নলবাৰীঃ অসম কিক বক্সিং সংস্থাৰ অন্তৰ্গত নলবাৰী জিলা কিক বক্সিং সন্থাৰ উদ্যোগত আৰু নিজ পকোৱা কিক বক্সিং একাডেমিৰ সৌজন্যত দ্বিতীয় অসম ভিত্তিত আমন্ত্ৰণ মূলক মুকলি কিক বক্সিং চেম্পিয়নশ্বিপ-২০১৭ আৰু ষষ্ঠ সদৌ অসম আন্তঃ বিদ্যালয় কিক বক্সিং প্ৰতিযোগিতাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত নলবাৰীৰ পকোৱা হাইস্কুল খেল পথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ব্যক্ত কৰে সন্থাৰ জিলা সভাপতি ব্ৰজেন চৌধুৰীয়ে। প্ৰতিযোগিতাখনৰ বিষয়ে মূল বক্তব্য ৰাখে অসম কিক বক্সিং সংস্থাৰ সম্পাদক বিশ্বজিত কাকতিয়ে। ইফালে সংবাদ মেলত প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি মজিব  আলী, উপ সভাপতি ভবেশ শৰ্মা, সম্পাদক জয়ন্ত শৰ্মাই প্ৰতিযোগিতাখনত ৰাজ্যৰ তিনিশতাধিক দলে যোগদান কৰাৰ আশা প্ৰকাশ কৰে।