গুৱাহাটীঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বহু উন্নয়ণৰ ঢাক-ঢোল বজাই প্ৰতিদিনে বৰ বৰ কথা কৈ আহিছে যদিও শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা পঞ্জীয়নৰ নামত অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলেও শিক্ষা বিভাগৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে হেঙাৰ হৈ থিয় দিয়া দেখা যায়।

মন্ত্ৰীগৰাকীয়ে সংস্কাৰ সাধন কৰিবলৈ যিমানেই অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে, সিমানেই উন্মোচিত হ’ব ধৰিছে একাংশ বিদ্যালয়ৰ ফোঁপোলা স্বৰূপ৷ বিদ্যালয়ত দালালগিৰি চলাবলৈ লোৱা এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা যায়৷ শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে৷ শিক্ষামন্ত্ৰীজনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

তাৰ মাজতে এইবাৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা পঞ্জীয়নৰ নামত অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপন হৈছে কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ত৷ অভিযোগত প্ৰকাশ যে এইবেলি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫০,০০(এশ পঞ্চাশ)টকাৰ ধাৰ্য কৰে বিভাগে৷ কিন্তু একাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষই অধিক হাৰত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰাপ্ত অভিযোগত প্ৰকাশ যে কামৰূপ গ্ৰাম্য বিদ্যালয়ৰ পৰিদৰ্শক কাৰ্যালয় (আমিন গাঁও)ৰ অধীনৰ পাতিদৰং আঞ্চলিক হাইস্কুল, গাছবাৰী হাইস্কুল, বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাজনপাৰাস্থ অধ্যক্ষ হেমবৰুৱা, গোপালথান(লোক্ৰা গৰকা) আঞ্চলিক হাইস্কুল, উত্তৰ পাতিদৰং হাইমাদ্ৰাছাৰ কৰ্তৃপক্ষই ২৫০,০০ (দুইশ পঞ্চাশ) টকাকৈ সংগ্ৰহ কৰি আহিছে৷ বিদ্যালয় কতৃপক্ষৰ যুক্তি অনলাইন আৰু ছেবা কাৰ্যালয়ত অহা যোৱা খৰচৰ বাবদ অতিৰিক্ত কৈ লোৱা হৈছে ধন৷

মাহে মাহে চৰকাৰৰ দা-দৰমহা লৈ অহা বিদ্যালয়ৰ কৰ্তৃপক্ষই অনলাইন আৰু ছেবা কাৰ্যালয়ত যোৱাৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা এশ টকাকৈ অতিৰিক্ত ধন সংগ্ৰহ কৰা বিষয়টো সহজভাবে লব পৰা নাই অভিভাৱক আৰু সচেতন লোকে৷ এনে অনীতিৰ কাৰ্যত নিশ্চুপ হৈ আছে জাতীয় সংগঠনসমূহ৷ উল্লেখ যোগ্য যে, বিদ্যালয়ৰ মাচুলৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীয়ে যাতে আধাতে শিক্ষা সাং কৰিব নালাগে তাৰ ব্যৱস্থা কৰে চৰকাৰে৷ মাচুল ৰেহাইৰ ব্যৱস্থা কৰি কঠোৰ নিৰ্দেশনা দি আহিছে৷ তেনেসময়তে ৰাজ্যখনৰ বহু চৰকাৰী বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ধনৰে নিজৰ পকেট গৰম কৰাত উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷