বৰপেটাঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশত বলবৎ কৰা হৈছে নিৰ্বাচনী আচৰণবিধি। চৰকাৰৰ সকলো পোষ্টাৰ আতৰোৱাৰ লগতে ক’তো যাতে কোনো মন্ত্ৰীৰ ফটো ছপা নহয় তাক লৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচনী আয়োগে। 

ইয়াৰ মাজতে বৰপেটা চহৰৰ ভি আই পি পথ সংলগ্ন এটা ব্যক্তিগত বিল্ডিংৰ ওপৰত বিজেপি দলৰ প্ৰচাৰ সম্বলিত এক বৃহৎ হৰ্ডিং আৰি থোৱা আছে। হৰ্ডিংখনত "গাঁৱে গাঁৱে বিদ্যুৎ, ঘৰে ঘৰে পোহৰ। আকৌ এবাৰ মোদী চৰকাৰ।" বুলি স্পষ্টভাৱে লিখা আছে। 

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰপৰা প্ৰচাৰিত আৰু প্ৰকাশিত হৰ্ডিংটোৱে নিৰ্বাচনী আচৰণবিধিক একপ্ৰকাৰ ভেঙুচালী কৰা বুলি সাধাৰণ ৰাইজে অভিযোগ কৰে। 

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ আমোলত নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ একাধিক অভিযোগ উত্থাপিত হৈছিল। তেনেক্ষেত্ৰত কি ৰহস্যজনক কাৰণত নিৰ্বাচনী আয়োগ তথা জিলা প্ৰশাসনে বিজেপি দলৰ নিৰ্বানী আচৰণবিধি উলংঘন কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা কৰিব পৰা নাই সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।