ডিজিটেল ৰিপ'ৰ্টঃ এবছৰ আগৰ কথা। জাতি-মাটি-ভেটি শ্লগানে কপাই তুলিছিল অসমৰ আকাশ-বতাহ। জাতি-মাটি-ভেটিৰ কথা কৈ পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল বিজেপিয়ে। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছিল সৰ্বানন্দ সোণোৱালে। বিজেপিৰ আৱেগ উতলাই তোলা শ্লগান শুনি ভোল গৈছিল অসমবাসী। নিজৰ জাতিটোৰ কথা ভাবি, নিজৰ মাটিৰ কথা ভাবি, নিজৰ ভেটিৰ সুৰক্ষাৰ কথা ভাবি আগ-পিছ একো নুগুণি ভোটিং মেছিনত সকলোৱে পদুম ফুলৰ ছবিটোৰ কাষত থকা বুটামত আঙুলি দিছিল।

এনেকৈয়ে বিপুল ভোটত জয়ী হৈ শাসনৰ গাদী দখল কৰে সৰ্বানন্দ সোণোৱালে। শাসনভাৰ লৈয়েই লাহে লাহে উদঙাই দিবলৈ লয় নিজৰ প্ৰকৃত চৰিত্ৰ। এপদ এপদকৈ সকলো সম্পদ দিল্লীক গতাই দিবলৈ কুচ-কাৱাজ আৰম্ভ কৰে সৰ্বা নেতৃত্বাধীন চৰকাৰখনে। তৈলক্ষেত্ৰকে আদি কৰি সকলো ক্ষেত্ৰতে অসমৰ অধিকাৰ কাঢ়ি নি দিল্লীক গতাই দিবলৈ তৎপৰ হৈ পৰে চৰকাৰখনে। 

শৰাইঘাটৰ শেষ ৰণ বুলি সৰ্বসাধাৰণক পতিয়ন নিয়াই শেষত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ যো-জা চলোৱা, বাংলাদেশক মাটি হস্তান্তৰ কৰা, নদীবান্ধ নিৰ্মাণৰ লগতে ভালেমান জনবিৰোধী কামেৰে একপ্ৰকাৰ আক্ৰমণকাৰী মোগল সেনাপতি ৰামসিংহৰ ভূমিকাত অৱতীৰ্ণ হয় চৰকাৰখন। ফলত যিসকল লোকে বহু আশাৰে বিপুল ভোটত দলটোক জয়ী কৰাইছিল সেইসকল লোকেই ওলাই আহিবলৈ বাধ্য হয় ৰাজপথলৈ।
ইমানৰ পিছতো সকলোৱে আশা কৰিছিল যে যিমানেই যি নহওক কিয় এই চৰকাৰখনে পূৰ্বৰ চৰকাৰৰ দৰে জনবিৰোধী কাম তৎক্ষণাৎ নকৰিব কিয়নো তেওঁলোকৰ মূল শ্ল’গানটোৱেই আছিল জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান।

কিন্তু আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দায়ে আয়োজন কৰা এখন সংবাদ মেলৰ পিছতে হতবাক হৈ পৰে অসমবাসী। কিয়নো বাজপেয়ী ভৱনত আয়োজন কৰা এই সংবাদমেলখনত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে স্পষ্ট ভাষাত কয় যে 'জাতি-মাটি-ভেটি’ মানে তেওঁলোকে অসমীয়া জাতি, অসমৰ মাটি আৰু অসমীয়া লোকৰ ভেটিৰ কথা কোৱা নাছিল। তেওঁলোকে 'জাতি-মাটি-ভেটি’ৰ জৰিয়তে ভাৰতৰ কথাহে কৈছিল।

'জাতি-মাটি-ভেটি মানে এইটো নহয় যে বৰপেটাৰ মাটি, তিনিচুকীয়াৰ মাটি, শিৱসাগৰৰ মাটি। আমি কৈছিলো ভাৰতীয় জাতিৰ কথা, ভাৰত মাতাৰ কথা, ভাৰতৰ মাটিৰ কথা, ভাৰতীয়ৰ ভেটিৰ কথা।’-এইদৰে জাতি-মাটি-ভেটি শ্ল’গানৰ অৰ্থ অসমবাসীক বুজাই দিয়ে সভাপতি ৰঞ্জিত দাসে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহুতেই পৰিৱৰ্তনৰ কথা কোৱা বিজেপিয়ে জাতি-মাটি-ভেটিৰ অৰ্থ পৰিৱৰ্তন কৰি দিয়া বুলিও কটাক্ষ কৰে।

উল্লেখ্য যে অসমৰ খিলঞ্জীয়া লোকসকলে অসমত নিজৰ অস্তিত্ব হেৰুওৱাৰ উপক্ৰম হোৱাৰ শংকা কৰিয়েই জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান শুনি নিজকে সুৰক্ষিত কৰিবলৈ বিজেপিক হিয়া উবুৰিয়াই ভোট দিছিল। তেতিয়া কোনেও ঘূণাক্ষৰেও ভবা নাছিল যে বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান ৰাইজক আকৰ্ষিত কৰা কৌশলৰ বাদে আন একো নাছিল।

পিছে এতিয়া এবছৰতে প্ৰতিজন অসমীয়াই সেয়া উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে যে কি কংগ্ৰেছ, কি বিজেপি, কি অগপ সকলোৱেই সেই একেজোপা গছৰে ফল। আৰু সেই কথা উপলব্ধি কৰি এতিয়া হাত সাবতি বহি থকাৰ বাদে উপায় নাইকিয়া হৈছে অসমীয়া জাতিৰ। এনেকৈয়ে হয়তো এদিন মাটি-ভেটিৰ লগতে কালৰ বুকুত চিৰদিনলৈ হেৰাই যাব অসমীয়া জাতি!