মনোনয়নৰ পূৰ্বে বটদ্ৰৱা থানত গুৰুজনাৰ আশিস ল’লে প্ৰদুৎ বৰদলৈয়ে

বটদ্ৰৱাঃ সন্মানীয় নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে মঙলবাৰে নগাঁও জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰে৷ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে প্ৰাৰ্থীগৰাকী পুৱাই উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুন্ঠখ্যাত বটদ্ৰৱা থানত৷

সপত্নীক প্ৰদুৎ বৰদলৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক গৌতম বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই বটদ্ৰৱা থানত সেৱা নিবেদন কৰি আৰ্শীবাদ গ্ৰহণ কৰে৷

শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছী নেতাসকলক বটদ্ৰৱা থানত পৰিচালনা সমিতিৰ হৈ সভাপতি দেৱানন্দ দেৱ গোস্বামী, সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, সহকাৰী সম্পাদক যোগেন বৰুৱা, কাৰ্যকৰী সদস্য কল্যান কলিতা, প্ৰশান্ত ভড়ালী প্ৰমুখ্যে শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ন দেৱ মহন্তই ধৰ্মবস্ত্ৰ, স্মৃতিগ্ৰন্থ আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ ৰিপুন বৰা, প্ৰদুৎ বৰদলৈ, ৰকিবুল হুছেইনেয়েও থান পৰিচালনা সমিতিৰ সভাপতি, সত্ৰাধিকাৰ তথা সাধাৰণ সম্পাদকক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে৷

ইয়াৰ পাছতে সেৱকীসকলে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত শৰাই-নৈবেদ্য, ভকত সেৱাৰ অৰিহনা আদি আগবঢ়াই সেৱা নিবেদন কৰে৷ সত্ৰাধিকাৰ প্ৰমুখ্যে কেৱলীয়া ভকতসকলে তেওঁ মনোকামনা পূৰনাৰ্থে আশিস নিৰ্মালি প্ৰদান কৰি গোসাঁই মূৰত দিয়া ফাকু-নিৰ্মালী প্ৰদান কৰে৷ বটদ্ৰৱা থানত উপস্থিত ভিন্ন স্থানৰ যাত্ৰীসকলে প্ৰদুৎ বৰদলৈ, ৰিপুন বৰা আদিক অতি আন্তৰিকাৰে আগন্তুক সময়ৰ বাবে মূৰে-কপালে হাত বোলাই আৰ্শীবাদ দিয়া পৰিলক্ষিত হয়৷

বটদ্ৰৱা থানত সেৱা নিবেদন কৰি থান চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ কেইবাটাও প্ৰশ্নৰ মুখামুখি  হৈ নিজৰ মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতাকেইজনে৷ এআইইউডিএফৰ লগত মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, এআইইউডিএফৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই আৰু নহয়৷ ধুবুৰীৰ লগতে এআইইউডিএফে প্ৰাৰ্থিত্ব দিয়া তিনিওখন আসনতে কংগ্ৰেছ দলে নিৰ্বাচন খেলিব৷ মিত্ৰতাৰ যে কোনো কথা নাই সেই কথা ইয়াৰ দ্বাৰাই প্ৰমাণ হৈছে৷ গতিকে মিত্ৰতাৰ কোনো প্ৰশ্নই নাই৷

কংগ্ৰেছ দলৰ ভেটি বহুত সুদৃঢ় আৰু অসমত ১০ খন আসন আমি লাভ কৰিম৷ ১০ খনতকৈ বেছি পালেও কোনো আচৰিত হবলগীয়া কথা নহ’ব বুলি তেওঁ মন্তব্য কৰে৷ 

বিৰোধী উপ-দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, কলিয়াবৰত সাংসদ গৌৰৱ গগৈ অভিলেখ সংখ্যক ভোটত বিজয়ী হৈ ৰাহুল গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীৰ আসন শুৱনি কৰিব৷ কলিয়াবৰত গৌৰৱৰ কোনো প্ৰত্যাহ্বানেই নাই সেয়ে তেওঁ বৰ্তমান দিল্লী, পশ্চিমবংগ আদিত দলৰ সভাপতি ৰাহুল গান্ধীৰ লগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে৷ নগাঁও লোকসভা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত ৰকিবুল হুছেইনে কয়, বহু বছৰৰ মূৰত নগাঁও সমষ্টিটো কংগ্ৰেছে দখল কৰাটো নিশ্চিত হৈছে৷ বিভিন্ন সমষ্টি ভোটাৰ ৰাইজে কংগ্ৰেছ দল প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক যিদৰে আদৰিছে, মৰম দিছে সেয়া অভূতপূৰ্ব৷ সকলোৱে বিজেপিৰ ২০ বছৰীয়া অপ-শাসনৰপৰা নগাওঁ লোকসভা সমষ্টিটো মুক্ত হোৱাটো বিছাৰিছে৷ 

কংগ্ৰেছ দলে ১০খনৰ ওপৰত এইবাৰ নিৰ্বাচনত অসমত আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে৷

নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিলৰ পূৰ্বে গুৰুজনাৰ জন্মস্থানৰ পৱিত্ৰ ভূমিলৈ আহি আত্মিক প্ৰশান্তি লাভ কৰা বুলি নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰদুৎ বৰদলৈয়ে বটদ্ৰৱা থানৰ দৰে পূণ্যভূমিত সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ, পৰিচালনা সমিতিয়ে দিয়া আদৰ, মৰম, আৰ্শীবাদে তেওঁৰ সাহস, উৎসাহ বহুগুণে বৃদ্ধি কৰিলে বুলি মন্তব্য কৰি গুৰুজনাৰ কৃপাত তেওঁ নগাওঁ লোকসভাত বিপুল ভোটত জয়যুক্ত হবলৈ সক্ষম হ’ব বুলি দৃঢ় মত প্ৰকাশ কৰে৷ উল্লেখ্য যে, কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকল বটদ্ৰৱা থানত উপস্থিত হোৱাত থানৰ জাপি বাটচ'ৰাৰ বাহিৰতে বহু সংখ্যক দলীয় কৰ্মীয়ে তেওঁলোকক বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হয়৷