বালিপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এখন বাছ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰায় ৪০গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ AS-18-A-1730 নম্বৰৰ যাত্ৰী বাহী বাছ খনে দ্ৰুত গতিত আহি থকাৰ সময়তে ৰঙাপৰাৰ আমাৰীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে৷

দ্ৰুতবেগী যাত্ৰী বাহী বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এটা খুঁটাত খুন্দা মাৰে আৰু পথত বাগৰি পৰে৷ দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০জনতকৈ অধিক যাত্ৰী আছিল। সকলো লোকেই গুৰুতৰ বাৱে আহত হয় আৰু এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু হয়৷

আহত যাত্ৰীক ৰঙাপৰা-বালিপৰা চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ আনহাতে ৫গৰাকী যাত্ৰীক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অজয় চাওঁতাল, কেৰপা ঘাটোৱাৰ, গৌৰো ধানোৱাৰ, আশীষ চৌধুৰী আৰু মনিষ কুমাৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

মনিষ কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে৷ বাছ খনৰ বেছিখিনি যুৱকেই বালিপৰাৰ লখৰাস্থিত Assam Riflesৰ শিবিৰত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল বুলি জানিব পৰা গৈছে৷