ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এলাহবাদত এগৰাকী ভিজেপি নেতাক গুলিয়াই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে এলাহাবদৰ ফুলপুৰত মঙলবাৰে দুস্কৃতিকাৰীৰ এটা দলে বিজেপি নেতা পৱন কেশৰীৰ ওপৰত আক্ৰমণ চলায়৷ দুস্কৃতীকাৰীৰ দলে বিজেপিৰ নেতা পৱন কেশৰীক লক্ষ্য কৰি কেইবাটাও গুলি চলায়৷ ফলত বিজেপি নেতাগৰাকী গুৰুতৰবাৱে আহত হয়৷ 

পিছত স্থানীয় লোকে পৱন কেশৰীক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷

ঘটনাৰ পিছতে এলাহবাদ আৰক্ষী ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ আনফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিজেপি নেতা পৱন কেশৰীৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই৷