ধুবুৰীঃ এইবাৰ পুৰি ছাঁই হ’ল আছুৰ কাৰ্যালয়৷ ধুবুৰী জিলাৰ গৌৰীপুৰত আছুৰ কাৰ্যালয়ত কেৰাচিন ঢালি অগ্নিসংযোগ কৰাৰ ফলত আচ-ববা তথা পুৰি ছাঁই হয়৷

কাৰ্যালয়ৰ ভিতৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে পুৰি থৈ যায় দুৰ্বৃত্তই। অগ্নি সংযোগ কৰাৰ ফলত দুৱাৰ-খিৰিক, ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে কেইবাগৰাকী লোকৰ প্ৰতিচ্ছিব লৈ যায়া দুৰ্বত্তই। ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

গৌৰিপুৰ আঞ্চলিক সমিতিৰ কাৰ্যালয় সম্পূৰ্ণ ৰূপে ভস্মীভূত কৰাৰ চেষ্টা চলাই যদিও প্ৰায় ৬০ শতাংশ জুইত জাহ যায় কাৰ্যালয়টো। আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ দৰে ঘটনাৰ পিছৰে পৰা চাঞ্চল্য অব্যাহত আছে অঞ্চলটোত৷

ইতিমধ্যে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰে৷ স্থানীয় ৫ শতাধিক লোকে আছুৰ কাৰ্যালয়ৰ সন্মুখতে  প্ৰতিবাদ সাব্যস্ত কৰি দোষীক আটক কৰাৰ দাবী জনায়। জানিব পৰা মতে,  কোনো সন্দেহজনক লোকে কাৰ্যালয়োত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে।

বাংলাদেশীক অসমত বৰপীৰা পাৰি দিবলৈ চৰকাৰে যো-জা চলাই থকাৰ সময়তে ৰাজ্যখনৰ অন্যতম জাতীয় সংগঠন আছুৰ কাৰ্যালয়ত পুনৰ আক্ৰমণ সংঘটিত সহোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বে চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল ২০১৭ চনৰ ০৫ মাৰ্চত৷ চিলা পথাৰৰ জনজাতি স্কুল প্ৰাংগনত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হৈছিল। এই জনসভাৰ পিছতে চিলাপথাৰ নগৰত হিন্দু বাঙালীক সংস্থাপন, সুৰক্ষা প্ৰদান, ডি ভোটাৰ বাতিলকৰণকে আদি কৰি একাধিক দাবীৰ সমৰ্থন এক বৃহৎ সমদল উলিয়ায় সন্মিলনটোৰ কৰ্ম-কৰ্তাসকলে।

সমদল চলি থকাৰ মাজতে সমদলকাৰী দলটোৰ একাংশই আছুৰ কাৰ্যালয়ৰ সমুখ পোৱাত উক্ত কাৰ্যালয়টোৰ ছাইনব'ৰ্ডলৈ শিলগুটি নিক্ষেপ কৰে। সেই সময়ত কাৰ্যালয়টোত উপস্থিত থকা আছু কৰ্মীয়ে শিল দলিওৱা কাৰ্যৰ প্ৰতিবাদ জনোৱাত প্ৰথমে দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডা লাগে।

সমদলকাৰীয়ে অসমীয়া বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইমানতে ক্ষান্ত নাথাকি সমদলকাৰীয়ে আছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আচবাব লণ্ড-ভণ্ড কৰাই নহয় মটৰচাইকেলো ভাঙি পেলায়। আন একাংশ সমদলকাৰীয়ে আছুৰ কাৰ্যালয়ৰ ওচৰতে থকা ছহিদ বেদীতো ভাঙি পেলায়।