ডিজিটেল ডেস্কঃ আপুনি বাৰু সুৰা পান কৰে নেকি? নে সুৰা আপোনাৰ খুবেই প্ৰিয়। কিন্তু মূত্ৰৰে সুৰা নিৰ্মাণৰ কথা আপুনি ভাবিছেনে?

ডেনমাৰ্কৰ সুৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মানুহৰ প্ৰস্ৰাৱেৰে তৈয়াৰ কৰিছে সুৰা৷ এই সুৰা তৈয়াৰৰ বাবে প্ৰতিষ্ঠানটোক প্ৰয়োজন হৈছিল প্ৰায় ৫০হাজাৰ লিটাৰ মূত্ৰৰ৷ নোৰব্ৰো নামৰ প্ৰতিষ্ঠানটোৱে এই মূত্ৰ দুই বছৰৰ আগৰে পৰা সংৰক্ষণ কৰা আৰম্ভ কৰিছিল৷

এই ৫০ হাজাৰ লিটাৰ প্ৰস্ৰাৱেৰে ৬০ হাজাৰ বিয়েৰৰ বটল তৈয়াৰ হৈছে৷ এনেদৰে সুৰা নিৰ্মাণ কৰা প্ৰক্ৰিয়াক ’বীয়ৰছাইক্লিঙ’ বুলি জনা যায়৷ উক্ত সুৰা পান কৰা এজন ব্যাক্তিয়ে এই সুৰাৰ সোৱাদৰ পৰা মূত্ৰৰ পৰা তৈয়াৰ কৰা বুলি গম নাপায় বুলি প্ৰকাশ কৰে৷