নতুন দিল্লীঃ এতিয়াৰ পৰা বিদ্যালয়সমুহত হ’ব চেমিষ্টাৰ পদ্ধতি৷ ২০১৭-১৮ বৰ্ষৰপৰা ষষ্ঠ শ্ৰেণীৰ পৰা চেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত হ’ব পৰীক্ষাসমুহ৷ শিক্ষা খণ্ডত পৰিৱৰ্তন সাধিবলৈ এই সিদ্ধান্ত চিবিএছইৰ৷  ব’ৰ্ডৰ সঞ্চালক আৰ কে চতুৰ্বেদীয়ে এই সন্দৰ্ভত কয় যে মুলতঃ দশম মানলৈ শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বঢ়াবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ছমহীয়া আৰু বছৰেকীয়া এই দুই ব্যৱস্থাৰ জৰিয়তে ষান্মাসিক পদ্ধতি অনুষ্ঠিত হ’ব৷ সমগ্ৰ দেশৰ ১৮ হাজাৰ চিবিএছইৰ অন্তৰ্গত বিদ্যালয়ত এই পদ্ধতি আৰম্ভ হ’ব৷ ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ষান্মাসিক পদ্ধতি প্ৰচলন হ’ব৷ এই পদ্ধতিৰ সহায়ত বিদ্যালয় সলনি কৰিবলৈও শিক্ষাৰ্থীসকলৰ বাবে উজু হ’ব৷ উক্ত ষান্মাসিক ব্যৱস্থাত  ছয়মহীয়া পৰীক্ষা ৮০ নম্বৰৰ হোৱাৰ উপৰিও কেতবোৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷