ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে হৰ্ছ ট্ৰেডিঙত ব্যস্ত হৈ পৰিছে বিজেপি। প্ৰতিগৰাকী কংগ্ৰেছ বিধায়ককে ১৫ কোটি টকাৰ লোভ দেখুৱাইছে শাসকীয় দলটোৱে।

এই অভিযোগ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ শক্তিসিং গোহিলৰ। সেয়ে বিধায়কসকলক ধৰি ৰাখিবলৈ গুজৰাটৰ ৪২জনকৈ বিধায়কক বাংগালুৰুৰ ৰিজ’ৰ্টত একপ্ৰকাৰ বন্দী কৰি ৰাখিছে কংগ্ৰেছে।

উল্লেখ্যে যে যোৱা তিনিদিনত ৰাজ্যখনৰ মুঠ ৫৭ গৰাকী বিধায়কৰ ভিতৰত৬ জনে দলত্যাগ কৰিছে। ইয়াৰে ৩জনে ইতিমধ্যে বিজেপিত যোগ দিছে। বাকী তিনিজনেও বিজেপিত যোগ দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

ইয়াৰ পিছতে তৎপৰ হৈ পৰে কংগ্ৰেছ। আৰু বিধায়কক যাতে বিজেপিয়ে নিজৰ কৰি ল’ব নোৱাৰে তাৰ বাবে বাংগালুৰুৰ ৰিজ’ৰ্টলৈ লৈ যোৱা হৈছে। ৰাজ্যসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আহমেদ পেটেলক জয়ী কৰিবলৈকে এনে পদক্ষেপ ল’বলৈ বাধ্য হৈ পৰে কংগ্ৰেছ।

কংগ্ৰেছৰ মুখপাত্ৰ গোহিলে আৰু কয়, 'বিজেপিয়ে প্ৰলোভন দেখুৱাই মন ভুলাব বিচাৰিছে। প্ৰত্যেক বিধায়ককে ১৫ কোটি টকা আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ টিকট তথা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ খৰছ দিব বুলি কৈছে। এয়া খুবেই সস্তীয়া ৰাজনীতি। ভোটৰ বাবে তেওঁলোকে টকা, বাহুবল আৰু প্ৰশাসনকো ব্যৱহাৰ কৰিছে।’