ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজস্থানত৷ বসুন্ধৰা ৰাজে সিন্ধিয়াই ৫ বছৰ কাৰ্যকাল সমাপ্ত কৰিবলৈ মাথো কেইমাহ মান বাকী৷ কংগ্ৰেছৰ অশোক গেহলেটৰ চৰকাৰক বিধ্বস্ত কৰি শাসনলৈ আহিছিল বসুন্ধৰাই৷ বহু আশাৰে ৰাইজে বিজেপিক ভোটদান কৰি শাসনত বহুৱাইছিল বসুন্ধৰাক৷

কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজে যেন বসুন্ধৰাক বিদায় দিব খুজিছে৷ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত ধৰাশায়ী হয় বিজেপি দল৷ ৰাজস্থানৰ দুটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি দলে পৰাজয়বৰণ কৰাৰ পিছৰে পৰা ৰাজনৈতিক বিশ্লেষক- ৰাইজে বিকল্পৰ সন্ধান কৰিব বুলি চৰ্চা আৰম্ভ হৈছে৷

শেহতীয়াকৈ উপ-নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছৰে পৰা দলৰ কৰ্মকৰ্তাসকল অসন্তুষ্টি হোৱা পৰিলক্ষিত হৈছে৷ দলৰ কৰ্মকৰ্তাই ক্ষোভিত হৈ পৰাৰ খবৰ প্ৰচাৰ হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত দলীয় নেতা-কৰ্মীসকলে মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক পদৰ পৰা আঁতৰাবৰ বাবে দলক আৱেদন জনায়৷

বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি দিবৰ বাবে ৰাজস্থানৰ কোটা জিলাৰ অবিচি নেতা অশোক চৌধুৰীয়ে বিজেপিৰ সভাপতি অমিত শ্বাহক পত্ৰ প্ৰেৰণ কৰি আহ্বান জনায়৷ অশোক চৌধুৰীয়ে বসুন্ধৰা ৰাজেৰ কাম-কাজত ৰাজ্যৰ জনতা সুখী নহয় বুলি কয়৷ যাৰ বাবে আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে আগে বসুন্ধৰা ৰাজেৰ লগতে ৰাজ্যৰ বিজেপি দলৰ এগৰাকী নেতা অশোক পৰণামীক পদৰ পৰা আঁতৰাবলৈ বিজেপিৰ সভাপতিক আহ্বান জনায়৷