ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত স্থিতি সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে চীন৷ পাকিস্তানৰ সহায়েৰে চীনে কাশ্মীৰৰ সৈতে যোগসূত্ৰ স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰঙা চীনে।

উল্লেখ্য যে আধ্যাত্মিক গুৰু দালাই লামাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ পিছতে পোতক তুলিবলৈ কাশ্মীৰ বিষয়ত হস্তক্ষেপৰ ভাবুকি দিছিল চীনা চৰকাৰে। সেয়ে ভাৰতৰ সকিয়নি স্বত্বেও চীনে ইতিমধ্যে চীন-পাকিস্তানৰ মাজত অৰ্থনৈতিক কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ তাৎপৰ্যৰ কথা যে উক্ত কৰিডৰে বেইজিঙৰ সৈতে কাশ্মীৰক সংযোগ কৰিব৷

চীনৰ সংবাদ মাধ্যম গ্লোবেল টাইমছে প্ৰকাশ কৰিছে এই কথা৷ অৱেশ্যে সংবাদ পত্ৰিকাখনে প্ৰকাশ কৰে যে কাশ্মীৰ সমস্যাত মধ্যস্ততাকাৰী হিচাবে কাম কৰি যোৱাৰ ইচ্ছা আছে চীনৰ৷ উল্লেখযোগ্য যে এই কৰিডৰৰ সহায়ত চীনে আৰৱ সাগৰ আৰু হিন্দু মহাসাগৰৰ ওপৰতো প্ৰভুত্ব বিস্তাৰ কৰাক সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি৷

পাকিস্তান আৰু চীনৰ মাজৰ এই নতুন কৰিডৰে ভাৰতলৈ বিপদ মাতিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে আন্তৰাষ্ট্ৰীয় মহলে।