ডিজিটেল ডেস্কঃ বৰ্তমান ইউটিউবত ভাইৰেল হৈ পৰিছে এজন বাইকাৰে হাইৱেত চাৰিচকীয়া বাহন এখনত মৰা এটা কিক্। কিয়নো এই কিকটো আছিল বিধ্বংসী।

লছ এঞ্জেলচৰ চান্তাক্লেৰিতাৰ ৰাজপথত বৃহস্পতিবাৰে সমান্তৰালকৈ গৈ থকা এখন চেডান কোম্পানীৰ কাৰখনক কিবা খঙত বাইক আৰোহীজনে চলন্ত অৱস্থাতে কিক্ মাৰে। কথমপি নপৰাকৈ বাচে বাইক আৰোহীজন।

কিন্তু তাৰ লগে লগে তড়িৎ গতিত কাৰখনে তাৰ প্ৰত্যুত্তৰত বাইকখনত খুন্দা মাৰে। ইয়ালৈকে থিকেই আছিল। এইখিনিতে কাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই গৈ ডিভাইডাৰত খুন্দা মাৰে। তাতে কাৰখনৰ একাংশ জ্বলি উঠে।

<

বিবুদ্ধিত পৰা কাৰখনৰ আৰোহীৰ ষ্টিয়েৰিং এইবাৰ ঘুৰে একে দিশত গৈ থকা আনটো লেনৰ বাহনৰ ফালে। কাৰখনে গৈ খুন্দা মাৰে এখন বিয়াগোম এছইউভিক।

কাৰখনৰ খুন্দাত হাইৱেত উলটি পৰে এছইউভিখন। এই সমগ্ৰ দৃশ্য আবদ্ধ কৰে পিছফালৰ পৰা গৈ থকা আন এখন গাড়ীৰ টিম মৰিছন আৰু খ্ৰীছ টেবাৰ নামৰ দুগৰাকী যাত্ৰীয়ে।

শ্বাসৰুদ্ধকৰ এই ঘটনাৰ ভিডিঅ ইউটিউবত আপলোড হোৱাৰ লগে লগে দৃশ্যটো ভাইৰেল হৈ পৰে। এতিয়া এই ভিডিঅৰ আধাৰতে অপৰাধীক কৰায়ত্ব কৰাৰ কামত নামি পৰিছে কেলিফৰ্ণিয়া আৰক্ষী।