বিশেষ প্ৰতিবেদনঃ অৱশেষত অন্ত পৰিল এক বিশেষ অপেক্ষাৰ। বুধবাৰে সন্ধিয়া প্ৰায় ৬.০৪ বজাত সাধুকথাৰ জোনবাইজনীৰ বুকুত অৱতৰণ কৰি চন্দ্ৰযান-৩য়ে ৰচনা কৰিলে ইতিহাস। ইয়াৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা ভাৰত হৈ পৰিল বিশ্বৰ প্ৰথমখন দেশ। বিক্ৰম লেণ্ডাৰৰ ছফট লেণ্ডিঙৰ পিছত ৰভাৰ প্ৰজ্ঞানে তাৰ পৰা বিচ্ছিন্ন হৈ জোনৰ বুকুত ভ্ৰমণ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব। যোৱা ১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান-৩য়ে আজি সফলতাৰে ৪০ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি ইপ্সিত লক্ষ্যত উপনীত হয়।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী এছ সোমনাথে এই অভিযানৰ সফলতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিবাদন জ্ঞাপন কৰি দুআষাৰ ক’বলৈ কয়। সোমনাথে কয়, 'মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছো।’ 

ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে সম্প্ৰতি দক্ষিণ আফ্ৰিকাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে 'ইছৰো’ৰ বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰে। সকলোকে পৰিয়াল বুলি সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'যেতিয়া আমি নিজ চকুৰে এনে ইতিহাস গঢ়া দেখিবলৈ পাও, তেতিয়া আমাৰ জীৱন ধন্য হৈ পৰে। এনে ঐতিহাসিক ঘটনা ৰাষ্ট্ৰ জীৱনৰ চেতনাস্বৰূপ হৈ পৰে। এয়া অবিস্মৰণীয় ঘটনা। এই ক্ষণ অভিতপূৰ্ব। এই বিকশিত ভাৰতৰ শংখনাদৰ ক্ষণ। এই ক্ষণ নতুন ভাৰতৰ বিজয়ৰ ক্ষণ। এই ক্ষণ সমস্যাৰ মহাসাগৰ অতিক্ৰম কৰাৰ ক্ষণ। এই ক্ষণ জয়ৰ চন্দ্ৰপথত আগবাঢ়ি গৈ থকাৰ ক্ষণ। এই ক্ষণ ১৪০ কোটি হৃদস্পন্দনৰ ক্ষণ। এই ক্ষণ ভাৰতৰ নতুন শক্তি, নতুন চেতনাৰ ক্ষণ।’ 

তেওঁ আৰু কয়, 'ইছৰোৱে বছৰ বছৰ ধৰি ইমান কষ্ট কৰিছে। মই ১৪০ কোটি দেশবাসীক অভিনন্দন জনাইছো। আমাৰ বিজ্ঞানীসকলৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সমৰ্থ হৈছো, য’ত বিশ্বৰ কোনো দেশেই অৱতৰণ কৰিব পৰা নাই। এতিয়াৰে পৰা চন্দ্ৰৰ সৈতে জড়িত সেই কাহিনীবোৰ সলনি হৈ পৰিব আৰু নতুন প্ৰজন্মৰ বাবে নতুন কাহিনী গঢ় লৈ উঠিব।’

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও চন্দ্ৰযান-৩ৰ সাফল্যৰ পিছতে ইছৰোক অভিনন্দন জ্ঞাপন কৰে। এক টুইটত তেওঁ কয়, 'আজিৰ সাফল্যৰ বাবে অভিনন্দন। জোনবাইৰ দক্ষিণ মেৰুত ছফট লেণ্ডিং বিজ্ঞানীসকলৰ বছৰযোৰা পৰিশ্ৰম আৰু সাধনাৰ ফল।’ কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয়, '১৯৬২ চনৰে পৰা ভাৰতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত নতুন নতুন উপলব্ধি অৰ্জন কৰিবলৈ সমৰ্থ হৈছে আৰু সপোন পিয়াসী যুৱ প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে।’

প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই মুহূৰ্তটো নতুন শক্তি আৰু নতুন বিশ্বাসৰ। নতুন ভাৰতৰ বাবে এই মুহূৰ্ত। তেওঁ কয় যে অমৃতকালত নতুন অমৃতৰ বৰষুণ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পৃথিৱীত এটা সংকল্প লৈ চন্দ্ৰত সেই সংকল্প পূৰণ কৰিলো।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আমাৰ বিজ্ঞানীসকলে ‘ভাৰত এতিয়া চন্দ্ৰত’ বুলি কোৱাৰ দৰে আজি আমি মহাকাশত নতুন ভাৰতৰ নতুন উৰণৰ সাক্ষী হৈছো। ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মই দক্ষিণ আফ্ৰিকাত আছো। প্ৰতিজন দেশবাসীৰ দৰে মোৰো মনটো চন্দ্ৰযানৰ ওপৰত নিবদ্ধ হৈ আছিল। নতুন ইতিহাস ৰচনা হোৱাৰ লগে লগে প্ৰতিজন ভাৰতীয় উদযাপনত ডুব গ’ল, ঘৰে ঘৰে উদযাপন আৰম্ভ হ’ল। অন্তৰৰ পৰা, মোৰ দেশবাসীৰ লগতে মোৰ পৰিয়ালৰ লোকৰ লগতে এই উৎসাহ আৰু উৎসাহেৰে সকলো বিজ্ঞানীকে অভিনন্দন জনাইছো। টিম চন্দ্ৰযান, ইছৰ’ আৰু দেশৰ সকলো বিজ্ঞানীক আন্তৰিক অভিনন্দন জনাইছো। এই মুহূৰ্তৰ বাবে বছৰ বছৰ ধৰি ইমান কষ্ট কৰা ১৪০ কোটি দেশবাসীকো এই ঐতিহাসিক মুহূৰ্তৰ বাবে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ প্ৰতিভাৰে আমি সেই স্থানত উপনীত হ’লোঁ য’ত আজিলৈকে পৃথিৱীৰ কোনো দেশেই উপনীত হ’ব পৰা নাই। তেওঁ কয় যে চন্দ্ৰৰ সৈতে জড়িত তথ্যসমূহো এতিয়া সলনি হ’ব। তেওঁ কয় যে এতিয়া নতুন প্ৰজন্মৰ বাবেও প্ৰবাদ সলনি হ’ব। আমি পৃথিৱীক মাতৃ বুলি কওঁ, চন্দ্ৰক মাতৃৰ ভাতৃ (চান্দা মামা) বুলি কোৱা হয়। এসময়ত কোৱা হৈছিল যে চান্দা মামা দূৰণিৰ পৰা আহিছে, এতিয়া এনেকুৱা এটা দিনো আহিব যেতিয়া ল’ৰা-ছোৱালীয়ে ক’ব যে চন্দা মামাৰ ঘৰলৈ মাত্ৰ ৰিং এটাৰ বাট...।

জোনবাইৰ দিশে ভাৰতৰ প্ৰথম খোজ

১৯৯৯ চনত অনুষ্ঠিত ইণ্ডিয়ান একাডেমী অব ছায়েন্সৰ এক বৈঠকত প্ৰথমবাৰৰ বাবে ভাৰতৰ বৈজ্ঞানিক চন্দ্ৰ অভিযানৰ প্ৰস্তাব গ্ৰহণ কৰা হৈছিল। ২০০০ চনত এই প্ৰস্তাৱক দ্য এষ্ট্ৰনটিকেল ছ’চাইটি অব ইণ্ডিয়াই আৰু এখোজ আগবঢ়াই নিয়ে। লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে নেশ্যনেল লুনাৰ মিছন টাস্ক ফৰ্চ গঠন কৰে। ২০০৩ চনৰ এপ্ৰিল মাহত ১০০ৰো অধিক ভাৰতীয় বিজ্ঞানীয়ে এই বিষয়ে আলোচনাত মিলিত হয় আৰু টাস্ক ফৰ্চৰ প্ৰস্তাৱত অনুমোদন জনাই ভাৰতৰ চন্দ্ৰ অভিযানৰ পথ প্ৰশস্ত কৰে। 

বিজ্ঞানীমহলৰ এই সিদ্ধান্তৰ পিছত বিষয়তো চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অৱশেষত ২০০৩ চনৰ ১৫ আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ চন্দ্ৰ অভিযানৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিজ্ঞানীসকলক কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়। চৰকাৰৰ অনুমোদনৰ পিছতে বিজ্ঞানীসকলে কাম আৰম্ভ কৰে আৰু সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে ৫ বছৰৰ অন্তত সেয়া উৎক্ষেপণৰ বাবে সাজু কৰি তোলে।

২০০৮ চনৰ ২২ অক্টোবৰত পিএছএলভি-এক্সএল ১১ ৰকেটেৰে উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-১। ইয়াত ব্যয় হৈছিল ৩৮৬ কোটি টকা। ৰিম’ট ছেনছিং এই চন্দ্ৰযানখনৰ লক্ষ্য আছিল একমাত্ৰ উপগ্ৰহটোৰ কক্ষপথ। যানখনে কঢ়িয়াই নিছিল হাই ৰিজলুশ্যন ৰিম’ট ছেনছিং সৰঞ্জাম, ছফ’ট আৰু হাৰ্ড এক্স-ৰে ফ্ৰিকুৱেন্সি। চন্দ্ৰৰ পৃষ্ঠভাগৰ মানচিত্ৰ প্ৰস্তুতৰ বাবে জৰীপ, ৰাসায়নিক বৈশিষ্ট্য আৰু বায়ুমণ্ডলৰ ত্ৰিমাত্ৰিক ছবি সংগ্ৰহ আছিল এই অভিযানৰ লক্ষ্য। অধিক গুৰুত্ব দিয়া হৈছিল বৰফ আবৃত হৈ থকা বুলি অনুমান কৰি অহা মেৰু অঞ্চলত। এই অভিযানত চন্দ্ৰযানে ইছৰোৰ ৫ পেলোড (বিশেষ গৱেষণামূলক যন্ত্ৰাংশ)ৰ লগতে বিনামূলীয়াকৈ কঢ়িয়াই নিছিল নাছা, ইএছএ আৰু বুলগেৰিয়ান এৰ’স্পেচ এজেন্সীৰ পেলোড।

উৎক্ষেপণৰ প্ৰায় এপষেকৰ অন্তত ৮ নৱেম্বৰত চন্দ্ৰৰ কক্ষপথ পাইছিল চন্দ্ৰযান-১। ১৪ নৱেম্বৰত 'মুন ইম্পেক্ট প্ৰব’ চন্দ্ৰযানৰ পৰা বিচ্ছিন্ন হৈ আশা কৰা ধৰণে ইছোৰৰ নিয়ন্ত্ৰণত থাকিয়েই দক্ষিণ মেৰুত খুন্দা মাৰে। ইয়াৰ লগে লগে জোনৰ বুকুত জয়ধ্বজা স্থাপন কৰা চতুৰ্থখন দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সমৰ্থ হয় ভাৰত। চন্দ্ৰযান-১ৰ আন এক উল্লেখনীয় সফলতা আছিল চন্দ্ৰৰ মাটিত পানীৰ অণুৰ ব্যাপক উপস্থিতিৰ সম্ভেদ লাভ।

চন্দ্ৰৰ ৰহস্য উদ্ধাৰত চন্দ্ৰযান-১ বহু পৰিমাণে সফল হ’লেও আশা কৰা ধৰণে এই অভিযানক লৈ সন্তুষ্ট হ’ব পৰা নাছিল ইছৰ’। চন্দ্ৰযান-১ দুবছৰৰ বাবে চন্দ্ৰৰ কক্ষপথত থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু ২০০৯ চনৰ ২৮ আগষ্টত নিশা ৮ বজাত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰে চন্দ্ৰযান-১ৰ। এনেদৰে মাত্ৰ ৩১২ দিনতে অন্ত পৰে ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ। বিজ্ঞানীসকলৰ মতে যানখনে আৰু ১০০০ দিন চন্দ্ৰ কক্ষপথত থাকি ২০১২ৰ শেষৰফালে চন্দ্ৰৰ বুকুত পতিত হ’লহেতেন। কিন্তু ২০১৬ চনত নাছাৰ অনুসন্ধানত পোহৰলৈ আহে যে যোগাযোগ বিচ্ছিন্ন যানখন তেতিয়াও চন্দ্ৰৰ কক্ষপথতে আছিল।

জোনবাইৰ বুকুলৈ চন্দ্ৰযান-২

কিন্তু চন্দ্ৰযান-১ৰ শেষ ভাল নহ’লেও ভাগি পৰা নাছিল বিজ্ঞানীসকলে। ন উদ্যমেৰ পুনৰ আৰম্ভ হৈছিল এক নতুন চন্দ্ৰাভিযান পৰিকল্পনাৰ। ইছৰ’ৱে এইবাৰ অত্যাধুনিক প্ৰযুক্তিৰে চন্দ্ৰযান-২ জোনবাইৰ বুকুলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি চলায়।

চন্দ্ৰযান-১ উৎক্ষেপণৰ যো-জা প্ৰায় চূড়ান্ত হোৱাৰ সময়তে ২০০৭ চনৰ ১২ নৱেম্বৰত ইছৰোৱে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকম’ছৰ সৈতে চন্দ্ৰযান-২ প্ৰকল্পৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুযায়ী অৰবিটাৰ আৰু ৰভাৰৰ বাবে ইছৰো দায়ৱদ্ধ হ’ব আৰু লেণ্ডাৰৰ কাম কৰিব ৰাছিয়াই। সকলো দিশ চালি-জাৰি চাই ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মনমোহন সিং নেতৃত্বাধীন তেতিয়াৰ কেবিনেটে চন্দ্ৰযান-২ৰ প্ৰকল্পত অনুমোদন জনায় আৰু কাম আৰম্ভ কৰে। 

২০০৮ৰ ২২ অক্টোবৰত চন্দ্ৰযান-১ৰ সফল উৎক্ষেপণৰ পিছত ইছৰোৱে ৰছকম’ছৰ সহযোগত ২০০৯ চনৰ আগষ্টত দ্বিতীয়তো চন্দ্ৰ অভিযানৰ বাবে প্ৰেৰণ কৰিবলগীয়া যানখনৰ ডিজাইনিঙৰ কাম সম্পূৰ্ণ কৰি তোলে। সূচী অনুযায়ী চন্দ্ৰযান-২ উৎক্ষেপণৰ বাবে ইছৰোৱে পেলোডো সাজু কৰি তুলিছিল যদিও ৰাছিয়াই লেণ্ডাৰ সময়মতে সম্পূ্ৰ্ণ কৰি তুলিব নোৱাৰা বাবে ২০১৩ চনত অভিযান স্থগিত ৰাখিবলগীয়াত পৰে। ইয়াৰ পিছত উৎক্ষেপণৰ পৰৱৰ্তী সূচী ২০১৬ নিৰ্ধাৰণ কৰা হয় যদিও ২০১৫ পৰ্যন্ত ৰাছিয়াৰ পৰা আশানুৰূপ সহাৰি নোপোৱাত ইছৰোৱে নিজাববীয়াকৈ লেণ্ডাৰৰ কাম আৰম্ভ কৰি ২০১৯ত উৎক্ষেপণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

২০১৯ চনৰ ২২ জুলাইত সফল উৎক্ষেপণ কৰা হয় চন্দ্ৰযান-২ৰ। এই অভিযানৰ উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ বিষয়ে অধিক বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰা। চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ নিৰ্মাণ, মৌল আৰু খনিজ পদাৰ্থৰ বিতৰণ অধ্যয়ন, চন্দ্ৰৰ বহিঃমণ্ডল জুখি আৰু উচ্চ ৰেজোলিউচনৰ ছবি ধৰাৰ বাবে এই অৰ্বিটাৰত একাধিক উন্নত যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছিল।

কিন্তু অৰ্বিটাৰখনক চন্দ্ৰ কক্ষপথত সফলতাৰে স্থাপন কৰি পৃথিৱীলৈ তথ্য ঘূৰাই পঠিয়াই থকাৰ সময়তে অৱতৰণৰ সময়ত লেণ্ডাৰ বিক্ৰমে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত দক্ষিণ মেৰুৰ ওচৰত নিৰ্ধাৰিত ছফট লেণ্ডিভৰ কিছু মুহূৰ্তৰ পূৰ্বে বিক্ৰমে মিছন কণ্ট্ৰ’লৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।

ইছৰ’ৰ এই দ্বিতীয় চন্দ্ৰাভিযানো বিফল হ’লেও চন্দ্ৰযান-২ৰ অৰ্বিটাৰে চন্দ্ৰত বৰফৰ আৱিষ্কাৰ আৰু চন্দ্ৰপৃষ্ঠৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাকে ধৰি উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যাৰ ফলত এই অভিযান আংশিকভাৱে সফল হৈছে আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ক্ষমতাৰ প্ৰমাণ হিচাপে বিজ্ঞানীসকলক উৎসাহিত কৰিবলৈ সক্ষম হৈছিল।

ইছৰ’ৰ আন এক প্ৰয়াসঃ চন্দ্ৰযান-৩

চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ৰ আংশিক সফলতাৰ পিছত ন উদ্যমেৰে ইছৰ’ নামি পৰে মিছন চন্দ্ৰাভিযানৰ তৃতীয় পৰ্যায়ত। বিষেয়কৈ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত সফল ছফ্ট লেণ্ডিং কৰাত ব্যৰ্থ হোৱাৰ পিছতে ইছৰ’ই আন এক অৱতৰণ অভিযানৰ চেষ্টা চলোৱাৰ সিদ্ধান্ত লয়।

ইছৰ’ৱে জোনৰ বুকুত অৱতৰণ কৰি মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ অধিক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে ২০২০ চনতে চন্দ্ৰযান-৩ উৎক্ষেপণৰ পৰিকল্পনা কৰিছিল যদিও বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত উৎক্ষেপনত বিলম্ব হয়।

২০২৩ চনৰ ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় চন্দ্ৰযান-৩। এই মহাকাশযানখনত আছিল এখন লেণ্ডাৰ, প্ৰজ্ঞান ৰভাৰ আৰু এটা প্ৰপালচন মডিউল। বিক্ৰম নামৰ লেণ্ডাৰখনে ২৩ আগষ্ট অৰ্থাৎ বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে। তাৰ পিছতে লেণ্ডাৰৰ পৰা প্ৰজ্ঞান ৰভাৰ বিচ্ছিন্ন হৈ চন্দ্ৰপৃষ্ঠ অন্বেষণ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিব।

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ৰ মাজৰ পাৰ্থক্য

যদিও চন্দ্ৰযান-৩ ইছৰ’ৱে চন্দ্ৰযান-২ৰ দ্বিতীয় প্ৰচেষ্টা হিচাপে নিৰ্মাণ কৰিছে, তথাপিও এইবাৰ যাতে এই চন্দ্ৰাভিযান বিফল নহয়, তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছিল বিজ্ঞানীসকলে। বিশেষকৈ চন্দ্ৰযান-৩ৰ অৰ্বিটাৰ নাই। অৰ্থাৎ লেণ্ডাৰ আৰু ৰভাৰে যোগাযোগ আৰু নেভিগেচনৰ বাবে পৃথিৱীৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ইয়াৰ বিপৰীতে চন্দ্ৰযান-২ত এটা অৰ্বিটাৰ আছিল যিয়ে লেণ্ডাৰ আৰু ৰভাৰক যোগাযোগ আৰু নেভিগেচনত সহায় আগবঢ়াইছিল।

একেদৰে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ চন্দ্ৰযান-২ৰ লেণ্ডাৰতকৈ সৰু আৰু লঘু। সৰু লেণ্ডাৰটোৱে চন্দ্ৰত অৱতৰণ কৰাত সহজ কৰি তোলে আৰু লগতে মিছন বিফল হোৱাৰ আশংকাও হ্ৰাস কৰে বুলি মন্তব্য কৰিছে ইছৰ’ৰ বিজ্ঞানীয়ে।

চন্দ্ৰযান-৩ৰ ৰভাৰখনো চন্দ্ৰযান-২ৰ ৰভাৰতকৈ সৰু আৰু লঘু। কাৰণ চন্দ্ৰযান-৩ৰ ৰভাৰখন চন্দ্ৰৰ দক্ষিণ মেৰুৰ প্ৰত্যাহ্বানমূলক পৰিৱেশত কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ৰভাৰ সৰু হৈ পৰা বাবে চন্দ্ৰত পৰিবহণ আৰু তথ্য সংগ্ৰহ কৰাটো সহজ হৈ পৰিব।

চন্দ্ৰযান-৩ কিয় গুৰুত্বপূৰ্ণ?

আজিও ভাৰতৰ অধিকাংশ নাগৰিকে আকাশৰ জোনটোক দেৱতা বা ঈশ্বৰ বুলিয়েই মানি আহিছে। বৈজ্ঞানিক দৃষ্টিভংগীৰে এই মান্যতাক ভুল প্ৰমাণিত কৰিবলৈ এই চন্দ্ৰাভিযান অতি গুৰুত্বপূৰ্ণ। চন্দ্ৰ যে কোনো ঈশ্বৰ নহয়, বৰঞ্চ আমাৰ পৃথিৱীৰে এটা উপগ্ৰহ সেয়া প্ৰমাণ কৰিবলৈ চন্দ্ৰৰ ৰহস্য ভেদ কৰিব লাগিব। এনে কাৰণতে চন্দ্ৰযান-৩ ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে ই এক ডাঙৰ মাইলৰ খুঁটি। এই অভিযানৰ সফলতাই মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য প্ৰদৰ্শন কৰিব।

তদুপৰি এই অভিযানে বিজ্ঞানীসকলক চন্দ্ৰৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব। চন্দ্ৰযান-৩ৰ বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে চন্দ্ৰৰ পৃষ্ঠ, গঠন, আৰু ভূতত্ত্বৰ মূল্যৱান তথ্য লাভ কৰিব। এই তথ্যই বিজ্ঞানীসকলক চন্দ্ৰৰ গঠন আৰু বিৱৰ্তনৰ লগতে চন্দ্ৰত জীৱনৰ সম্ভাৱনাৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰিব পাৰে।

চন্দ্ৰযান-৩ অভিযান ভাৰতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ই দেশৰ ক্ৰমবৰ্ধমান বৈজ্ঞানিক আৰু প্ৰযুক্তিগত দক্ষতাৰ প্ৰমাণ। এই অভিযানৰ সফলতাই ভাৰতৰ মহাকাশ কাৰ্যসূচীত ডাঙৰ প্ৰভাৱ পেলাব আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিব। 

প্ৰজ্ঞান ৰভাৰ কেতিয়া বাহিৰলৈ ওলাব?

চন্দ্ৰযান-৩য়ে সফলতাৰে চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ পিছতে ইছৰোৰ মুৰব্বী এছ সোমনাথে এক সংবাদমেলৰ জৰিয়তে এই অভিযানৰ সৈতে জড়িত একাধিক গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰে। তেওঁ কয় যে বিক্ৰম লেণ্ডাৰত থকা ৰভাৰে চন্দ্ৰৰ বুকুত বিভিন্ন ধৰণৰ অধ্যয়ন কৰিব। এই ৰভাৰৰ নাম ৰখা হৈছে প্ৰজ্ঞান।

তেওঁ কয়, 'প্ৰজ্ঞান ৰভাৰে সোনকালেই বাহিৰলৈ আহিব আৰু ইয়াৰ বাবে এদিনৰো প্ৰয়োজন হ’ব পাৰে। ইয়াৰ পৰা একাধিক যন্ত্ৰও বাহিৰলৈ আহিব য’ত ৰম্ভাও আছে। ৰম্ভাই চন্দ্ৰৰ পৰিৱেশ সম্পৰ্কে অধ্যায়ন কৰিব। ৰভাৰ প্ৰজ্ঞানে দুটা গুৰুত্বপূৰ্ণ অধ্যয়ন কৰিব। প্ৰথমে লেজাৰৰ সহায়ত চন্দ্ৰপৃষ্ঠৰ মাটিৰ অধ্যয়ন কৰিব। ইয়াৰ লগতে মাটিৰ ৰসায়ন সম্পৰ্কে জানিবলৈকো চেষ্টা চলাব।’ 

সোমনাথে জনোৱা মতে এই অভিযানৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সময় আছিল উপগ্ৰহটোক কক্ষপথলৈ লৈ গৈ এৰি দিয়া আৰু তাৰ পিছতেই জোনৰ বুকুত ছ’ফট লেণ্ডিং কৰাটোও আছিল আন এক প্ৰত্যাহ্বান। তেওঁ এইক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহায় কৰা নাছাৰ লগতে অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন আৰু ইউৰোপৰ মহাকাশ সংস্থাসমূহকো ধন্যবাদ জ্ঞাপন কৰে। 

ছাত্ৰ-ছাত্ৰীক দেখুৱালে লাইভ

আজি অৰ্থাৎ ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত স্পৰ্শ কৰে চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ৰ এই দৃশ্য লাইভ সম্প্ৰচাৰণ কৰা হয় ডিডি নিউজ আৰু ইছৰ’ৰ ৱেবছাইটযোগে। সমগ্ৰ ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত এয়া। সেয়ে এই গৌৰৱৰ সাক্ষী হ’বলৈ আৰু চন্দ্ৰাভিযান সম্পৰ্কে শিৰ্ক্ষাৰ্থী সকলক শিক্ষা প্ৰদানৰ বাবে আজি সন্ধিয়ালৈকে বিদ্যালয় খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছিল প্ৰতিখন বিদ্যালয়ক। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মোবাইল, লেপটপ, কম্পিউটাৰ বা পৰ্দাত লাইভ দেখুৱাব লাগিব চন্দ্ৰযান-৩ৰ এই গৌৰৱময়ী যাত্ৰা।

সামাজিক মাধ্যমত শিক্ষা বিভাগৰ এই নিৰ্দেশক লৈ সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। প্ৰযুক্তিৰ ইমান অগ্ৰগতিৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে যিটো দৃশ্য ঘৰত বহিয়েই মোবাইল বা টিভিত চাব পাৰে, সেয়া চাবলৈ লঘোনে ভোকে সন্ধিয়ালৈকে বিদ্যালয়ত বহি থাকিবলৈ কিয় বাধ্য কৰাব লাগে বুলি একাংশই মত প্ৰকাশ কৰিছে।

তদুপৰি, আজিও অসমৰ গ্ৰামাঞ্চল আৰু মফচলীয়া এলেকাৰ বহু বিদ্যালয়ত লেপটপ বা কম্পিউটাৰ দূৰৈৰ কথা বিদ্যুৎ সংযোগেই নাই। বহু এনে গ্ৰাম্য অঞ্চল আছে, য’ত নাই নেটৱৰ্কৰ সুবিধা। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ত চন্দ্ৰযান-৩ৰ অভিযান লাইভ দেখুওৱাটো শিক্ষকৰ বাবে কেনেকৈ সম্ভৱ হ'ব বুলিও প্ৰশ্ন কৰিছে অনেকে। ইয়াৰ মাজতে অসমৰ বহু বিদ্যালয়ত সন্ধিয়ালৈকে থাকি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলৰ সৈতে চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰে।

চন্দ্ৰাভিযানৰ কৃতিত্ব বিচাৰে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

২০০৮ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰথমটো চন্দ্ৰাভিযানৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ড০ মনমোহন সিং। কিন্তু সেই সময়ত চন্দ্ৰযান-১ৰ এই অভিযানক লৈ বিশেয চৰ্চা হোৱা পৰিলক্ষিত হোৱা নাছিল। ইছৰ’ৰ কাৰ্যালয়তো বহি ৰোৱা নাছিল প্ৰধানমন্ত্ৰী ড০ সিং। কিন্তু ২০১৯ত যেতিয়া চন্দ্ৰযান-২ উত্ক্ষেপণ কৰা হৈছিল, সেই সময়ত সমগ্ৰ দেশত ইছৰ’ৰ বিজ্ঞানীতকৈ অধিক চৰ্চা চলিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বহু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও চন্দ্ৰযান-২ প্ৰধানমন্ত্ৰীৰ কৃতিত্ব বুলি অভিহিত কৰি প্ৰশংসাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছিল। 

আনকি ২০১৯ৰ ৬ ছেপ্টেম্বৰত যিদিনা চন্দ্ৰযান-২য়ে চন্দ্ৰৰ কক্ষপথৰ পৰা পৃষ্ঠলৈ যাত্ৰা কৰাৰ কথা আছিল, সেইদিনা নিশা ২ বজাতো ইছৰ’ৰ কাৰ্যালয়তে উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজ্ঞানীসকলক তেওঁ ধন্যবাদ জনাইছিল, অলক্ষিতে বা জানি বুজি এই চন্দ্ৰাভিযানৰ বাবে তেওঁ কৃতিত্ব বুটলিছিল বুলি সমালোচিত হৈছিল। এইবাৰ চন্দ্ৰযান-৩ৰ সফল উত্ক্ষেপণৰ পিছতো এয়া প্ৰধানমন্ত্ৰীৰ বাবেই সম্ভৱ হৈ উঠা বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু ব্যক্তিয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এয়া ২০১৯ৰ চন্দ্ৰযান-২ৰ সময়তকৈ কম বুলি বহুতে দাবী কৰিব খোজে।

এইবোৰৰ মাজতে সমগ্ৰ বিশ্বৰ বুকুত এক অনন্য ইতিহাস ৰচনা কৰি আজি গৌৰৱত উজ্বলি উঠিছে ত্ৰিৰংগাৰ দেশ ভাৰত। চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ছফট লেণ্ডিং কৰি বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হিচাপে আজি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত। এই বতৰাই আজি গৌৰৱাম্বিত কৰিছে দেশৰ প্ৰতিজন নাগৰিককে।