তেজপুৰঃ বিজপি দলৰ মনোনিত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাবলৈ আহি বিজেপি দলৰ অসম প্ৰভাৰি মহেন্দ্ৰ সিঙে সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত মোডী চৰকাৰক ভোট দি দেশৰ উন্নয়ণ আৰু প্ৰগতিৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান জনায় সিঙে। 

সিঙে সংবাদ মাধ্যমৰ ওচৰত ৰাহুল গান্ধীয়ে দৰিদ্ৰ পৰিয়ালক ৭২ হেজাৰ টকাকৈ দিয়াৰ ঘোষণাক কটাক্ষ কৰে মহেন্দ্ৰ সিঙে। 
তেওঁ লগতে ৰাহুল গান্ধীৰ চৰকাৰ নহয়, তেওঁ সেয়া জানেই৷ গতিকে যিকোনো ঘোষণাই কৰিব পাৰে বুলি উল্লেখ কয় আপুনি যদি বিজেপিক ভোট নিদিয়ে তেন্তে এই ৰাইজ উন্নয়ণৰ পৰা বঞ্চিত হব। আপোনাৰ ধৰ্ম নষ্ট হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে। 

সংবাদ মেলত বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই কয় অসমৰ পৰা দুজন অনা অসমীয়াক সাংসদ ইতিমধ্যে পাতি যি পালে আৰু এজন অনা অসমীয়াক তেজপুৰবাসী ৰাইজে সাংসদ নাপাতিবলৈ আহ্বন জনায়। কাৰণ সাংস্কৃতিক নগৰি তেজপুৰৰ আদৰ্শবাদী ভোটাৰে ভুমিপুত্ৰ পল্লৱ লোচন দাসকেই নিশ্চয় ভোট  দিব। সংবাদ মাধ্যমে নাগৰিকত্ব বিধেয়ক সম্পৰ্কত কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা মহেন্দ্ৰ সিঙ আৰু জয়ন্ত মল্ল বৰুৱা কৌশলগত ভাৱে আতৰি থাকে।