বোকাজানঃ আগন্তুক কাৰ্বি পৰিষদীয় নিৰ্বাচন ১২ জুনত অনুষ্ঠিত হোৱাৰ কথা ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতেই পাহাৰীয়া জিলাখনত বসবাস কৰা জনসাধাৰণৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ চলি থকা জল্পনা-কল্পনাৰ ইতিমধ্যে অন্ত পৰে৷

জিলাখনৰ মুঠ ২৬টা পৰিষদীয় সমষ্টিত এতিয়া ৰাজনৈতিক দলৰ দলীয় প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা ৰাজনৈতিক মহলত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিজেপিৰ নিৰ্বাচনী তৎপৰতা আঠ নং হামৰেণ পৰিষদীয় সমষ্টিত দেখিবলৈ পোৱা গৈছে৷

সমষ্টিটোৰ জনপ্ৰতিনিধি মংগলছিং তিমুঙে সমষ্টিটোত দলীয় প্ৰাৰ্থিত্ব লাভৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালকৈ নেৰানেপেৰাকৈ সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷

আজি দিনৰ ভাগত আঠ নং হামৰেণ সমষ্টিৰ তেলহৰত সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী সভাত তিমুঙে বিজেপিক ভোটদানৰ আহ্বান জনাই কয় যে কাৰ্বি আংলঙত বিজেপিয়ে জয়ী হৈ পৰিষদ গঠন কৰাতো নিশ্চিত। 

তেওঁ ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছৰ কোনো অভিসন্ধিয়েই বিজেপিৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ বিজেপিৰ আজিৰ এই সভাত পাঁচ সহস্ৰাধিক লোকৰ লগতে ভালেসংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে৷