ডিজিটেল ডেস্ক, কেৰোলিনাঃ সমুদ্ৰৰ উপকূলত সোণৰ মুদ্ৰা ! শুনিলেই সাধু যেন লাগে৷ কিন্তু এয়া সাধু কথা নহয়৷ প্ৰকৃততে ই বাস্তৱ৷ হয়, দক্ষিণ কেৰোলিনাৰ সাগৰৰ বুকুত উপকূলৰপৰা প্ৰায় ২০ মাইল দূৰত প্ৰাচীন সোণৰ মুদ্ৰাৰ সন্ধান পোৱা গৈছে৷ উল্লেখযোগ্য যে এই বিষয়ত তদন্ত কৰি বিশেষজ্ঞসকলে এই মত প্ৰকাশ কৰিছে৷ ১৮৪০ চনৰ জুলাই মাহত উত্তৰ কেৰোলিনাৰপৰা অহা এখন জাহাজ সাগৰৰ বুকুত ডুব গৈছিল৷ সেই জাহাজখনত সোণৰ মুদ্ৰা কঢ়িয়াই অনা হৈছিল৷ সাগৰৰ সোঁতে উটুৱাই অনি দুৰ্ঘটনাস্থলীৰপৰা বহু আঁতৰত এই মুদ্ৰাখিনি জমা হৈছিলহি। এই মুদ্ৰাখিন এতিয়ালৈ উদ্ধাৰ হোৱা প্ৰাচীনতম সোণৰ মুদ্ৰা বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে৷