কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৰ দেৱৰগাঁৱত বড়োলেণ্ড বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে ১৮তম বিশ্ববিদ্যালয় সপ্তাহ। বিশ্ববিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰিছে সাত দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে "থুলুংগা উৎসৱ"। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয় সপ্তাহৰ পতাকা উত্তোলনৰে থুলুংগা উৎসৱৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে। তদুপৰি বিশ্ববিদ্যালয়ৰ মুঠ ২০টা বিভিন্ন বিভাগৰ মুৰব্বী সকলেও নিজৰ নিজৰ বিভাগীয় পতাকা উত্তোলন কৰে।

পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে খাম্ফা বৰগয়াৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খাম্ফা বৰগয়াৰীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণামুলক বক্তব্য আগবঢ়ায়। সম্প্ৰতি খেল আৰু সাংস্কৃতিক দিশত আগবাঢ়ি যেনেকৈ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ফৈলাও বসুমতাৰী, মাচুম নাৰ্জাৰী, প্ৰণীতা স্বৰ্গয়াৰীয়ে বিশ্বদৰবাৰত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে, তেনেকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থী সকলেও বিভিন্ন দিশত নিজৰ পাৰদৰ্শিতাৰে নাম উজলাব বুলি আশা প্ৰকাশ কৰে।

ইয়াৰোপৰি বিটিএডিত শিক্ষা প্ৰসাৰৰ বাবে বিটিচি কৰ্তৃপক্ষই শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন কৰা বুলি উল্লেখ কৰি অতিশীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত খালি হৈ থকা পদবোৰ পূৰন কৰি ১২ বি ষ্টেটাছৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়। তেওঁ কয় যে যেতিয়াই বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাছ স্বীকৃতি পাব তেতিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গুছি যোৱা মহাবিদ্যালয়সমুহ পুণৰাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ ঘুৰি আহিব বুলিও আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰথম দিনৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰাৰ লগতে গীত, নৃত্য তথা সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা "থুলুংগা উৎসৱ" অহা ২৪ ফেব্ৰুৱাৰীত সামৰণি পৰিব। প্ৰথম দিনৰ কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, পঞ্জীয়ক ড০ শেখৰ ব্ৰহ্ম, উপাচাৰ্য ড০ হেমন্ত বৰুৱা প্ৰমুখ্যে বিভিন্ন বিভাগৰ অধ্যাপক সকলেও অংশগ্ৰহণ কৰে।