বৰনৰ্দ্দীঃ গছে-পাতে কুঁহিপাত মেলিলে, নতুনক আদৰিবলৈ প্ৰকৃতি উখল মাখল লাগিছে। লোকসভা নিৰ্বাচনৰ মাজতো যেন অসমীয়াৰ স্বাভিমান ৰঙালীক আদৰিবলৈ অসমীয়াৰ মাজত পূৰ্ব প্ৰস্তুতিৰ শেষ নহোৱা আয়োজন। 

সেইদৰে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্ততো বাদ পৰি যোৱা নাই ৰঙালীৰ পূৰ্ব প্ৰস্তুতিৰ। পশ্চিম নলবাৰী অঞ্চলৰ পানীগাঁও সমন্বয় ক্ষেত্ৰৰ উদ্যেগত যোৱা ৫ এপ্ৰিলৰপৰা ১১ এপ্ৰিললৈ সাতদিনীয়া কাৰ্যসূচীৰে স্থানীয় মিলন হাইস্কুল প্ৰাংগণত বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।

নাট্যশিল্পী শতদল বৈশ্যই পৰিচালনা কৰা উক্ত কৰ্মশালাখনিত মুখ্য বিহুৱা হিচাপে প্ৰশিক্ষণ দিয়ে বিহু সম্ৰাট শৈলেন গগৈ, ডিম্পি কলিতা আৰু হেমাংগই। 

আজিৰ মুকলি সভাত প্ৰশিক্ষাৰ্থীসকলক অনুষ্ঠানটোৰ তৰফৰপৰা প্ৰমান-পত্ৰ প্ৰদান কৰা হয়।