ডিজিটেল ডেস্কঃ বিয়াৰ ৰভাতলীতে নগ্ন হ’বলৈ বাধ্য কৰা হ’ল কইনাক। অভাৱনীয় এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ মাহোবা জিলাত। কইনাৰ গাত চৰ্ম ৰোগ থকা বুলি গুজৱ বিয়পি পৰাৰ পিছতে দৰাপক্ষৰ কেবাগৰাকী আত্মীয়ৰ সমুখতে সকলো কাপোৰ খুলি দিবলৈ বাধ্য হৈ পৰে তিজা নামৰ কইনাগৰাকী। পিছত অৱশ্যে এই ঘটনাৰ বাবে কইনা পক্ষৰ ওচৰত ক্ষমা বিচাৰে দৰাৰ পৰিয়ালে।

কইনা তিজাক বিয়া কৰাবলৈ আহিছিল দৰা জয়হিন্দ। কিন্তু বিয়া আৰম্ভ হোৱাৰ পূৰ্বেই সকলো ওলট-পালট হৈ পৰে। কেনেবাকৈ গুজৱ বিয়পি পৰে যে কইনাৰ গোপন অংগসমূহত চৰ্ম ৰোগ আছে। লগে লগে দৰাপক্ষই স্পষ্ট কৰি দিয়ে যে চৰ্মৰোগ থকা ছোৱালী এজনীক তেওঁলোকে কোনো কাৰণতে বোৱাৰী কৰি নিনিয়ে।

দৰাপক্ষৰ এই কথা শুনি কইনাপক্ষই তিজাৰ শৰীৰত কোনোধৰণৰ চৰ্ম ৰোগ নাই বুলি জনায়। কিন্তু কইনাপক্ষৰ এই কথা মানি ল’বলৈ অসন্মত হয় দৰাপক্ষ। উপায়ন্তৰ হৈ স্থানীয় পঞ্চায়ত আৰু আৰক্ষীক খবৰ দিবলৈ বাধ্য হৈ পৰে কইনাপক্ষ। পিছত আৰক্ষী আৰু স্থানীয় পঞ্চায়তৰ মধ্যস্থতাত কাষৰ এটি সৰু ঘৰত দৰাপক্ষৰ কেবাগৰাকী আত্মীয়ৰ সমুখত দেহৰ সকলো পোছাক খুলি কোনো এঠাইতে যে চৰ্মৰোগ নাই সেয়া দেখুৱাই দিবলগীয়া হয় কইনা তিজাই।

শেষত নিজৰ ভুল স্বীকাৰ কৰি লিখিতভাৱে ক্ষমা বিচাৰে দৰাপক্ষই। লিখিত ক্ষমা বিচৰাৰ পিছতে পুনৰ আৰম্ভ হয় বিবাহ কাৰ্য। কইনা তিজাৰ পিতৃয়েও আৰক্ষী আৰু পঞ্চায়তক দিয়া অভিযোগ উঠাই লয়। পিছে নতুন জীৱনত ভৰি দিয়াৰ আগমুহূৰ্তত যি ধৰণৰ অপমানজনক অভিজ্ঞতাৰ সন্মুখীন হ’ল সেয়া পাহৰি যোৱাতো তিজাৰ পক্ষে সম্ভৱ হ’বনে?