বিহালীঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, ৰাজনৈতিক দলসমুহৰ মাজত প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সিমানেই তুংগত উঠিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে এম জি ভি কে ভানুক প্ৰক্ষেপ কৰাৰ পিছতে শক্তিশালী প্ৰাৰ্থী বিচাৰি  হাবাথুৰি খাবলগীয়া গেৰুৱা দল বিজেপিয়ে। 

শুকুৰবাৰলৈকে প্ৰাৰ্থী বাচনি কৰাত বিলম্ব কৰা গেৰুৱা বাহিনীয়ে দাদা ব্ৰিগেডৰ অন্যতম সদস্য তথা ৰাজ্যৰ বিফল মন্ত্ৰী পল্লৱক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰ সংসদীয় সমষ্টিৰ একাংশ ৰাইজে। পোন প্ৰথমবাৰৰ বাবে বিহালী বিধান সভা সমষ্টিৰপৰা ৰাজনৈতিক জীৱনৰ খাতা খোলা পল্লবে বিহালী বাসী ৰাইজক বহু লাঞ্ছিত-বঞ্চিত, প্ৰতাৰণা কৰাৰ উদাহৰণ সৰ্বজনবিদিত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল দেখুৱাব নোৱাৰা ৰাজ্যৰ একাংশ বিদ্যালয় প্ৰধানক দিছপুৰত মাতি নি তাচ্ছিল্য সূচক মন্তব্য,  অপমান কৰা সময়ত মন্ত্ৰী হিমন্তক সংগ দি দাঁত নিকটাই হাঁহি মাৰি হাঁহিৰাম মন্ত্ৰী হিচাপে খ্যাত পল্লৱক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে তেজপুৰ সংসদীয় সমষ্টিৰ একাংশ ৰাইজে। 

মন্ত্ৰী পল্লবে বিহালী সমষ্টিৰ বালিপুখুৰীত তেওঁৰ কাৰ্যকালতে স্থাপন কৰা আই টি আই কলেজখনো মুকলি কৰাত ব্যৰ্থ হৈছে পল্লৱ লোচন দাস।

কেৱল ইমানেই নহয় ৰাইজৰ উন্নয়নক পিঠি দি ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া বিফল মন্ত্ৰী পল্লৱৰ পূৰ্বৰ কৰ্ম কাণ্ডই প্ৰমাণ কৰে যে তেওঁ  আচলতে সমষ্টিৰ উন্নয়নৰ প্ৰতি কিমান দায়বদ্ধ? 

বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দিনৰে পৰাই ৰাইজৰ দুখ-দুৰ্দশাৰ কথা বুজি নোপোৱা পল্লবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ সমস্যাক যে কিমান গুৰুত্ব প্ৰদান কৰিব তাক লৈ একাংশ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।