চন ২০১৩। কেন্দ্ৰত তেতিয়া ইউপিএৰ চৰকাৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব ড০ মনমোহন সিঙৰ হাতত। নিৰ্বাচনৰ আগমুহূৰ্তত নতুন ৰূপত শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিয়াৰ যো-জা চলাইছিল বিজেপিয়ে। ইতিমধ্যে দেশজুৰি ব'বলৈ লৈছিল পৰিৱৰ্তনৰ জোৱাৰ।

সেই পৰিৱৰ্তনৰ জোৱাৰ ব'বলৈ লোৱাৰ মূলতেই আছিল ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানীৰিক্ষক চমুকৈ কেগে প্ৰকাশ কৰা প্ৰতিবেদন। কেগৰ প্ৰতিবেদনত পোহৰলৈ অহা শাসকীয় ইউপিএ চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ কেইবাটাও অনিয়মকেই অস্ত্ৰ হিচাপে লৈছিল বিজেপিয়ে। ২জি স্পেকট্ৰম আবণ্টন, কয়লা খনিৰ আবণ্টন, কমনৱেলথ গেমছৰ নামত হোৱা অনিয়মে ইউপিএৰ শাসনকালত সৃষ্টি কৰিছিল ৰাজনৈতিক ধুমুহাৰ। 

কেগৰ প্ৰতিবেদনৰ আলম লৈয়েই নিৰ্বাচনৰ বাবে সুযোগ সন্ধানী বিজেপিয়ে সন্ধান কৰিছিল সুযোগৰ। প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীকে ধৰি দলৰ নেতৃত্বই প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভা, ৰাজহুৱা সভা, সংবাদ মেলত উল্লেখ কৰিছিল মনমোহন সিং চৰকাৰৰ এই অনিয়ম। 

সেই সময়তে নৰেন্দ্ৰ মোদীৰ মুখত ফুটিছিল ভ্ৰষ্টাচাৰ বিৰোধী শ্ল’গান- না খাউংগা, না খানে দুংগা। মোদীৰ মুখৰ সেই শ্ল’গান সমগ্ৰ দেশত জনপ্ৰিয় হৈ পৰিছিল। দুৰ্নীতিত অতিষ্ঠ সাধাৰণ ৰাইজে বহু আশাৰে অপেক্ষা কৰিছিল তেনে এটা দিনলৈ, যিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা দুৰ্নীতি সম্পূৰ্ণৰূপে লুপ্ত কৰিব। চাওতে চাওতে মোদী চৰকাৰে কেন্দ্ৰত ১০ টাকৈ বছৰ সম্পূৰ্ণ কৰিবৰ হ'ল। পিছে সাধাৰণ ৰাইজৰ সেই অপেক্ষাৰ অন্ত পৰিলনে?

কেগৰ প্ৰতিবেদন-২০২৩

এতিয়া চন ২০২৩। আৰু কিছুমাহ পিছতে দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ আগমুহূৰ্তত পুনৰ যেন পুনৰাবৃত্তি ঘটিছে ১০ বছৰ পূৰ্বৰ সেই কাহিনী। এইবাৰ পিছে শাসনত কংগ্ৰেছ নাই, আছে দুৰ্নীতি লুপ্ত কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ।

শেহতীয়াকৈ প্ৰকাশ পাইছে কেগৰ প্ৰতিবেদন। এই প্ৰতিবেদনত নৰেন্দ্ৰ মোদী চৰকাৰৰ ৭টা বৃহৎ অনিয়ম পোহৰলৈ অহাৰ পিছতে বিশ্বৰ আটাইতকৈ শক্তিশালী দলটোৰ শক্তিশালী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী। যিদৰে ২০১৩ চনৰ কেগৰ প্ৰতিবেদনৰ পিছত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিৰোধী বিজেপি।

অৱশ্যে এইবাৰ এই কেগৰ প্ৰতিবেদনত ৭টাকৈ বৃহৎ অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিষয়টোক গুৰুত্বহীন কৰি ৰখাৰ অভিযোগ তুলিছে বিৰোধীয়ে। 'মূল সুঁতিৰ সংবাদ মাধ্যমে কেগৰ প্ৰতিবেদনৰ বাতৰিটো লুকুৱাই ৰখাৰ চেষ্টা চলাইছে। এয়া তেওঁলোকে কৰিবই, কাৰণ তেওঁলোক এতিয়া চতুৰ্থ স্তম্ভ নহয়, তেওঁলোক হৈছে কাৰোবাৰ হাতৰ পুতলা। কিন্তু তেওঁলোকে যিমানেই গোপন কৰিবলৈ চেষ্টা নকৰক কিয় দেশবাসীয়ে এয়া গম পাইছেই।'-এই মন্তব্য আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ।

কেগৰ প্ৰতিবেদনত পোহৰলৈ ভয়ংকৰ অনিয়ম

যোৱা সপ্তাহত যেতিয়া সমগ্ৰ দেশ সংসদত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত কেন্দ্ৰীভূত হৈছিল, তেতিয়াই সংসদত CAGৰ ইটোৰ পিছত সিটো প্ৰতিবেদন দাখিল কৰা হৈছিল। এই প্ৰতিবেদনতে মোদী চৰকাৰৰ কাৰ্যকালত ৭টা অনিয়ম সঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা ৭টা অনিয়মৰ ৪টাই সংঘটিত হোৱাৰ অভিযোগ নীতিন গাডকাৰীৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ত। অৱশ্যে কেগৰ এই প্ৰতিবেদন ভুল বুলি অভিহিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

কেগৰ প্ৰতিবেদনত অনিয়ম সংঘটিত হোৱাৰ অভিযোগৰ ভিতৰত আছে ভাৰতমালা প্ৰকল্পত পথ ক’ৰিডৰ নিৰ্মাণৰ লগতে এক্সপ্ৰেছৱে’ নিৰ্মাণত সংঘটিত বৃহৎ অনিয়ম। বাকী কেইটা কেলেংকাৰী হৈছে টোল প্লাজা কেলেংকাৰী, আয়ুষ্মান ভাৰত স্বাস্থ্য কেলেংকাৰী, অযোধ্যা বিকাশ কেলেংকাৰী, প্ৰচাৰ অভিযান কেলেংকাৰী আৰু হিন্দুস্তান এৰ’নটিকছৰ নক্সা কেলেংকাৰী।

মোদী চৰকাৰৰ সাত কেলেংকাৰীৰ সবিশেষ

১. কেন্দ্ৰীয় কেবিনেটে ভাৰতমালা প্ৰকল্পত পথ কৰিডৰ নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ৫ লাখ ৩৫ হাজাৰ কোটি টকা আবণ্টন দিছিল। কিন্তু প্ৰায় ৮,৪৬,০০০ কোটি ব্যয় সাপেক্ষে ২৬,০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। অৰ্থাৎ এই প্ৰকল্পত প্ৰথমে প্ৰতি কিলোমিটাৰ পথৰ নিৰ্মাণ ব্যয় আছিল ১৫.৩৭ কোটি টকা। কিন্তু পৰৱৰ্তী সময়ত সেয়া একেকোবে ৩২.১৩ কোটি টকালৈ বৃদ্ধি কৰা হয়। বিৰোধীয়ে এই লৈ অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুক সমুখতে ভাৰতমালা প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়াত ব্যাপক জালিয়াতি সংঘটিত হৈছে।

২. দিল্লীৰ দ্বাৰকা আৰু গুৰুগ্ৰামৰ মাজত দ্বাৰকা এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে অনুমোদিত ১৮ কোটি টকা প্ৰতি কিলোমিটাৰ খৰচৰ পৰিৱৰ্তে প্ৰতি কিলোমিটাৰত ২৫০ কোটি টকা ব্যয়ৰ উদ্ধৃতি দিয়া হৈছে। এই লৈ বিৰোধীয়ে প্ৰশ্ন কৰিছে যে দ্বাৰকা এক্সপ্ৰেছ ৱে’ত আচলতে কি ইমান অতি আধুনিক পথ নিৰ্মাণ কৰা হৈছে যে মাত্ৰ দুই কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰোতে ৫০০ কোটি টকা খৰছ কৰিবলগীয়া হ’ল?

৩. কেগৰ প্ৰতিবেদনত দেশৰ টোল গেটসমূহতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। ৫খন টোল প্লাজাৰ উধৃতি দি কেগে কৈছে যে এই ৫ খন টোল প্লাজাত ব্যাপক হাৰত অবৈধভাৱে ধন সংগ্ৰহ চলি আছে। ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহৰ নিয়ম ভংগ কৰি এইকেইখন টোল গেটৰ পৰা ১৫৪ কোটি টোল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৫ খন টোলপ্লাজাৰ কথা পোহৰলৈ অহাৰ পিছতে দেশৰ বাকী টোলপ্লাজাসমূহতো অবাধ হাৰত অনিয়ম সংঘটিত হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিৰোধীয়ে।

৪. আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ জৰিয়তে প্ৰায় ৭ লাখ ৫০ হাজাৰ লোকৰ নাম এটা মোবাইল নম্বৰৰ সৈতে সংযোগ কৰা হৈছে। মৃতকৰ নামত স্বাস্থ্য বীমাতো চিকিৎসাৰ ধন আবণ্টন দিয়া হৈছে। তদুপৰি আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ স্বাস্থ্য বীমা আঁচনিৰ তথ্যকোষত মৃত বুলি লিপিবদ্ধ হোৱা ৩৪৪৬ জন ৰোগীৰ চিকিৎসাৰ বাবে মুঠ ৬.৯৭ কোটি টকা ব্যয় কৰা হয়। কেগৰ মতে কেইটামান নিৰ্দিষ্ট ফোন নম্বৰত প্ৰায় ১০ লাখ হিতাধিকাৰীৰ একাউণ্ট সংলগ্ন কৰা হৈছে। কেগে কৈছে যে যিহেতু লাখ লাখ হিতাধিকাৰীৰ বিপৰীতে মাথো এটা নম্বৰ সংযুক্ত কৰা হৈছে, তেনেক্ষেত্ৰত হিতাধিকাৰীসকলে চিকিৎসাৰ বিপৰীতে একাউণ্টযোগে লাভ কৰা ধন প্ৰকৃততে কোনে আহৰণ কৰিছে সেয়া সন্দেহজনক। কেগৰ অনুসন্ধানত অতিকমেও ৮০ হাজাৰ মৃত লোকক চিকিৎসা কৰা দেখুৱাই ধন মোকলাই নিয়াৰ তথ্যও পোহৰলৈ আহিছে। এনেদৰে মৃত ব্যক্তিৰ নামতো দুৰ্নীতি সংঘটিত হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে বিৰোধীয়ে।

৫. কেন্দ্ৰীয় চৰকাৰৰ স্বাধীন দৰ্শন আঁচনিৰ অধীনত উত্তৰ প্ৰদেশৰ অযোধ্যা উন্নয়ন প্ৰকল্পৰ ঠিকাদাৰসকলক প্ৰায় ২০ কোটি টকাৰ সুবিধা প্ৰদান কৰা হৈছে। কেগৰ প্ৰতিবেদন অনুযায়ী অযোধ্যা বিকাশ আঁচনিৰ অধীনত বিশেষ ঠিকাদাৰক পাব নলগীয়া ধনো মোকলাই দিছে চৰকাৰে। ৰামৰ জন্মভূমি অযোধ্যা নগৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিতো দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী কংগ্ৰেছ আৰু সমাজবাদী দল।

৬. গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (এন এছ এ পি)ৰ পৰা ধন অন্য কামত ব্যৱহাৰ কৰাৰ বিষয়ে কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ২০১৭-২০২১ চনৰ সময়ছোৱাত বৃদ্ধ পেঞ্চন আঁচনিকে ধৰি এন এছ এ পিৰ কাৰ্য্যকলাপৰ বাবে নিৰ্ধাৰিত প্ৰায় ২.৮৩ কোটি টকা অন্যান্য চৰকাৰী আঁচনিসমূহৰ প্ৰচাৰৰ বাবে পুনৰ নিৰ্দেশিত কৰা হৈছিল।

৭. হিন্দুস্তান এৰ’নটিকছ লিমিটেড চমুকৈ HALতো ১৫৪ কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ কথা কেগৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে। হিন্দুস্তান এৰ’নটিকছ লিমিটেডে প্ৰস্তুত কৰা নক্সাৰ বিসংগতিৰ বাবে এই বৃহৎ পৰিমাণৰ ধন একপ্ৰকাৰ পানীত পৰিছে। ফলত আকৌ নতুনকৈ নক্সা প্ৰস্তুতৰ বাবে পুনৰ বৃহৎ পৰিমাণৰ ধন খৰছ কৰিবলগীয়া হৈছে চৰকাৰী প্ৰতিষ্ঠানটোৱে।

কেগৰ প্ৰতিবেদন ক্ৰটিপূৰ্ণঃ নীতিন গাডকাৰী

কোৱা হয়- মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ নীতিন গাডকাৰীয়েও একমাত্ৰ মন্ত্ৰী, যাক লৈ কেতিয়াও বিতৰ্কৰ সৃষ্টি হোৱা নাই। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে বিৰোধীয়েও সমালোচনাত্মক মন্তব্য কৰা চকুত নপৰে। কিন্তু এতিয়া কেগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে আৰু কেন্দ্ৰীয় পথ পৰিবহণ বিভাগত সংঘটিত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও।

কেগৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিযোগে দ্বাৰকা এক্সপ্ৰেছৱে সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। মন্ত্ৰালয়ৰ মতে, সেই পথটো নিৰ্মাণৰ খৰচ প্ৰতি কিলোমিটাৰত ১৮ কোটি টকাৰ পৰা ২৫০ কোটি টকালৈ বৃদ্ধি পাইছে বুলি কোৱাটো শুদ্ধ নহয়। বাস্তৱত প্ৰতি কিলোমিটাৰত ২০৬ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ সমগ্ৰ ‘হাই এক্সপ্ৰেছৱে’ বা ফ্লাইৱে’। ৮ লেনযুক্ত ‘হাই’ অংশত প্ৰতি কিলোমিটাৰত ১৫০ কোটি টকা ব্যয় কৰা হৈছে। বাকীখিনি মাটিৰ ওপৰৰ ছয় লেনযুক্ত পথৰ বাবে। এনে বিশেষ প্ৰকল্পৰ বাবে অতিৰিক্ত খৰচ হয় বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰালয়ে। কেগৰ প্ৰতিবেদনৰ পিছত গাডকাৰীয়ে এই প্ৰতিবেদন ক্ৰুটিপূৰ্ণ বুলি দাবী কৰে। 

মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

তাৎপৰ্যপূৰ্ণভাৱে কেগৰ মুৰব্বী পদত অধিষ্ঠিত হৈ আছে গুজৰাটৰ আমোলা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত গিৰীশ চন্দ্ৰ মুৰ্মু। মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে মুৰ্মুৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল। পৰৱৰ্তী সময়ত মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে মুৰ্মুক গুজৰাটৰ পৰা দিল্লীলৈ বদলি কৰি তেওঁক কেগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।

প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা স্বত্বেও সংস্থাটোৰ প্ৰতিবেদনত চৰকাৰৰ বহুবোৰ অনিয়ম পোহৰলৈ অহাত এতিয়া সৰৱ হৈ পৰিছে বিৰোধী। লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে প্ৰকাশ পোৱা এই প্ৰতিবেদনক ৰাজনৈতিক আহিলা হিচাপে গ্ৰহণ কৰিছে বিৰোধীয়ে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে এই সন্দৰ্ভত কয়, ''কেগৰ বিষ দাঁত প্ৰধানমন্ত্ৰীয়ে উভালি পেলোৱাৰ পিছতো কেগে মোদী চৰকাৰৰ চৰম দুৰ্নীতি আৰু অদক্ষতা উদঙাই দিছে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে মুখ খুলিব লাগিব।'' তেওঁ লগতে এয়াও প্ৰশ্ন কৰে যে ইমানবোৰ অনিয়ম সংঘটিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজৰ বিভাগীয় মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিবলৈ সাহস কৰিবনে?

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই চৰকাৰক সমালোচনা কৰি কয় যে সাধাৰণ মানুহে মোদী চৰকাৰৰ পৰা কেৱল 'মিছা’ আৰু 'জুমলা’হে লাভ কৰিছে। তেওঁ লগতে কয় যে মোদী চৰকাৰে হাৱাই চেণ্ডেল পিন্ধাসকলক বিমানযোগে যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ প্ৰতিশ্ৰুতি “সকলো প্ৰতিশ্ৰুতিৰ দৰেই” মিছা প্ৰমাণিত হৈছে। তেওঁ এয়াও কয় যে বিজেপিৰ দুৰ্নীতি আৰু লুণ্ঠনে আজি সমগ্ৰ দেশক নৰকৰ মাজলৈ ঠেলি দিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ''মোদী চৰকাৰে দেশৰ ইতিহাসত ৭৫ বছৰীয়া দুৰ্নীতিৰ সকলো অভিলেখ ভংগ কৰিছে। এইখন চৰকাৰে সাধাৰণ জনতাক লুটি-পুতি খাই নিজক আৰু বন্ধুক ধনী কৰিবলৈ উঠিপৰি লাগিছে।’’

না খাউংগা, না খানে দুংগা…

দুৰ্নীতি নিজেও নকৰো আৰু আনকো কৰিবলৈ নিদিও। এই শ্ল’গানেৰে দেশৰ ৰাজনীতিত তোলপাৰ লগাই ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। তেতিয়াৰে পৰা বিগত প্ৰায় ১০ বছৰীয়া কাৰ্যকালত অনেক বাৰ নিজৰ ভাষণত এই শ্ল’গান দোহাৰি বিৰোধীক সমালোচনা কৰি আহিছে তেওঁ।

শেহতীয়াকৈ ৭৭তম স্বাধীনতা দিৱসৰ ভাষণতো প্ৰধানমন্ত্ৰীৰ মুখত শুনা গৈছিল দুৰ্নীতি বিৰোধী স্থিতি। বিৰোধীক তীক্ষ্ণ সমালোচনা কৰি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে আজীৱন যুঁজ দি যোৱাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰদান কৰিছিল। কিন্তু বিৰোধীৰ অভিযোগ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফালে দুৰ্নীতি প্ৰতিৰোধৰ কথা কয়, কিন্তু আনফালে নিজেই দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰা শৰদ পাৱাৰৰ দৰে নেতাক লগত লৈ মহাৰাষ্ট্ৰত চৰকাৰ চলায়। 

চৰকাৰৰ বিৰুদ্ধে সংসদত উত্থাপিত অনাস্থা প্ৰস্তাৱৰ সময়ত দিয়া ভাষণতো প্ৰধানমন্ত্ৰীয়ে আওৰাইছিল কংগ্ৰেছৰ শাসনৰ সময়ৰ দুৰ্নীতিৰ তালিকা। এতিয়া বিৰোধীয়ে তাকে লৈ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰা দেখা গৈছে যে পূৰ্বৰ চৰকাৰৰ দিনৰ দুৰ্নীতিৰ হিচাব ৰখা প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ অতবোৰ দুৰ্নীতি উদঙাইছে কেগে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে কয়, ''প্ৰধানমন্ত্ৰীয়ে ভ্ৰষ্টাচাৰ নাশ কৰাৰ কথা কয়। এতিয়া তেওঁ ইডি, চিবিআই, ইনকাম টেক্স আদি সংস্থাক লগাই তেওঁৰ ভ্ৰষ্টাচাৰ উদঙোৱা কেগৰ কাৰ্যালয়ত অভিযান চলাওকগৈ।’’

দুৰ্নীতি বনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰে জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বহু বিস্ফোৰক মন্তব্য কৰি চৰ্চিত হৈ পৰিছিল। পুলাৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ স্থিতিলৈকে কেইবাটাও বিষয়ত তেওঁ মুক্ত মন্তব্য কৰি বিজেপি আৰু প্ৰধানমন্ত্ৰীক শ’লঠেকত পেলোৱা পৰিলক্ষিত হৈছিল।

সেই সময়তে সত্যপাল মালিকে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী মোদী দুৰ্নীতিৰ বিৰুদ্ধে ইমানো কঠোৰ নহয়। তেওঁ দুটা উদাহৰণ দাঙি ধৰি এই কথা বুজাব বিচাৰিছিল যে তেওঁ দুৰ্নীতি সংঘটিত হোৱা বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰাৰ পিছতো কিদৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সেই ভাষ্য দোহাৰি বিগত সময়ছোৱাত বিৰোধীয়ে বাৰাম্বাৰ প্ৰধানমন্ত্ৰী মোদীক ঘেৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়া কেগৰ প্ৰতিবেদনত প্ৰকাশিত হোৱা অনিয়মৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত চকু ৰাখিছে বিৰোধীয়ে।

বিশ্বগুৰু নহয়, মোদী এতিয়া 'দুৰ্নীতিৰ গুৰু’!

'না খাউংগা, না খানে দুংগা’ বুলি কৈ নিজকে বৰফতকৈয়ো শুভ্ৰ সজাব খোজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে বিশ্বগুৰু বুলি দাবী কৰিলেও আচলতে দুৰ্নীতিৰহে গুৰু। কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ৭টাকৈ বৃহৎ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই এই মন্তব্য কৰিছে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ আৰু কয় যে দুৰ্নীতিৰ গুৰু হোৱা বাবেই অহৰহ বিৰোধীক দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়া প্ৰধানমন্ত্ৰীয়ে সেয়ে এজন এজনকৈ বিৰোধীৰ সকলো দুৰ্নীতিগ্ৰস্ত নেতাক নিজ দললৈ নি বুকুৰ আপোন কৰি লৈছে।

একালত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ কথা কৈ সেই নেতাজনকেই আকোৱালি লোৱা দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাতো একপ্ৰকাৰ হাঁহি উঠা কথা বুলিও শইকীয়াই মন্তব্য কৰে। এনেক্ষেত্ৰত য’ত কেন্দ্ৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদী নিজেই দুৰ্নীতিগ্ৰস্ত, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰৰ দিনত এটকাৰো দুৰ্নীতি নাই হোৱা বুলি কোৱাতো মুঠেই শোভা নাপায় বুলিও তেওঁ কয়। বিৰোধী দলপতিগৰাকীয়ে আয়ুস্মান ভাৰতৰ দৰে আঁচনিতো বিজেপিয়ে দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাত আশ্চৰ্য প্ৰকাশ কৰে।

'চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ মৃত্যু ঘটাৰ পিছতো চিকিৎসা চলি থকা দেখুৱাই ধন মোকলাই লোৱাৰ ভয়ংকৰ তথ্য কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে। কেগৰ প্ৰতিবেদনত উল্লেখ থকা মতে অতিকমেও ৮০ হাজাৰ মৃত লোকৰ বিপৰীতে আয়ুস্মান ভাৰতৰ জৰিয়তে ধন মোকলাই নিয়া হৈছে। এই সকলোবোৰ কথা জানিও প্ৰধানমন্ত্ৰী মোদীয়ে গঠন কৰি দিয়া নেশ্যনেল হেলথ অথ’ৰিটিয়ে ইমান দিনে এই গুৰুতৰ বিসংগতি তথা সন্দেহজনক তথ্যসমূহ পুনৰীক্ষণ কৰা নাছিল। মৃত মানুহৰ নামতো যিখন চৰকাৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে সেইখন চৰকাৰ কিমান ভয়ংকৰ হ’ব সেয়া দেশবাসীয়ে উপলব্ধি কৰাৰ সময় আহি পৰিছে।’-অসমতো আয়ুস্মান ভাৰতৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ আংশকা ব্যক্ত কৰি এইদৰে কয় বিৰোধী দলপতিগৰাকীয়ে।

লোকসভা নিৰ্বাচনত পৰিবনে প্ৰভাৱ?

বৰ্তমান সময়ত কেৱল ভাৰতৰে নহয়, বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় জনতা পাৰ্টী। বিভিন্ন অভিযোগ-প্ৰত্যাভিযোগৰ মাজতো বিগত দুটা কাৰ্যকাল দেশৰ শাসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে এই দলটো। কিন্তু এইবাৰ বিজেপিক প্ৰতিহত কৰিবলৈ উঠিপৰি লাগিছে বিৰোধী। কংগ্ৰেছ, আম আদমী পাৰ্টী, আৰজেডি, তৃণমূল কংগ্ৰেছ আদি দেশৰ অধিকাংশ বিৰোধী দলেই 'ইণ্ডিয়া’ গঠন কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰতিহত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

বৰ্তমান সময়ত বিৰোধীৰ এই মিত্ৰজোঁটৰ বাবে কেগৰ প্ৰতিবেদন বিজেপি বিৰোধী যুঁজৰ সমল হ’ব পাৰে বুলি অনুমান কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। অৱশ্যে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ সামগ্ৰিক প্ৰভাৱ কম কৰি নিজৰ উত্থান ঘটোৱাটো বিৰোধীৰ বাবে এক অন্যতম প্ৰত্যাহ্বান হ’ব।

কিন্তু তাৰ মাজতো ২০১৪ৰ দৰে এইবাৰো দুৰ্নীতি বা কেলেংকাৰী অন্যতম ৰাজনৈতিক বিষয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বহু ৰাজনৈতিক বিশ্লেষকে। উল্লেখ্য যে, শেহতীয়াকৈ সম্পন্ন হৈ যোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়তো বাসৱৰাজ বোমাই নেতৃত্বাধীন ৰাজ্যখনৰ তেতিয়াৰ বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছিল। 

নিৰ্বাচনত কংগ্ৰেছে বিজেপি চৰকাৰৰ ওপৰত ৪০ শতাংশ কমিছনৰ আৰোপ লগাই দুৰ্নীতিগ্ৰস্ত চৰকাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। যাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকত ক্ষমতাচ্যুতো হ’বলগীয়া হৈছিল বিজেপি। আনকি আগন্তুক মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনতো শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দুৰ্নীতি-অনিয়মক মূল ইছ্যু হিচাপে লৈয়েই যুঁজত অৱতীৰ্ণ হ’বলৈ যো-জা চলাইছে বিৰোধী কংগ্ৰেছে।

একেদৰেই ৰাষ্ট্ৰীয় পৰ্যায়তো যদি দুৰ্নীতি এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠে, ২০২৪ৰ লোকসভা নিৰ্বাচন বিজেপি চৰকাৰৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব পাৰে বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ চলাব বুলি ঘোষণা কৰা মোদীৰ দিনতেই কেগৰ প্ৰতিবেদনত এনেদৰে এটা এটাকৈ ৭টাক দুৰ্নীতি পোহৰলৈ অহাত স্বয়ং বিজেপিৰ সমৰ্থকসকলো এতিয়া একপ্ৰকাৰ হতাশ হৈ পৰা পৰিলক্ষিত হৈছে।