বৰপেটাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী হিচাপে কুমাৰ দীপক দাসে বুধবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে৷ কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়া মুনীন্দ্ৰ শৰ্মাৰ হাতত মনোনয়ন দাখিল কৰে অগপ-বিজেপি-বি পি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে৷

মনোনয়ন দাখিল পৰ্বত কুমাৰ দীপক দাসক সংগ দিয়ে অগপ সভাপতি অতুল বৰা, প্ৰাক্তন বিধায়ক ভূপেন ৰয়, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিপিএফ নেতা তথা সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰবীন বড়ো আদিয়ে৷

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ ভোট লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ আনহাতে কংগ্ৰেছ-এআইইউডিএফক অচল মুদ্ৰা বুলি অভিহিত কৰি বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ কুমাৰ দীপক দাসক নতুন মুদ্ৰা হিচাপে সংসদলৈ প্ৰেৰণ কৰিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰৰপৰা শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায়৷ আনহাতে অভিলেখ সংখ্যক সমৰ্থকক লগত লৈ আজি মনোনয়ন-পত্ৰ দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামে৷

ৰিটাৰ্ণিং বিষয়া মুনীন্দ্ৰ শৰ্মাৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে৷ মনোনয়ন দাখিলৰ বাবে বৰপেটা-হাউলী পথত অৱস্থিত দলীয় কাৰ্যালয়ৰপৰা দহ সহস্ৰাধিক সমৰ্থকে প্ৰাৰ্থীগৰাকীক বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়লৈ আদৰি আনে৷ দল আৰু প্ৰাৰ্থীৰ সমৰ্থনত শ্ল’গান দি এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে সমৰ্থকসকলে৷

আজি বৰপেটাত মনোনয়ন দাখিল কৰাসকলৰ ভিতৰত এআইইউডিএফৰ প্ৰাৰ্থীৰগৰাকীৰ সমৰ্থকৰ সংখ্যা আছিল সবাতকৈ অধিক৷ মনোনয়ন-পত্ৰ দাখিল পৰ্বত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে দলৰ সভাপতি বদৰুদ্দিন আজমল, জলেশ্বৰ সমষ্টিৰ বিধায়ক ছাহাবুদ্দিন আহমেদ, দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো আৰু পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদে৷

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আজি মনোনয়ন-পত্ৰ দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ হেভি ৱেট প্ৰাৰ্থী আব্দুল খালেকে৷ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে আজি তিনি সহস্ৰাধিক সমৰ্থকক লগত লৈ বৰপেটাৰ উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া মুনীন্দ্ৰ শৰ্মাৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰে৷ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন মন্ত্ৰী তথা চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাইনাগৰিয়ে৷ 

ইপিনে আৰপিআই দলৰ ৰেজাউল কৰিম আৰু এনআৰচি দলৰ হৈ ভদ্ৰেশ্বৰ বৰ্মণে মনোনয়ন-পত্ৰ দাখিল কৰিছে৷