তিনিচুকীয়াঃ বাংলাভাষী অসমীয়া আৰু থলুৱা অসমীয়াৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰাৰ লক্ষ্যৰে এচাম সুবিধাবাদী তথাকথিত নেতা বা অবাঞ্ছিত ব্যক্তিয়ে কৰা অপচেষ্টাক ধিক্কাৰ দিছে তিনিচুকীয়া জিলাৰ তালাপ অঞ্চলত দীৰ্ঘদিন সম্প্ৰীতিৰে বসবাস কৰি অহা বাঙালী সমাজে৷ আজি অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক বাঙালী লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি চিলাপথাৰ কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাসক ফাঁচি দিয়াৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই ৷

একাংশ অবাঞ্চিত বিভেদকামী শক্তিয়ে ব্যক্তিগত নাইবা ৰাজনৈতিক স্বাৰ্থত প্ৰৰোচনামূলক মন্তব্যৰে উচটনি যোগোৱা সকলকো চৰকাৰে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি অসমলৈ এক সুস্থিৰ পৰিৱেশ কঢ়িয়াই আনিব লাগে বুলি প্ৰতিবাদকাৰী সকলে মত পোষণ কৰে৷