্যায়ক্ৰমে বাদুলী খোৰোঙৰ দ্বাৰ মুকলি, খোৰোং প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ অন্তত বিয়লি পৰ্যন্ত অবিৰতভাবে চলা আকৰ্ষণীয় নাম-কীৰ্তনেৰে মেলাথলীৰ চৌপাশ মুখৰিত কৰি তোলা৷

আনহাতে, বাদুলী খোৰোঙৰ কাষতে বিস্তীৰ্ণ এলেকাজুৰি শতাধিক সৰু-বৰ ব্যৱসায় প্ৰতিষ্ঠানৰ অংশগ্ৰহনেৰে বহা এখন হাটে উপস্থিত সকলো লোককে বেছ আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সমন্বয়ৰ উৎকৃষ্ট চানেকী দাঙি ধৰি হাঁহি-ধেমালীৰে হাটত নিজৰ নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ দৃশ্য আছিল সচাই অতুলনীয়৷