গুৱাহাটীঃ এতিয়া যেন ক্ষমতাই মূৰত ধৰিছে বিজেপি নেতা-কৰ্মীৰ৷ কেইটামান টকা, নিৰাপত্তাৰক্ষী আৰু ক্ষমতাই মূৰত ধৰিলে মানুহৰ আচৰণ কেনেদৰে সলনি হয় সেয়া অসমৰ ৰাইজে দেখি আহিছে৷ অসমৰ একাংশ নেতা বিধায়ক-মন্ত্ৰীয়ে সময়ে সময়ে দেখুৱাই আহিছে তেওঁলোকৰ আচৰণ৷ ক্ষমতাৰ বাবে বলিয়া হৈ পৰে একোগৰাকী ৰাজনেতা৷ বিৰোধী দলক আক্ৰমণ কৰিবলৈ সকলো সীমা অতিক্ৰম কৰি নেতাই অসাংবিধানিক শব্দ পৰ্যন্ত ব্যৱহাৰ কৰে৷ 

এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সকলো সীমা অতিক্ৰম কৰি ৰাজহুৱা সভাতে অৱসৰপ্ৰাপ্ত শিক্ষকক ননচেন্স বুলি কোৱাৰ ৫০ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ বিজেপিৰ এটি জিলা সমিতিয়ে অসমৰ গায়ক, অভিনেতা-অভিনেত্ৰীৰ চৰিত্ৰক লৈ মন্তব্য প্ৰকাশ কৰে৷ মন্ত্ৰী-বিধায়কৰ লগতে জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰ মানসিকতা কেনেদৰে সলনি হৈছে আৰু ক্ষমতাই মানুহক কিমান তললৈ নিয়ে তাৰ প্ৰমাণ দিছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অসমীয়া শিল্পীক চৰম অপমান কৰি বিজেপিৰ যোৰহাট জিলা সমিতিৰ ফেচবুকত কৰা মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত কৰাৰ সপক্ষে আৰু অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে মত সদি অহা বিধেয়কৰ বিৰোধিতা কৰিছিল বিভিন্ন দল-সংগঠন-বুদ্ধিজীৱি-মন্ত্ৰী-বিধায়ক-তথা সাধাৰণ জনতাই৷ 

অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে প্ৰস্তুতি চলোৱা বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত শিল্পী সকলেও৷ 
মানস ৰবীন, জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰ, বিপিন চাওদাং, বাবু বৰুৱা, বৰষা ৰাণী বিষয়া আদি শিল্পীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছিল৷ কেইবাগৰাকী শিল্পীয়ে খানাপাৰত উপস্থিত হৈ স্মাৰক দিছিল৷ শিল্পীসকলে বিধেয়কক বিৰোধিতা কৰাৰ ফলত হূলে বিন্ধিছে বিজেপিক৷ যোৰহাট বিজেপিৰ ফেচবুক পেজত  প্ৰস্তুতি পৰাশৰ, মানস ৰবীন সহ ৪ শিল্পীৰ এখন ফটো আপলোড কৰি চৰম অপমানজনক মন্তব্য প্ৰকাশ কৰে৷  

যোৰহাট বিজেপিয়ে প্ৰস্তুতি পৰাশৰ, মানস ৰবীন সহ শিল্পী কেইজনক ‘জাতি ৰক্ষাৰ নিমিত্তে একেলগে ওলাই আহিছে, ভাল লাগিছে’ বুলি কটাক্ষ কৰি অপমানিত কৰে৷ যোৰহাট বিজেপিয়ে নিজৰ ফেচবুক পেজৰ জৰিয়তে শিল্পীকেইজৰ ফটো প্ৰচাৰ কৰি জাতি ৰক্ষাৰ নিমিত্তে ওলাই অহা কোনগৰাকী শিল্পীৰ সন্তান অসমীয়া মাধ্যমত পঢ়ে বুলি প্ৰশ্ন কৰি উত্থাপন কৰে৷ 

যোৰহাট বিজেপিয়ে ফেচবুক পোষ্টত লিখে, ‘খানাপাৰাত এখেতসকলে কোনো সংগঠন হিচাপে নহয় বৰং অসমৰ একোজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে আগভাগ লৈছিল৷ অসমৰ ৰাইজে এখেতসকলৰ অনুসৰণ কৰে৷ গতিকে এখেতসকলৰ অশ্লীল বাতৰি বা চৰিত্ৰহীন খবৰে আমাৰ জাতিৰ চৰিত্ৰ উদঙাই নিদিবনে?’ যোৰহাট বিজেপিৰ এনে মন্তব্যত অপমানিত বোধ কৰে শিল্পীসকলে৷

যোৰহাট বিজেপিৰ এনে অপমান জনক পোষ্টৰ পিছতে ছ’চিয়েল মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ তেওঁ নিজৰ ফেচবুক পেজত লিখে ‘‘কাতৰ অনুৰোধ ,আমি একো একোজন সাংস্কৃতিক কৰ্মী, আমাক কোনো ৰাজনৈতিক বিশ্লেষণেৰে অপদস্থ কৰিবলৈ চেষ্টা নকৰে যেন। নিজৰ মত পোষণ কৰাৰ অধিকাৰ আমাক সংবিধানে দিছে, আৰু আমি তাকে কৰিছোঁ।’’

প্ৰস্তুতি পৰাশৰে কয়, ‘‘অসম আন্দোলনৰ জাতীয় চেতনাৰ আবেগিক অনুভৱ আমাৰ জ্যেষ্ঠজনৰ মুখেৰে শুনিছোঁ, বুজিছোও গতিকে সমৰ্থন কৰিছোঁ। বিনম্ৰ অনুৰোধ নিজৰ স্বাৰ্থত কোনো দলে যাতে মুছলমান বা হিন্দু বা যিকোনো ধৰ্মৰে বিদেশীক ৰক্ষণাবেক্ষণ নিদিয়ে যাতে। বিদেশী বিদেশীয়ে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছৰ সকলো বিদেশীৰ বহিস্কাৰ হ’ব লাগে। ইতিমধ্যে ই NRCৰ যোগেদি প্ৰক্ৰিয়া আৰম্ভ হৈছেই গতিকে ভুৱা কাগজৰ বলতেই হওঁক বা আন প্ৰক্ৰিয়াৰেও যাতে কোনো বিদেশীয়ে আমাৰ ইয়াত স্থান নাপায়। খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত হে মাত মাতিবলৈ ওলাই আহিছোঁ, কোনো দল-সংগঠনৰ সপক্ষে বা বিপক্ষে মাতিবলৈ কেতিয়াও নাযাওঁ। কাৰণ অসমত এতিয়া স্বাৰ্থজনীত ৰাজনীতি দেখা পোৱা যায় সকলো দিশে।’’

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়তে জাতীয় স্বাৰ্থৰ হকে মাত মতা শিল্পীসকলৰ কৰা এনে অপমানত যোৰহাটৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া ৰাইজ৷ বিভিন্ন জনে যোৰহাট বিজেপিক সাম্প্ৰদায়িক বুলি মন্তব্য কৰি ছ’চিয়ল মাধ্যম যোগে তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে৷ 

অসমীয়া জাতিক বিদেশী বাংলাদেশীৰ হাতত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কেতিয়াও সাৰ্থক হ’বলৈ দিয়া নহ’ব বুলি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷