সংসদ বা বিধানসভাত উৎকোচ লৈ ভোট বা ভাষণৰ প্ৰদান কৰাতো সাংসদ বা বিধায়কৰ বিশেষাধিকাৰৰ অধীনত নপৰে। সোমবাৰে এই সম্পৰ্কীয় এক গোচৰৰ ৰায় প্ৰদান কৰি এই কথা স্পষ্ট কৰি দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আদালতৰ এই ৰায়দানৰ পিছতে এতিয়া এতিয়া যদি কোনো সাংসদ বা বিধায়কে উৎকোচ লৈ সদনত ভাষণ দিয়ে বা ভোট দিয়ে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আদালতত অপৰাধমূলক গোচৰ ৰুজু হ’ব পাৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰাৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, “বিধায়িনী বিশেষাধিকাৰৰ উদ্দেশ্য হৈছে সদনক সামূহিকভাৱে বিশেষাধিকাৰ প্ৰদান কৰা। আনহাতে ১০৫/১৯৪ নং অনুচ্ছেদৰ উদ্দেশ্য হৈছে সদস্যসকলৰ বাবে এক ভয়মুক্ত পৰিৱেশ সৃষ্টি কৰা। দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে।"

আইনী সম্পৰ্কীয় ৱেবছাইট 'লাইভ ল’ৰ মতে, পিভি নৰসিংহ ৰাও গোচৰৰ ১৯৯৮ চনৰ ৰায়দানৰ কথা উল্লেখ কৰি দেশৰ মুখ্য ন্যায়াধীশে কয়, “পিভি নৰসিংহ ৰাও গোচৰৰ ৰায়দানে এক বিৰোধমূলক পৰিস্থিতিৰ সৃষ্টি কৰে, য’ত উৎকোচ লোৱা এজন বিধায়ক আৰু যদি তেওঁ সেই অনুসৰি ভোট দিয়ে , তেওঁ নিৰাপদ।"

উল্লেখ্য যে, ১৯৯৮ চনত পি ভি নৰসিংহ ৰাও বনাম ভাৰত গণৰাজ্যৰ গোচৰত ৩-২ ভোটৰ সংখ্যাগৰিষ্ঠতাৰে পাঁচজনীয়া বিচাৰপীঠে ৰায় প্ৰদান কৰিছিল যে সংসদ আৰু বিধানসভাত ভাষণ আৰু ভোটৰ বাবে উৎকোচ লোৱাৰ ক্ষেত্ৰত বিধায়ক-সাংসদসকল অপৰাধমূলক গোচৰৰ পৰা মুক্ত হ’ব। এয়াই তেওঁলোকৰ বিশেষাধিকাৰ। অৰ্থাৎ সদনত কৰা কোনো কামৰ বাবে এগৰাকী সাংসদ বা বিধায়কৰ বিৰুদ্ধে গোচৰ চলাব নোৱাৰিব।

আইনী সম্পৰ্কীয় ৱেবছাইট বাৰ এণ্ড বেঞ্চৰ মতে, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, “আজিৰ ৰায়দান কৰাৰ সময়ত আমি নৰসিংহ ৰাওৰ ৰায়দানৰ সৈতে একমত নহয় আৰু উৎকোচ লোৱাৰ ক্ষেত্ৰত সাংসদ আৰু বিধায়কে নিজৰ বিশেষাধিকাৰ দাবী কৰিব পাৰে বুলি দিয়া ৰায়ক নাকচ কৰিছো।”

ন্যায়ালয়ে পুনৰ কয়, “কোনো এগৰাকী বিধায়ক বা সাংসদে এনে বিশেষাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰে। এই বিশেষাধিকাৰ সামূহিকভাৱে সমগ্ৰ সদনক দিয়া হৈছে। নৰসিংহ ৰাওৰ গোচৰত দিয়া সিদ্ধান্ত সংবিধানৰ ১০৫ (২) আৰু ১৯৪ অনুচ্ছেদৰ বিৰোধী।”

ইফালে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায়দান প্ৰদান কৰাৰ পিছতে এই সিদ্ধান্তক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ টুইটাৰত লিখিছে যে এই সিদ্ধান্তই স্বচ্ছ ৰাজনীতি নিশ্চিত কৰিব।

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে সংবিধানৰ ১৯৪ (২) অনুচ্ছেদত কোৱা হৈছে যে কোনো সংসদ বা কোনো ৰাজ্যৰ বিধানসভাৰ কোনো সদস্যই সদনত কোৱা কথা বা সদনত দিয়া কোনো ভোটৰ বাবে কোনো আদালতত জবাবদিহি নহ’ব। লগতে সংসদ বা বিধানসভাৰ কোনো প্ৰতিবেদন বা প্ৰকাশৰ সন্দৰ্ভতো কোনো ব্যক্তি কোনো আদালতত জবাবদিহি নহ’ব।

জেএমএমৰ বিধায়কৰ গোচৰ আৰু নৰসিংহ ৰাওৰ সিদ্ধান্তৰ উল্লেখ আদালতৰ

উচ্চতম ন্যায়ালয়ত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িকা সীতা ছ’ৰেনৰ উৎকোচৰ কথিত গোচৰৰ শুনানি চলি থকাৰ সময়তে সাংসদ-বিধায়কৰ বিশেষাধিকাৰ সন্দৰ্ভত সিদ্ধান্ত শুনায় ন্যায়ালয়ে। প্ৰণিধানযোগ্য যে, ২০১২ চনত ৰাজ্যসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল সীতা ছ’ৰেনৰ বিৰুদ্ধে।

এই গোচৰত পিভি নৰসিংহ ৰাও বনাম ভাৰত গণৰাজ্য গোচৰত ১৯৯৮ চনৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ উদ্ধৃতি দিয়া হৈছিল। য’ত কোৱা হৈছিল যে কোনো সাংসদ বা বিধায়কে সংসদ বা বিধানসভাত যি কয় বা কাম কৰে তাৰ বাবে কোনো আদালতত গোচৰ চলাব নোৱাৰিব।

২০১৯ বৰ্ষত তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে বিষয়টো শুনানি গ্ৰহণ কৰি কয় যে পি ভি নৰসিংহ গোচৰত দিয়া ৰায়দান হুবহু একে আৰু সেই ৰায় ইয়াতো প্ৰযোজ্য হ’ব। কিন্তু সেই সময়ত বিচাৰপীঠে কৈছিল যে নৰসিংহ ৰাও গোচৰৰ সিদ্ধান্ত সংকীৰ্ণ ব্যৱধানত (পাঁচজন ন্যায়াধীশৰ মাজত ৩:২ সংখ্যাগৰিষ্ঠতা) লোৱা হৈছে আৰু সেয়েহে বিষয়টো “বৃহৎ বিচাৰপীঠ”লৈ প্ৰেৰণ কৰা উচিত।

ইয়াৰ পিছতে আজি এই গোচৰৰ সিদ্ধান্ত প্ৰদান কৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠে। এই বিচাৰপীঠত আছিল ন্যায়াধীশ এ এছ বোপন্না, ন্যায়াধীশ এম এম সুন্দৰেশ, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ জে বি পাৰ্দিৱালা, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।

পিভি নৰসিংহ ৰাওৰ গোচৰ কি আছিল?

ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ পিছত ১৯৯১ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৯৮৯ চনত বফৰ্ছ কেলেংকাৰিৰ বাবে ক্ষমতা হেৰুৱাৰ পিছত ১৯৯১ চনত কংগ্ৰেছে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। ৪৮৭ খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২৩২ খন আসন লাভ কৰে কংগ্ৰেছে। কিন্তু চৰকাৰ গঠনৰ বাবে ২৭২খন আসনৰ প্ৰয়োজন হোৱাত দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত লয় পি ভি নৰসিংহ ৰাওৱে।

নৰসিংহ ৰাওৰ চৰকাৰখনে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল অৰ্থনৈতিক সংকট। তেওঁৰ চৰকাৰৰ দিনতেই ১৯৯১ চনৰ ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰ সম্পন্ন হয় আৰু অৰ্থনীতি উদাৰীকৰণ কৰা হয়।

কিন্তু একে সময়তে দেশৰ ৰাজনৈতিক পর্যায়তো বৃহৎ পৰিবর্তন ঘটিবলৈ আৰম্ভ আৰু বিজেপি নেতা এল কে আদৱানীৰ নেতৃত্বত ৰাম জন্মভূমি আন্দোলন শিখৰত উপনীত হয়৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদত আক্ৰমণ কৰি ভাঙি পেলায় একাংশ হিন্দুত্ববাদীয়ে। দুবছৰৰ পাছত এই দুটা বিষয়েই নৰসিংহ ৰাও চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ অনাৰ মূল কাৰণ হৈ পৰে৷

১৯৯৩ চনৰ ২৬ জুলাইত বৰ্ষাকালীন অধিৱেশনত চি পি আই (এম)ৰ অজয় মুখোপাধ্যায়ে নৰসিংহ ৰাও চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়ায়। এই অনাস্থা প্ৰস্তাৱৰ কাৰণ দিয়া হয় - “আই এম এফ আৰু বিশ্ব বেংকৰ আগত সম্পূৰ্ণ আত্মসমৰ্পণ, জনবিৰোধী অৰ্থনৈতিক নীতি গ্ৰহণ, নিবনুৱা সমস্যা বৃদ্ধি পাইছে, মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতীয় উদ্যোগ আৰু কৃষকৰ স্বাৰ্থত বিৰূপ প্ৰভাৱ পৰিছে।"

তদুপৰি অনাস্থা প্ৰস্তাৱত উল্লেখ কৰা হয় যে  চৰকাৰে সাম্প্ৰদায়িক শক্তিৰ প্ৰতি আপোচমূলক মনোভাৱ গ্ৰহণ কৰিছে আৰু সেইবাবেই অযোধ্যা কাণ্ড সংঘটিত হৈছে। সংবিধানত দিয়া ধৰ্মনিৰপেক্ষতাক ৰক্ষা কৰাত এই চৰকাৰ ব্যৰ্থ হৈছে। অযোধ্যাৰ মছজিদ ভাঙি পেলোৱাৰ বাবে দায়ীসকলক শাস্তি প্ৰদানত চৰকাৰ ব্যৰ্থ হৈছে।

সেই সময়ত লোকসভাত ৫২৮ খন আসন আছিল আৰু কংগ্ৰেছৰ হাতত আছিল ২৫১ খন আসন। চৰকাৰক বচাবলৈ আৰু ১৩খন আসনৰ প্ৰয়োজন হৈছিল। এই প্ৰস্তাৱৰ বিতৰ্ক তিনিদিন ধৰি অব্যাহত থাকে। ২৮ জুলাইত যেতিয়া অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান হয়, তেতিয়া অনাস্থা প্ৰস্তাৱটো ১৪টা ভোটত বিফল হৈছিল। অনাস্থা প্ৰস্তাৱৰ পক্ষত ২৫১টা ভোট আৰু ইয়াৰ বিৰুদ্ধে ২৬৫টা ভোট পৰে। এই ভোটদানৰ তিনিবছৰৰ পাছতে পোহৰলৈ আহে উত্কোচৰ গোচৰ।

সেই সময়ত কি কৈছিল উচ্চতম ন্যায়ালয়ে?

১৯৯৮ চনৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে গোচৰটোৰ সাৰাংশ দাঙি ধৰি কৈছিল যে "ৰাষ্ট্ৰীয় মুক্তি মৰ্চাৰ সদস্য ৰবীন্দ্ৰ কুমাৰে ১৯৯৬ চনৰ ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো অৰ্থাৎ চিবিআইত এজাহাৰ দাখিল কৰিছিল।  তেওঁ অভিযোগ কৰিছিল যে ১৯৯৩ চনৰ জুলাই মাহত 'এটা অপৰাধমূলক ষড়যন্ত্ৰ'ৰ অধীনত নৰসিংহ ৰাও, সতীশ শৰ্মা, অজিত সিং, ভজন লাল, ভি চি শুক্লা, আৰ কে ধাৱন আৰু ললিত সুৰীয়ে ৰাজনৈতিক দলৰ সাংসদসকলক উৎকোচ দি চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। ইয়াৰ বাবে ৩ কোটিতকৈ অধিক ধন আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ১.১০ কোটি টকা সুৰজ মণ্ডলক দিয়া হৈছিল।

এই গোচৰত চিবিআইয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাংসদসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইয়াৰ ভিতৰত মণ্ডল, শিবু ছোৰেন, চাইমন মাৰাণ্ডী, শৈলেন্দ্ৰ মাহাতোৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। সেই সময়ত ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুঠ ছয়গৰাকী সাংসদ আছিল।

চিবিআইৰ তদন্তৰ উদ্ধৃতি দি আদালতে কয়, ‘জেএমএমৰ নেতাসকলে উৎকোচ লৈ প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰিছে। আৰু তেওঁলোকৰ ভোট আৰু আন কিছুমান সাংসদৰ ভোটৰ বাবেহে ৰাওৰ চৰকাৰ ৰক্ষা পৰে।"

সেই সময়ত পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ ৰায় প্ৰদান কৰে। সেই সময়ত ন্যায়াধীশ এছ পি ভাৰুচাই নিজৰ সিদ্ধান্তত কৈছিল, “উৎকোচ লোৱা বুলি অভিযোগ কৰা অপৰাধৰ গুৰুত্বৰ বিষয়ে আমি সম্পূৰ্ণৰূপে সচেতন। যদি এই কথা সঁচা হয়, তেন্তে তেওঁ প্ৰতিনিধিত্ব কৰা লোকসকলৰ আস্থাৰ ব্যৱসায় কৰিছে।"

আদালতে নিজৰ সিদ্ধান্তত পুনৰ কৈছিল, "তেওঁলোকে টকা লৈ এখন চৰকাৰ ৰক্ষা কৰিছে। কিন্তু ইয়াৰ স্বত্ত্বেও, সংবিধানে তেওঁলোকক দিয়া সুৰক্ষাৰ অধিকাৰী, আমাৰ ক্ষোভৰ অনুভূতিৰ বাবে, আমি সংবিধানৰ এক সংকীৰ্ণ ব্যাখ্যা দিয়া উচিত নহয় যি সংসদীয় অংশগ্ৰহণৰ নিশ্চয়তা আৰু বিতৰ্কৰ নিৰাপত্তাক প্ৰভাৱিত কৰে।"