ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ ফলত অস্বাভাৱিক ৰ’দ-বতাহ-বৰষুণ-বানপানীৰ লগতে মানুহৰ খং-ৰাগতো প্ৰভাৱ পেলাব পাৰে বুলি আপুনি জানি থওক।

মাৰ্কিন বৈজ্ঞানিকৰ গোট এটাই এই কথা শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ঘৰুৱা হিংসা, শাৰীৰিক-মানসিক আতিশায্য, বাহিৰা পৃথিৱীৰ হিংসাত্মক ঘটনা আদিৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক সমানুপাতিক।

এই অনুসিদ্ধান্ত বিতৰ্কিত হ’লেও চায়েন্স নামৰ বিজ্ঞান আলোচনীখনত প্ৰকাশিত গৱেষণামূলক লিখনীটোৰ মতে উষ্ণতাৰ সামান্য পৰিৱৰ্তনেই মানুহক হিংস্ৰ কৰি তুলিব পাৰে।

বিশেষকৈ ভাৰত আৰু অষ্ট্ৰেলিয়াত খৰাং পৰাৰ সময়ত হিংসাত্মক ঘটনা অধিক হাৰত সংঘটিত হোৱা বুলি লেখকে মন্তব্য কৰিছে।

গৱেষণামূলক প্ৰবন্ধটোৰ মূল লেখক চলমন হাচিয়াঙে ৬০ টা ভিন ভিন সমীক্ষাৰ লগতে ৪৫ টা ভিন্ন ডাটা ছেটৰ বিশ্লেষণ কৰি উক্ত সিদ্ধান্তলৈ অহা বুলি তাতে উল্লেখ কৰিছে।

তদুপৰি ঐতিহাসিক আৰু পৰিসংখ্যাৰ তথ্যৰ আধাৰতো বিষয়টো বিশ্লেষণ কৰা বুলি উল্লেক কৰিছে ইউনিভাৰ্চিটি অব কেলিফৰ্ণিয়া বাৰ্কলেৰ অধ্যাপকজনে।