গুৱাহাটীঃ চলিত বৰ্ষত অনুষ্ঠিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ জৰিয়তে চাৰিখনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে আগন্তক ২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কঁকালত টঙালি বান্ধিছে। ২০১৯ টো কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাস তুংগত উঠা দলটোৱে ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে।

দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইতিমধ্যে পশ্চিমবংগ ভ্ৰমণ কৰি গৈছে। তেওঁ এই ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ একালৰ নক্সাল অধ্যুষিত অঞ্চলকো সামৰি লোৱাই নহয়, দলৰ তৃণমূল পৰ্য়ায়ৰ কৰ্মীৰ সৈতেও এসাঁজ আহাৰ গ্ৰহণ কৰে। শ্বাহৰ সমান্তৰালভাৱে দলৰ বিভিন্ন পৰ্যায়ৰ নেতাবৰ্গয়ো এনে নিৰ্বাচনী কুচ-কাৱাজ অব্যাহত ৰাখিছে।

আনকি সম্প্ৰতি বাঁওপন্থীৰ দখলত থকা কেৰালাতো বিজেপিয়ে 'পদুম’ ফুলুৱাবলৈ অনেক কৌশল অৱলম্বন কৰিছে। ইয়াৰ অংশস্বৰূপে ৰাজ্যখনৰ কড়িকোড়েত দলটোৱে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকো অনুষ্ঠিত কৰিছে। তাৰ পাছৰে পৰা দলৰ একাংশ শীৰ্ষনেতাই নিয়মীয়াভাৱে ৰাজ্যখন ভ্ৰমণ কৰি আছে।

শেহতীয়াভাৱে দলটোৱে কেৰালা জয়ৰ বাবে এক বিশেষ ৰণনীতি প্ৰস্তুত কৰা বুলি ব্যাপক চৰ্চা হৈছে। এবছৰ পূৰ্বে অসমত যিদৰে দলটোৱে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ একাংশক আদৰি নি অভূতপূৰ্ব উত্থানেৰে ক্ষমতা দখল কৰিলে, সেই একে কৌশল কেৰেলাতো প্ৰয়োগৰ লক্ষ্য লৈছে।

এক সূত্ৰই জনোৱা মতে, বিজেপিয়ে সম্প্ৰতি ৰাজ্যখনৰ একাংশ পূৰ্বৰ বাঁওপন্থী নেতা আনকি বৰ্তমানৰ একাংশ কংগ্ৰেছ নেতাকো দললৈ আদৰি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। এনে কংগ্ৰেছ নেতাৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে সাংসদ শশী থাৰুৰ নাম। সাংসদ থাৰুৰক মুকলিকৈ প্ৰশংসা কৰিবলৈ লৈছে বিজেপিৰ একাংশ শীৰ্ষ নেতাই।

কিছুদিন পূৰ্বে এজন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাই থাৰুৰক বুদ্ধিমান বুদ্ধিজীৱী (ইন্টেলিজেন্ট ইন্টেলেকচুৱেল) বুলি মুকলিকৈ আখ্যা দিয়ে। একেদৰে মুখ্যমন্ত্ৰী পিনায়াৰি বিজয়নৰ কাম-কাজত অসন্তুষ্ট একাংশ দলীয় নেতাকো বিজেপিয়ে হাত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলি সূত্ৰটোৱে ইংগিত দিছে।

আনহাতে, কেৰেলা বিজেপিৰ সভাপতি কুমানন ৰাজশেখৰণে প্ৰকাশ কৰা অনুসৰি তেওঁৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত মুঠ ২০খন আসনৰ চাৰিৰ পৰা পাঁচখন আসন দখলৰ লক্ষ্য লৈছে। লক্ষ্যণীয় যে বিজেপিয়ে যি কৌশল অৱলম্বনেৰে অসমত ক্ষমতা দখল কৰিলে তেনে কৌশল খটুৱাইয়ে কোনোকালে দলীয় স্থিতি নথকা মণিপুৰ দখল কৰিবলৈ সক্ষম হ’ল। আনকি মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং পূৰ্বে কংগ্ৰেছ নেতা আছিল।